One of the vest Assamese Poem -Bixakto Xomoi

বিষাক্ত সময়

  সময় বোৰ এতিয়া বিষাক্ত,

  বিষৰ দাবানলত দগ্ধ মানৱ জাতি।

 ক’ৰনাৰ বিভীষিকা,

 জনতাৰ পেটত গাথি,

 এচামৰ পকেট ভৰ্তি।

 প্রতি ঘৰে-ঘৰে জীৱন সংগ্রামৰ কাহিনী।

 দুচকুত সোনালী সপোন

 দুটি ওঁঠত ফুলিব হাঁহিৰ ফুল। Assamese poem

 

 

  এইবাৰ পৃথিৱী আৰু মানুহৰ মাজত বন্ধুত্ব হ’ব,

  মানুহে বুজিব পৃথিৱীৰ দূখ

 পৃথিৱীয়ে দিব মানুহক সূখ।

অনুভৱ Assamese poem

কিবা এটা যেন আউল লগা

গনি-পিতি ও হিচাপ নোপোৱা এটা অংক।

ভাগৰি পৰিছো মই…..

মোৰ হৃদয়ে যুঁজি যুঁজি অৱশ হৈ পৰিছে….

তথাপিও আউল লগা প্রশ্নবোৰৰ

উত্তৰ নাই পোৱা বিচাৰি।

মোৰ হৃদয়ে এতিয়া বুজিবলৈ অপৰাগ

ভাল লগা আৰু বেয়া লগাৰ অনুভৱ।

ক’ৰবাত যেন কিবা এটা ভূল..

ক’ৰবাত যেন কিবা এটা শুদ্ধ..

এই ভূল-শুদ্ধ বিচাৰি

শব্দ বোৰেও এতিয়া বাট হেৰাইছে।

হৃদয় খন মোৰ এতিয়া ক্লান্ত,

উশাহ বোৰ এটি এটি দীঘল হুমুনিয়াহ।

কথাৰ কাহিনী

শব্দ বোৰে কণ্ঠত প্ৰাণ পাই কথাৰ ৰূপ লয় |

কথাবোৰৰ আকৌ হাজাৰ টা প্ৰকাৰ,

ভাল লগা কথা, বেয়া লগা কথা,

খং উঠা কথা, খং নুঠা কথা, অভিমান ভৰা কথা,

ৰোমান্টিক কথা ,দুখৰ কথা, সুখৰ কথা….।

মুঠৰ ওপৰত অগনণ কথা……!

এই কথাৰ মায়াজালত আমি বন্দী ।

কথাৰো অতীত, বৰ্তমান আৰু ভবিষ্যত আছে,

অতীতৰ কথা মানে সফলতা, বিফলতাৰ বৰ্তমান সাক্ষী

নাইবা বুৰঞ্জীৰ সোনালী বা এক কলা অধ্যায়।

বৰ্তমানৰ কথা বোৰ বাস্তব, কতিয়াবা তিতা কেতিয়াবা মিঠা

ভবিষ্যতৰ কথাই আকৌ জীৱনত সপোন দেখাই,জীৱন জীয়াব শিকাই।

কথাই জীৱন ভাঙে- পাতে, কথাই জীৱন গঢ়ে।

কথাই নৱ জাগৰণৰ সৃষ্টি কৰে।

কথাৰ পৃথিৱী খনৰ আকাৰ মকৰা জালৰ দৰে

আং বাং বেবেৰিবাং…….!

দৃষ্টি Assamese poem

আকাশ খন মাটি খিনি, সেউজীয়া বোৰ নাইবা

সমস্ত ধৰনী খনেই ভিন্ন ভিন্ন জনৰ দৃষ্টিত।

এই যে গধূলি এন্ধাৰ নামে আকাশত তৰা জিলিকে

এই তৰা টো মোৰ বাবে দূৰ আকাশৰ এটি জিলিকা তৰা

যত মই মোৰ কবিতাৰ শব্দ বিচাৰি পাও।

কোনোবা দূৰ্ভগীয়া প্ৰেমিকৰ বাবে

সেই জিলিকা তৰা টো তাৰ আধাতে মৰহি যোৱা এপাহি ফুল।

আৰু কোনোবা জ্যোতিষীৰ বাবে সেইয়া এক কৌতূহল

যত লুকাই আছে হেজাৰ ৰহস্য।

এই যে সৌ দুৰণিৰ পাহাৰ খন

মোৰ বাবে সেউজীয়া সৌন্দর্য্যৰ আকৰ,

কোনোবা ভূ-তত্ব বিদৰ বাবে সেইয়া

প্ৰাকৃতিক সম্পদৰ ভড়াল।

এই যে বৈ থকা নদীখন বা বহল বুকুৰ সাগৰ খন

মোৰ বাবে নিসংগতাৰ সংগী, জীয়াই থকাৰ প্রেৰণা।

কোনোবা গবেষকৰ বাবে সেইয়া     

বহু গবেষণাৰ বাস্তৱ সাক্ষী।

মোৰ আৰু আপোনাৰ দৃষ্টি ভিন্ন ক্ষেত্রত ভিন্ন।

এই ভিন্নতাই ৰামধেনু বুলিয়া পৃথিৱীৰ জন্ম দিছে,

যত, তুমি মই আৰু আপুনি

ভিন্ন ৰঙৰ আবিৰ সানিছো ।

জীৱন এক উকা কেনভাচ Assamese poem

জীৱনৰ জোনাকী বাটত ছবি আঁকিছিলো

ভাল লগা বোৰৰ…।

তাত ৰং আছিল বহুত,

ৰঙা, হালধীয়া, সেউজীয়া।

কিছুমান বিশেষ মুহুর্তত

ৰং বোৰৰ সংমিশ্রনেৰে

আকি গৈছিলো বিশেষ কিছুমান চিত্র,

জীৱনৰ উকা কেনভাচত।

এতিয়া যদি তাৰ অস্তিত্ব বিচাৰি যা্ঁও

ওভতাই পাও মাথো শুকাই যোৱা ৰং বোৰ

নিৰস কেনভাচৰ নীৰৱ ছবি বোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *