ভগ্ন সপোন
An Assamese Story Bhogno Xopun
ভগ্ন সপোন
জীৱনৰ কোন কেকুৰিত , কত কেনেকৈ কি আউল লাগি যায় কোনে জানে..? তথাপিও জীৱন টো যে বহুতেই বেছি ধুনীয়া। হাৰি-হাৰিও জীৱন ৰ আউল লগা হিচাপে বোৰ মিলাই আজি মেঘাই নিজকে প্ৰতিষ্ঠিত কৰিছে , সমাজৰ চকুত নহয়, তাইৰ নিজৰ চকুত নিজকে…। মেঘা মানে মোৰ best friend. হোষ্টেলত তিনিটা বছৰ মই তাইৰ লগত আছো। আমাৰ মাজত কিমান যে top secret আছে নহয়…. আৰু বহুতো story.. আমাৰ দুয়োৰে মাজত এনেকুৱা কোনো কথা নাই যিটো তাই বা মই নাজানো। দুয়ো দুয়োৰে বাবে এখনি খোলা কিতাপ। ভগৱানকো মানিব লাগিব কিন্তু দেই, যোন যেনেকুৱা, তেনে মানুহকে সংগী হিচাপে মিলাই দিয়ে।
তাই যেতিয়া প্ৰথম হোষ্টেল আহিছিল, আয়ৈ দেহি একেবাৰে বুধ্বু আছিল, I mean যিয়ে যিটো কয় সেইটোকে সঁচা বুলি ভাবি লোৱা, একেবাৰে মানে পিন্ধন ওৰন ,সকলো ফালৰ পৰা সহজ-সৰল but smart , cute and talented আছিল বাৰু। আচলকথা টো হ’ল মেঘা যেনেকুৱা বাহিৰৰ পৃথিৱী খন টো তেনেকুৱা নহয়, so মই তাইক কিমান যে motivation দিছিলোঁ… তাইয়ো মোক motivation দিছিলে.।
মোৰ যে মোবাইল টো একেবাৰে space full হৈ গৈছে, ভাবিলো ফটো কিছুমান delete কৰি দিওঁ। হঠাতে মেঘাৰ ফটো খন দেখি মনত পৰি গ’ল..তাই এটা কথা মোক প্ৰায়েই কৈছিল. “Broken but beautiful” yes, টুকুৰা বোৰ জোৰা লগাই-লগাই সজা জীৱনৰ নাওখন সঁচাই ধুনীয়া। তাইৰো জীৱনত কম struggle আছিল নে…? Even মোৰো। এইবোৰৰ মাজতে আমি হাঁহিছিলো, কান্দিছিলো, দুখৰ সময়ত দুয়ো দুয়োকে সান্তনাও দিছিলোঁ, আৰু পঢ়া-শুনা ও সমান্তৰালকৈ চলিছিল ।তাৰ পিছত ডিগ্ৰী complete হ’ল, হোষ্টেল এৰিলোঁ। ডিগ্ৰীcomplete হ’বৰ আজি সাত বছৰেই হ’ল। এতিয়া মেঘা মেঘাৰ জীৱনৰ লগত ব্যস্ত আৰু মই মোৰ জীৱন ৰ লগত। কথা-বতৰা এতিয়াও চলে আমাৰ মাজত। মেঘা অহা সোমবাৰে গুৱাহাটীত আহিব কিবা হেনো গুৰুত্বপুৰ্ণ কথা আছে, মোবাইলটো কব নোৱাৰি। আহিলে নিশ্চয় লগ পাম।
Assamese-Story |
আজি সোমবাৰ, মেঘা আহিব। মোলৈ ফোন এটা কৰি সময় টো জনালে। মইয়ো ধুনীয়াকৈ সাজি-কাচি ওলাই গলো। দুয়ো দিঘলী পুখুৰী পাৰ্কত লগ হলো। মনটো আজি বহুত ফৰকাল লাগিছে। কিমান দিনৰ জুমুৰি দি থকা কথাবোৰ আজি বৰষুন হৈ নামিব। দুয়ো ধুনীয়াকৈ বহি ললো।
পানী এধোক খাই, বটলৰ খাফৰ টো বন্ধ কৰি মেঘাই কৈ গ’ল….. “তই টো জানই নন্দিনী মোৰ জীৱন গাঁথা। তোৰ পৰানো আৰু কি লুকুৱাম। মোৰ প্ৰথম প্ৰেম হেৰুৱাই মই কিমান ভাগি পৰিছিলো, তই মোক কিমান বুজাইছিলি। তাৰ পিছত যেনি-তেনি নিজকে চম্ভালি আগবাঢ়িলো। আৰু পিছত অনুজৰ লগত চিনাকি, লাহে-লাহে বিশ্বাস বোলা শব্দটো আদৰি লৈছিলো। আৰু তাৰ পিছত আমাৰ বিয়া হ’ল। আৰু নন্দিনী তই টো এইটো গম পাৱ যে মই কিমান কষ্ট কৰি পঢ়া-শুনা কৰিলো, M.A কৰিB.Ed পৰীক্ষা কিমান দিলো, but general caste কাৰনে কিমানpercentage লাগে ,চৰকাৰী B.Ed কলেজ এখনত চিত এটা পাবলৈ। প্ৰাইভেটকৈ পঢ়ুৱাবও টো দেউতাৰ ইমান সামৰ্থ নাছিল। আৰুটো ঘৰুৱা সমস্যা বোৰ আছেই। তাৰ মাজতে কিমানৰ বু-বু বা-বা। ইমান percentage লৈfirst class লৈ মই চৰকাৰী চাকৰি এটা নাপালোঁ। হাৰে মই কিবা চেষ্টা নকৰাকৈ আছিলো নেকি…? তইয়ে ক…?
মই কলো- “মই জানো অ মেঘা। তোৰ আটাই বোৰ কথাই জানো। তই কিমান সংগ্ৰাম কৰিছ। কিমান ধৈৰ্য ধৰিছ। । আৰু কিমান কষ্ট কৰি আজি তই কাৰো তলত নাথাকি নিজকে প্ৰতিষ্ঠিত কৰিছ। অন্তত টোৰ পঢ়া-শুনা খিনি ,তোৰ অভিজ্ঞতা বোৰ অথলে যোৱা নাই , তই সফল হ’বই লাগিব”।
Assamese-Story |
মেঘাই কৰে.. “কিন্তু কিয়, নন্দিনী তাৰ পিছতো মোৰ জীৱনত মই সুখ খিনি কিয় নাপাওঁ। আজি অনুজেও কাৰো অধীন নোহোৱাকৈ নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু মইয়ো। কিন্তু তাৰ পিছতো কিয় হিচাপে বোৰ আউল লাগি যায় নন্দিনী…! আজি আমাৰ বিয়া হ’ব চাৰি বছৰ হ’ল , কিন্তু আমাৰ কোনো সন্তান নাই। এইটো কথাকে লৈ আমাৰ মাজত কাজিয়া। অনুজৰ মাকে টো আৰম্ভণিতে আমাৰ বিয়াত মান্তি হোৱা নাছিল, কাৰন মোৰ গাৰ বৰণ ক’লা, মই দেখাতো ধুনীয়া নহয়, আৰু আমাৰ ঘৰৰ লগত সিঁহতৰ standard নিমিলে। ইমান বোৰ বাধাৰ পিছতো অনুজ আৰু মোৰ বিয়া খন হ’ল। But লাহে-লাহে সকলো সলনি হ’ল। অনুজে মোক এতিয়া আগৰ নিচিনা ভাল নাপায়, মৰম নকৰে। টক-পইচাৰ এতিয়া অভাৱ নাই সঁচা, কিন্তু মনৰ সুখ একেবাৰেই নাই অ’ নন্দিনী”
মেঘাই ৰুমাল খনেৰে চকুপানী খিনি মচি ললে। মই কলো-.. “নাকান্দিবি চোন মেঘা, তইয়ে চোন কৈ থাকিছিলি broken but colourful and beautiful বুলি। এতিয়া পাহৰিলি…? বুধ্বু
মেঘাই কৈ গ’ল.. “জানো অ’ নন্দিনী, but মই আৰু কিমান ধৈৰ্য ধৰিম ক’ । মানুহ বোৰ জাননে অক্টোপাচৰ নিচিনা, ঠাই ভেদে ৰং সলাই। আজিকালি অনুজে তাৰ কোম্পানীৰ personal assistant জনীৰ লগতে সময় কটায়, একেলগে অফিচ যোৱা, অহা সকলো বোৰ। আনকি সকলো কথাও share কৰে। But মোৰ তাত কি কমি আছে ক’। সন্তান হীনা বাবে অনুজ হতৰ ঘৰখনক লৈ সমাজে বু-বু-বা-বা কৰে, আৰু দুখৰ কথা এইটো যে অনুজ হতৰ ঘৰখনে ইয়াৰ প্ৰত্যুত্তৰ নিদিয়ে , বৰঞ্চ মোক কটু কথা শুনাই। তোক আজি কিয় লগ কৰিব আহিলো জান’ অনুজে যোৱাকালি ৰাতি মোৰ লগত কাজিয়া কৰিছে, অনুজৰ মাকেও মোক বেয়া ব্যৱহাৰ কৰিছে, এইবোৰ মই সহ্য কৰিয়ে আছিলো বহুদিন, আমাৰ ঠন ধৰি উঠা সংসাৰ খনৰ স্বাৰ্থত। কিন্তু ডাঙৰ কথাটো কি জান’ অনুজ আৰু মোৰ divorce হ’ব গৈ আছে , অহা সপ্তাহত। বাৰে-বাৰে মোৰ লগত কিয় এনেকুৱা হয়, মোৰ দোষ, মোৰ ভাগ্যৰ দোষ, নে মই মানুহ চিনাত ভুল কৰো…!
তাই হুকহুকাই কান্দিব ধৰিলে। মই চকুপানী বোৰ মচি দিলো তাইৰ।
মই আচৰিত হৈ গলো তাইৰ কথা বোৰ শুনি, তাইক সান্তনা দিব পৰাকৈ শব্দ নাছিল মোৰ ওচৰত।
মোবাইলৰ লক টো খুলি অনুজলৈ ফোন লগালো, তাকো অলপ বুজাই দিওঁ যে আচলতে জীৱন মানে কি….!
03/03/2021