An Assamese Poem – Baowna aru Chandra

বাওনা আৰু চন্দ্র 

 

কথা এষাৰি ঘপককৈ মনত পৰি গ’ল,

বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা।

জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য,

কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য।

বাওনা হলো বুলিয়ে

মোৰ মনটো টো বাওনা নহয়।

বাওনা হলো বুলিয়ে

মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..?

বাওনা হলো বুলিয়ে

মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..?

পিঠিত ডেউকা দুখন গুজি

সপোনৰ ঠাইলৈ উৰি যাবলৈ..?

মোৰো মন যায়।

মই ভাবো, মই কল্পনা কৰো,

মই সপোন দেখো,

কাৰণ মই জানো, মোৰ বিশ্বাস আছে,

কল্পনাৰ পৰাই বাস্তৱৰ সৃষ্টি হয়।

বাওনা হৈও কল্পনাৰ হাতেৰে

চন্দ্রটো চুই চাব পাৰি।

 

দোমোজা

মানুহে কয়, ছোৱালী মানুহ আবুৰত থাকিব লাগে

বাস্তৱত দেখো অৰ্ধউলংগৰ হে আদৰ বেছি।

আইনে সকীয়াই

যৌতুক দিয়া-লোৱা অপৰাধ।

বাস্তৱত দেখো

কোনে কিমান দামী ফাৰ্ণিচাৰ নিব

তাৰহে প্রতিযোগিতা।

মানুহে কয়,

ল’ৰা-ছোৱালী সমান।

কিন্তু, অফিচৰ পৰা গধূলিকৈ অহা

ছোৱালীজনীয়ে কিয় বাৰু হেৰাই

তাইৰ সতীত্ব।

সমাজে কয়,

বোৱাৰী ঘৰৰ লক্ষী।

বাস্তৱত দেখো বোৱাৰী জনীয়ে

কঢ়িয়াই লৈ ফুৰে কোনেও নেদেখা

এবুকু যন্ত্ৰনা।

সময় আৰু মানুহ

সময় সলনি হয় নে মানুহ…

সময়বোৰ টো একেই থাকে,

ৰাতিপুৱাৰ ৰঙা বেলিটোৱে

দিনটোৰ পাতনি মেলে।

আকৌ বেলি ডুবে,

নতুন দিনৰ আৰম্ভনিৰ প্রতিশ্রুতি লৈ।

লাহে-লাহে এন্ধাৰ নামে,

সকলোৱে ঘৰমুৱা পখী হৈ উভতে।

সূখ-দুখ, পোৱা-নোপোৱাৰ

হিাচাপ-নিকাচ হয়

এন্ধাৰ ৰাতিৰ গভীৰতাৰ সৈতে।

এইদৰেই সময় গৈ থাকে

প্রকৃতিৰ নিয়ম মানি,

সলনি নোহোৱাকৈ।

লাহে-লাহে মানুহে

নতুনত্ব বিচাৰে জীৱনত।

জীৱনৰ পিছত দৌৰি-দৌৰি

মানুহ সলনি হয়।

আৰু প্রকৃত মানুহ জন নিজেই নজনাকৈ

ক’ৰবাত হেৰাই যায়।

এটি হুমুনিয়াহ

এটি দীঘল হুমুনিয়াহ হৈ

সমস্ত প্রশ্নবোৰৰ উত্তৰ

বতাহত বিলীন হৈ গ’ল।

ক্ষন্তেক সময়ৰ বাবে কিছু শান্তি।

        আকৌ কিছুসময় পিছতেই

        হঠাতেই হেৰাই যোৱা জোনটোৰ

        অনুপস্থিতিৰ বতৰা হৃদয়ত।

আকৌ এটি দীঘল হুমুনিয়াহৰ সৈতে

সমস্ত ভাল পোৱা বোৰ

ক’ৰবাত হেৰাই গ’ল।

ভগ্ন হৃদয়

ৰূপে কি কৰে, গুনেহে সংসাৰ তৰে,

ৰূপ গুনৰ যুদ্ধত ,ৰূপৰ ফালেহে ওজন বাঢ়ে,

বিশ্বাস শব্দ টো টুকুৰা-টুকুৰ হৈ ভাঙে।

আকৌ এবাৰ হৃদয় খন

জোৰা লগোৱাৰ তাড়নাত

জীৱনৰ গতি আৰম্ভ হয়।

জীৱন বাটৰ শুকান পাতৰ

মৰ্-মৰ্ শব্দই সোঁৱৰাই

অতীতৰ বুকু ভঙা চিঞৰ।

আকৌ, সেউজীয়া কোমল কুঁহিয়ে

হাত বাউলি মাতে নতুন পৃথিৱী খনলৈ।

ৰাস্তা হৈ পৰে হাজাৰমুখী,

জীৱনৰ কেনা টো ইয়াতে লাগে।

কোনোৱে হয়তো উদিত কিৰণৰ

আাভাৰে মুখৰিত।

আৰু কোনোৱে অস্তৰাগৰ

ধুৱলী-কুৱলীৰ মাজত আতংকিত।

কাল্পনিক কেনভাচ

মই জানো

আকাশ খনৰ কোনো বাস্তৱ অস্তিত্ব নাই, মেঘবোৰৰো নাই।

তথাপি ,

আকাশ খন, মেঘবোৰ হাতেৰে চুই চোৱা হেঁপাহ।

মোৰ কল্পনা বোৰো অবাস্তৱ ।

মই জানো ।

তথাপি…..!

কাল্পনিক কেনভাচ

অবাস্তৱ কল্পনাৰ পৃথিৱী খনৰ

কাল্পনিক কেনভাচত ছবি আঁকি ভাল লাগে,

মোৰ ঠুনুকা মন‌ টো জীপাল হয়।

আজিকালি মানুহ বোৰ আকৌ প্ৰেকটিকেল,

আবেগ, মৰম-ভালপোৱা এইবোৰ অবাস্তৱ

আকাশ আৰু মেঘবোৰৰ দৰে,

তুমি দেখিবা ঠিকেই,

কিন্তু বাস্তৱত ভিত্তি হীন অথবা যুক্তিহীন।

তথাপি…….!

কল্পনাৰো ৰং আছে ,

অবাস্তৱ বুলি জানিও

বাৰে-বাৰে মনলৈ অহা সপোন বোৰৰ

শুকান হৃদয় খন

সেউজীয়া কৰাৰ শক্তি আছে।

Leave a comment