Know the Q/A of Arrival of Europeans in India

ভাৰত বৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ী সকলৰ আগমন Europeans in India

অষ্টম শ্ৰেণী | সমাজ বিজ্ঞান | পাঠ -১২ | Class 8 | Social Science | Questions and Answers | Arrival of Europeans in India

১. চমু উত্তৰ লিখা Europeans in India

ক ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল?

উ:  ১৫৯৯ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল আৰু ১৬০০ খ্ৰীষ্টাব্দত ৰাণী এলিজাবেথৰ পৰা অনুমতি লাভ কৰিছিল ।

খ.) ভাৰত বৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?

উ: ১৪৯৮ খ্ৰীষ্টাব্দত ভাস্কো-ডা-গামাই ভাৰত বৰ্ষলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল ।

গ) ওলণ্ডাজ সকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গ টো সাজে?

উ: ওলণ্ডাজ সকলে ভাৰত বৰ্ষৰ পুলিকটত প্ৰথমটো দুৰ্গ সাজিছিল ।

ঘ) দ্বিতীয় চাৰ্লছে বোম্বাই ( মুম্বাই) কাক লীজত দিছিল?

উ: দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল ।

ঙ) কোনে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল ?

উ: মোগল সম্ৰাট ফাৰুখছিয়াৰে ।

২/ ক অংশৰ লগত খ অংশ মিলোৱা

ক অংশ                                     খ অংশ

কলম্বাছ                 পৰ্তুগীজ নাৱিক

উইলিয়াম হকিন্স          পৰ্তুগীজ ৰাজকুমাৰী

ভাস্কো-ডা-গামা                  বৃটিছ কটকী

দ্বিতীয় চাৰ্লছ                           ওলণ্ডাজ

পুলিকট                                      আমেৰিকা

উত্তৰ –

 ক অংশ                                          খ অংশ

কলম্বাছ                                             আমেৰিকা

উইলিয়াম হকিন্স                           বৃটিছ কটকী

ভাস্কো-ডা-গামা                             পৰ্তুগীজ নাৱিক

দ্বিতীয় চাৰ্লছ                                  পৰ্তুগীজ ৰাজকুমাৰী

পুলিকট                                           ওলণ্ডাজ

৩/ খালী ঠাই পুৰ কৰা  

ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।

খ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় ।

গ) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে মুম্বাই   ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।

ঘ) ১৭১৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে ।

ঙ) পণ্ডিচেৰী  ফৰাচী সকলৰ মুখ্য কাৰ্যালয় আছিল ।

৪/ সত্য/ অসত্য বিচাৰ কৰা

ক) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল । ❌

খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল ।✅

গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্হিত হৈছিল ।❌

ঘ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়াল সকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগ বিলাক সংকটত পৰিছিল ✅

ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।✅

৫/ ক) ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষত আগমনৰ কাৰণ সমুহ লিখা

উ:  ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষত আগমনৰ কাৰণ সমুহ হল

  • ভাস্কো-ডা-গামাই ভাৰতলৈ অহা নতুন জলপথ আৱিষ্কাৰ কৰাৰ লগে লগে বণিক সকলে ভাৰতলৈ অহাত সুবিধা হৈছিল
  • ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল , যাৰ বাবে তেওঁলোক সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিছিল ।
  • ভাৰতবৰ্ষত পোৱা কেঁচামাল বিশেষ কৈ মছলা আৰু ৰেছমৰ ব্যৱসায়ৰ জৰিয়তে ইউৰোপীয় সকল যথেষ্ঠ লাভবান হৈছিল।
  • ভাৰতবৰ্ষ ইউৰোপীয় সকলৰ কেঁচামাল ৰ ভাণ্ডাৰ আছিল আৰু সামগ্ৰী বিক্ৰীৰ বাবে এখন বিশাল বজাৰ আছিল
  • ইয়াৰ উপৰিও সাগৰীয় পথেৰে বস্তু আমদানি ৰপ্তানি কৰাত ভালেখিনি সুবিধা হৈছিল ।

খ) বাণিজ্যবাদ বুলিলে কি বুজা ? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পৰ্ক কি ?

উ:  বাণিজ্যবাদ হৈছে এনে এক ধাৰণা য’ত সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ জৰিয়তে সোণ , ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশ বোৰে গুৰুত্ব দিয়ে। Europeans in India

বাণিজ্য বাদ আৰু উপনিবেশ বাদ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । বাণিজ্য বাদেই হৈছে উপনিবেশবাদৰ জন্মদাতা । বেহা-বেপাৰৰ উদ্দেশ্য বণিক সকল ভাৰতলৈ আহিছিল আৰু ভাৰতত থিতাপি লৈছিল। কিন্তু লাহে-লাহে বেপাৰ বাণিজ্যৰ দোহাই দি বণিক গোষ্ঠীয়ে  ভাৰতীয় সকলৰ অৰ্থনৈতিক, সামাজিক,ৰাজনৈতিক সকলো দিশতে হস্তক্ষেপ কৰি উপনিবেশিক শাসন প্ৰতিষ্ঠা কৰিছিল ।

গ) ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজ সকলৰ প্ৰভাৱ আলোচনা কৰা

ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজ সকলৰ প্ৰভাব তলত আলোচনা কৰা হ’ল

  • ইউৰোপীয় বণিজ সকল ভাৰতলৈ অহাৰ পিছত নতুন পথ, সামৰিক ঘাটি, দুৰ্গ আদি নিৰ্মান হৈছিল
  • কেথলিক বেপাৰী সকলে ভাৰতীয় মহিলাৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল যাৰ বাবে সমাজিক তথা সাংস্কৃতিক পৰিবৰ্তন হৈছিল। বৰ্তমানেও গোৱাৰ সমাজ জীৱনত পৰ্তুগীজ সংস্কৃতিৰ প্ৰভাৱ দেখা যায় ।
  • ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ সকলো ক্ষেত্ৰতে যথেষ্ঠ প‌্ৰভাৱ পেলাইছিল । উদাহৰণ স্বৰূপে মুদ্ৰাৰ প্ৰস্তুত আৰু প্ৰচলন হৈছিল, বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল, ভাপ চলিত জাহাজৰ প্ৰচলন হৈছিল ।
  • ভাৰতৰ কুটীৰ শিল্প সমুহ ধ্বংস হৈছিল।
  • নতুন কৰ-কাটলৰ ব্যৱস্থা হৈছিল । ইত্যাদি। Europeans in India

অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

১. ইউৰোপৰ কোন কেইখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মুল ভিত্তি সাম্ৰাজ্যবাদ আছিল ?

উ: গ্ৰেট বৃটেইন, নেদাৰলেণ্ড, স্পেইন, পৰ্তুগাল, ফ্ৰান্স, ডেনমাৰ্ক আদি ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মুল ভিত্তি সাম্ৰাজ্যবাদ আছিল।

২. ইউৰোপৰ কোনবোৰ ৰাষ্ট্ৰ ই ভাৰতত বাণিজ্যৰ ঘাটি স্থাপন কৰিছিল ?

উ:  পৰ্তুগাল, নেদাৰলেণ্ড, গ্ৰেট বৃটেইন আদি ইউৰোপীয় ৰাষ্ট্ৰ‌ই ভাৰতত বাণিজ্যিক ঘাটি স্থাপন কৰিছিল।

৩. ইউৰোপীয় ব্যৱসায়ী বোৰৰ ভিতৰত ভাৰতত পোনপ্ৰথমে কৰে বণিক সকল আহিছিল?

   উ:  পৰ্তুগালৰ বণিক সকল

৪.ওলণ্ডাজ সকলে কৰ পৰা ভাৰতলৈ আহিছিল ? আৰু  প্ৰথমটো দুৰ্গ কত সাজিছিল?

উ: ওলণ্ডাজ সকল নেদাৰলেণ্ড ৰ পৰা ভাৰতলৈ আহিছিল আৰু পুলিকটত তেওঁলোকৰ প্ৰথম টো দুৰ্গ সাজিছিল।

Leave a comment