Best Understand Cryptocurrency in Assamese

যুগৰ পৰিবৰ্তনৰ লগে লগে মুদ্ৰাৰ ৰূপৰো পৰিবৰ্তন হৈছে । আজি একৈশ শতিকাৰ মুদ্ৰাৰ ৰূপ টো এক virtual form লৈ পৰিবৰ্তন ঘটিছে । এই virtual form টো কি হ’ব পাৰে অনুমান কৰিব পাৰিচানে… ?  এই ৰূপ টোক বৰ্তমান cryptocurrency নামেৰে জনা যায়।

বৰ্তমান এক digital revolution অৰ সূচনা হৈছে । Interesting কথাটো কি জানা..? এই digital পৃথিৱী খনত আমি কম্পিউটাৰৰ Network ৰ জৰিয়তে প্ৰত্যক্ষ ভাবে হ‌ঁওক বা পৰোক্ষ ভাবে হঁওক সংলগ্ন হৈ আছো । আৰু এইদৰেই বিশেষজ্ঞ সকলৰ মনত digital money ৰ ধাৰণা টোৰ অৱতাৰণা হৈছে । এই digital money কে cryptocurrency নামেৰে নামকৰণ কৰা হৈছে । Crypto শব্দৰ অৰ্থ হৈছে “গোপন”(secret) ।

Cryptocurrency ৰ ধাৰণা টো 2009 চনত পোন প্ৰথম বাৰৰ বাবে প্ৰকাশিত হৈছিল । Cryptocurrency ৰ ক্ষেত্ৰত আমি সচৰাচৰ শুনিবলৈ পোৱা এটি শব্দ হ’ল Bitcoin । বৰ্তমান digital বজাৰ খনত বিভিন্ন ধৰণৰ crypto currency পোৱা যায় । কিছুমান most popular cryptocurrency হ’ল  – Bitcoin , Dogecoin, Ethereum and Ripple ।

এই সম্পৰ্কে বিতংকৈ পিছৰ পৰ্যায়ত আলোচনা কৰা হৈছে ।

Cryptocurrency কোনো physical product নহয় । তুমি ইয়াক কেতিয়াও হাতেদি চুই চাব নোৱাৰা । মুদ্ৰাৰ নিচিনাকৈ হাতত ল’ব নোৱাৰা । মই যদি এটা উদাহৰণ দিওঁ ইয়াৰ ধাৰনা টো তুমি সহজে বুজি পাবা। আমি নিশ্চয়  Flipkart  অত shopping কৰি পাইছোঁ । প্ৰতিবাৰ এক নিৰ্দিষ্ট পৰিমানৰ shopping কৰাৰ ফলত আমি super coin earn কৰো । এই super coin বোৰ এক প্ৰকাৰৰ digital money যাৰ এক নিৰ্দিষ্ট value আছে । আৰু এই super coin আমি আকৌ shopping কৰিলে add কৰি cash প‌ইচাৰ পৰিমান কিছু কমাব পাৰো । Cryptocurrency ও super coin ৰ নিচিনা এক digital money । কিন্তু cryptocurrency আৰু super coin ৰ মাজত পাৰ্থক্য আছে ।

আৰু এটা interesting কথা কি জানা..? Cryptocurrency ৰ মূল্য maintain কৰিবলৈ কোনো Central Authority নাই । যেনে আমাৰ ভাৰতৰ মুদ্ৰা ব্যৱস্থাটো ৰিজাৰ্ভ বেংক নিয়ন্ত্ৰণ কৰে , ঠিক এনেদৰে cryptocurrency নিয়ন্ত্ৰণ কৰিবলৈ কোনো Central Authority নাই ।

Cryptocurrency transaction সমূহ internet ৰ জৰিয়তে crypto users বোৰৰ মাজত বিতৰণ হৈ থাকে । Crypto currency ব্যৱস্থাৰ মূল ভেটি হ’ল মুদ্ৰা ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ । য’ত টকা প‌ইচাৰ নিয়ন্ত্ৰণ কোনো একক স্বত্বাধিকাৰীৰ হাতত নাথাকে ।

মুদ্ৰাৰ বিকাশ

বলাচোন এবাৰ মুদ্ৰাৰ ইতিহাসলৈ যাওঁ । ঐতিহাসিক কালত বিনিময় প্ৰথাৰ প্ৰচলন আছিল । এইয়া আমি সকলোৱে জানো নহয়নে ? মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিল । প্ৰধানকৈ ধান আৰু ঘেঁহু আছিল বিনিময়ৰ এক প্ৰধান মাধ্যম । এই প্ৰথাত পিছলৈ কিন্তু বহু অসংগতিয়ে দেখা দিছিল ।

সেইবাবে , মানুহে কিছুমান মূল্যবান আৰু দীৰ্ঘদিনলৈ সংৰক্ষন কৰিব পৰা ধাতু যেনে – সোণ, ৰূপ ইত্যাদি বস্তু কিনা-বেচাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ল’লে । কিন্তু,এনে মূল্যবান ধাতু বোৰ সকলো ঠাইলৈ সকলো সময়তে কঢ়িয়াই লৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছিল।

সেইবাবে, ইয়াৰ পিছত এনেকুৱা এটা ব্যৱস্থাৰ প্ৰচলন হ’ল য’ত মানুহে সোণ বেংকত জমা কৰিব আৰু ইয়াৰ পৰিবৰ্তে এখন receipt পাব । এই receipt খনৰ জৰিয়তে মানুহে বস্তু কিনা- বেচা কৰিব পাৰিব । এনেদৰে মূল্যবান ধাতু মুদ্ৰাৰ পৰা কাগজৰ মুদ্ৰাৰ প্ৰচলন হ’ল ।

বস্তুৰ পৰিবৰ্তে মানুহে চৰকাৰৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিবলৈ ল’লে । তুমি প্ৰতিখন নোটতে গৱৰ্ণৰে কৰা প্ৰতিজ্ঞা ( I PROMISE TO PAY THE BEARER THE SUM OF …. RUPEES) এনেধৰনে  লিখা থকা  দেখিব পাবা । ইয়াৰ তাৎপৰ্য এইটো যে নোটৰ গৰাকীয়ে ইয়াৰ উচিত মূল্য পাবলৈ সক্ষম হ’ব ।

এইখিনিতে এটা প্ৰশ্ন নিশ্চয় সকলোৰে মনলৈ আহিছে । যদি নোট চৰকাৰে ছপা কৰে , তেতিয়াহলে চৰকাৰে মানুহৰ অভাৱ পুৰণ কৰিব পৰাকৈ সৰহসংখ্যক নোট কিয় ছপা নকৰে ।

চোৱা, প্ৰতিটো বস্তুৰে এক নিৰ্দিষ্ট মূল্য আছে । আৰু এক নিৰ্দিষ্ট পৰিমানৰ সেই বস্তটো মজুত থাকে । যদিহে সকলোৰে হাতত সেই বস্তুটো কিনিব পৰাকৈ সৰহ সংখ্যক ধন জমা থাকে , তেতিয়া হলে বস্তু টোৰ supply আৰু demand cycle ক্ষেত্ৰত বিসংগতি আহি পৰিব ।

যেনে ধৰা তোমাৰ আৰু তোমাৰ পাঁচজন বন্ধু ৰ হাতত 20,000 টকা আছে আৰু washing machine এটাৰ দাম 20,000 আৰু দোকান খনত washing machine মাত্ৰ এটাই আছে । গতিকে এই ক্ষেত্ৰত দোকানী লাভৰ খাতিৰত washing machine টোৰ দাম অলপ হ’লেও বঢ়াই দিব । আৰু যাৰ হাতত 20,000 তকৈ 10 টকা হ’লেও বেছি থাকিব তেওঁ হে কিনিবলৈ সক্ষম হ’ব ।

গতিকে , এতিয়া নিশ্চয় বুজি পালা সকলোৰে হাতত সমান ধন থাকিলেও supply demand cycle টো বৰ্তাই ৰখাৰ খাতিৰত দামৰ বঢ়া-টুটা চলি থাকিব । এইক্ষেত্ৰত অধিক নোট ছপা কৰি সমস্যাৰ সমাধান কৰিব নোৱাৰি ।

এক কেন্দ্ৰীভূত বেংক ব্যৱস্থা বনাম এক বিকেন্দ্ৰীভূত বেংক ব্যৱস্থা।

কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ লগে লগে digital money ৰ ধাৰনাও অৱতাৰণা হ’ল । Digital মুদ্ৰা ধৰি ৰখা ব্যৱস্থাটো maintain কৰাটো এক প্ৰত্যাহ্বান । মানে, যদি কিছুসংখ্যক প‌ইচা তোমাৰ account ত  credit হৈছে সেই একে সময়তে ক’ৰবাত সমপৰিমানৰ প‌ইচা debit হব‌ও লাগিব । যদিহে এইটো নহয় , ক’ৰবাত credit debit cycle টোত বেমেজালি সৃষ্টি হ’ব । এনে ধৰনৰ বেমাজালি আঁতৰাবলৈ কেন্দ্ৰীয় বেঙ্ক ব্যৱস্থা ৰ সৃষ্টি  হৈছিল । ভাৰততো কেন্দ্ৰীয় বেঙ্ক ব্যৱস্থা আছে । কিন্তু এই ব্যৱস্থা টো নিৰ্ভেজাল নহয় , ক্ৰুটি ইয়াতো আছে ।

আমি বেংক ত জমা থোৱা প‌ইচা খিনি বেংকে ক’ৰবাত নিশ্চয় invest কৰে । এইক্ষেত্ৰত যদি loss হয়, ইয়াৰ প্ৰভাব আমাৰ প‌ইচাৰ ওপৰতো পৰিব । আমি যদি সকলোৱে একেদিনাই বেংকত জমা থোৱা প‌ইচা বোৰ withdrawal কৰিব বিচাৰো, তেতিয়া হলে বেংকে allow কৰিব জানো । নিশ্চয় নকৰে । নোট বন্দীৰ সময়ৰ কথা নিশ্চয় সকলোৰে মনত আছে । তেতিয়াই আমিৰ নিজৰ কষ্টৰ প‌ইচাৰ ওপৰতো আমি অধিকাৰ হেৰুৱাইছিলো ।গতিকে এতিয়া এইটো স্পষ্ট হ’ল যে আমাৰ প‌ইচা বোৰ কিছুমান selected বিত্তীয় অনুষ্ঠানে control কৰে ।

গতিকে, এনে সমস্যাৰ সমাধান কি হ’ব পাৰে ..? এক বিকেন্দ্ৰীভূত মুদ্ৰা ব্যৱস্থা । বিকেন্দ্ৰীভূত মুদ্ৰা ব্যৱস্থাৰ ধাৰণাতে  cryptocurrencyৰ জন্ম হৈছে । Cryptocurrency ৰ ধাৰণাতো 2008 চনৰ অক্টোবৰ মাহত জাপানৰ Satoshi Nakamoto নামৰ ব্যক্তিজনে পোন প্ৰথম বাৰৰ বাবে প্ৰকাশ কৰিছিল । কিন্তু আচৰিত কথাটো হ’ল Satoshi Nakamoto ব্যক্তি জনে এতিয়ালৈ নিজকে কতো প্ৰকাশ নাই , may be তেওঁ ছদ্মনাম ব্যৱহাৰ কৰিছে ।

ব্লক চেইন টেকনʼলজী

এই technology টো Cryptocurrency ৰ লগত সংলগ্ন ।

একোটা digital transaction কম্পিউটাৰ file আকাৰে store হৈ থাকে । ইয়াক ledger বোলে । যদিহে এনে file বোৰ এটা single computer অত ৰখা হয় , তেতিয়া কোনোবাই সেই computer টো হেক কৰাৰ সম্ভাবনা থাকে । কিন্তু যদিহে সেই একেই file প্ৰতিটো computer অতে  save হৈ থাকে, অৰ্থাৎ same data খিনি প্ৰতিটো  computer অতে interconnected হৈ থাকে তেতিয়া কোনোবাই সহজে হেক কৰিব পাৰিব নেকি.?? নিশ্চয় নোৱাৰে ।

Cryptocurrency য়ে পৰাম্পৰাগত বেংক ব্যৱস্থা follow নকৰে । Cryptocurrency transfer এটা  virtual wallet অৰ পৰা অন্য এটা virtual wallet লৈ কৰা হয় । এই ব্যৱস্থা টো সম্পূৰ্ণ Virtual ।

পৃথিৱীৰ বহুতো computer savvies এই এনেধৰনৰ public ledger বোৰ maintain কৰি আছে । যেতিয়া কোনো এটা crypto transfer হয়, তেতিয়াই ইয়িৰ লগত জড়িত প্ৰতিটো কম্পিউটাৰে ইয়াক record কৰি যায় । গতিকে, যদিহে কোনো দুষ্ট চক্ৰ‌ই ইয়াৰ মূল্যৰ সালসলনি ঘটাব বিচাৰে , তেতিয়া হলে লগে লগে ই detect হৈ পৰিব । আৰু এই technology টোকে কোৱা হয় BLOCKCHAIN TECHNOLOGY । এইয়া হৈছে ব্লকৰ নিচিনা, এটা আনটোৰ লগত সংলগ্ন। ঠিক ৰেল গাড়ীৰ ডবা বোৰৰ দৰে, এটা ৰেলৰ ডবা যদি বাগৰে, লগে লগে বাকী বোৰো বাগৰিব । ঠিক তেনেকৈ blockchain technology ত এটা কম্পিউটাৰ হেক হ’লে বাকী বোৰেও auto detect কৰি ল’ব ফলত কোনেও সহজে হেক কৰিব নোৱাৰিব ।

এই technology ত প্ৰতিটো ব্লকে সমধৰনৰ transaction record কৰি গৈ থাকে । প্ৰতিটো transaction record এই শুদ্ধ ভাবে complete হয় ।

মাইনাৰচ্ (Cryptocurrency)

এনেধৰনৰ এক বৃহৎ পৰিমানৰ transaction record কৰিবলৈ আৰু maintenance কৰিবলৈ বৃহৎ সংখ্যক কম্পিউটাৰৰ আৱশ্যক হয় । এনেধৰনৰ maintenance বোৰ এক system ৰ জৰিয়তে কৰা হয় । যিসকলে এনে ধৰনৰ maintenance বোৰ কৰি থাকে তেওঁলোকক Miners বোলা হয় । আৰু এওঁলোকে কমিছন হিচাপে কিছুমান cryptocurrency earn কৰে ।

এই ব্যৱস্থাত আকৌ third party বা banking system অৰ আৱশ্যক হ’ল নেকি ? কিন্তু নহয় । এই mining টো যিকোনো ব্যক্তিয়ে special computer আৰু special software ৰ দ্বাৰা এনে algorithm বোৰ run কৰাব পাৰিব আৰু transaction process maintaining কৰিব পাৰে । এইক্ষেত্ৰত তোমালোকে Bitcoin mining শব্দটো নিশ্চয় শুনিচা । Bitcoin mining টো এনেধৰনৰে ব্যৱস্থা ।

এইক্ষেত্ৰত কোনো নিৰ্দিষ্ট third party ৰ আৱশ্যক নাই । এই গোটেই system টো ব্লক আকাৰে distribute হৈ আছে , গতিকে অকল single institute এটাৰ control ইয়াৰ ওপৰত নাথাকিব ।

এইখিনিতে তোমিৰ হয়তো এটা প্ৰশ্ন মনলৈ আহিছে , যদিহে transaction record টো প্ৰতিটো computer record হৈ থাকিব আৰু এই পদ্ধতি টো যিহেতু transparent ,গতিকে তোমাৰ account অত কিমান প‌ইচা আছে সকলোৱে গম পাব । কিন্তু নহয়, ইয়াতে প্ৰকৃত কাৰণ টো নিহিত হৈ আছে যাৰ বাবে cryptocurrency য়ে ইমান কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছে । আৰু কাৰণটো হ’ল cryptocurrency বোৰ একোটা কোড আকাৰে হে record হয় য’ত কোনেও actual figure টো guess কৰিব নোৱাৰে ।

আৰু এটা প্ৰশ্ন হয়তো মনলৈ আহিছে । যদিহে miners বোৰে unlimited হাৰত  crypto generate কৰিলে । ধৰি লোৱা miners বোৰে , যিমান পাৰে Bitcoin earn কৰিলে , তেতিয়াহলে মই আগতে উল্লেখ কৰা washing machine কিনা ঘটনাটোৰ আবিৰ্ভাৱ হ’ব । অৰ্থাৎ  Supply demand cycle অত বেমেজালি হ’ব । গতিকে, এনে সমস্যা দূৰ কৰাৰ কাৰণে cryptocurrency ৰো এটা limit নিৰ্ধাৰণ কৰা হৈছে । Bitcoin ৰ ক্ষেত্ৰত  21 মিলিয়ন লৈ সীমা নিৰ্ধাৰন কৰা হৈছে । অৰ্থাৎ 21 মিলিয়নতকৈ বেছি Bitcoin কোনেও generate কৰিব নোৱাৰে ।

Bitcoin Crash

আমি মাজে সময়ে, share stock দৰে Bitcoin crash ৰ কথাও শুনি থাকো । প্ৰতিটো cryptocurrency ৰ এক নিৰ্দিষ্ট মূল্য fix কৰা থাকে । দাম কমিলে demand increase হয় অৰ্থাৎ সকলোৱে ইয়াক কিনিব বিচাৰে । Demand increase অনুপাতে supply কমি যায় । তেতিয়া ইয়াৰ downfall  ঘটে যাক Bitcoin crash বোলা হয় । Bitcoin একপ্ৰকাৰৰ cryptocurrency ( Secret digital currency) । ইয়াৰ কোনো বাস্তৱ ৰূপ নাই , গতিকে যেতিয়া তুমি ইয়াক কিনিবা , তেতিয়া তুমি এটা Specific Bitcoin Address হে কিনিবা যাৰ জৰিয়তে তুমি অন্য Specific Bitcoin transaction কৰিব পাৰিবা ।

ভাৰতত cryptocurrency ৰ পদমৰ্যদা

ভাৰতত তুমি crypto currency invest কৰিব পাৰিবা কিন্তু ইয়াক এতিয়াও regular currency হিচাপে approved কৰা হোৱা নাই । মানে ইয়াক তুমি cash ৰ পৰিবৰ্তে ব্যৱহাৰ কৰিব নোৱাৰা । 2018 চনৰ প্ৰথম ভাগত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই cryptocurrency কিনা-বেচা কৰাত বাধা দিছিল । কিন্তু এই সম্পৰ্কে Supreme Court অত আলোচনা কৰা হ’ল আৰু Supreme Court এই দিয়া নিৰ্দেশ মৰ্মে Cryptocurrency কিনা- বেচাত বাধা আঁতৰাই দিয়া হ’ল । এতিয়াও ভাৰত চৰকাৰে এখন নিৰ্ভেজাল cryptocurrency সম্পৰ্কীয় আইন প্ৰণয়নৰ চিন্তা চৰ্চা কৰি আছে । Recently ভাৰত চৰকাৰে crypto like income ৰ ক্ষেত্ৰত 30% কৰ লগাইছে ।

গতিকে এটা কথা নিশ্চিত যে , ভাৰতে next crypto ban নকৰে ,বৰঞ্চ ইয়াৰ ওপৰত নতুন rules and regulations ৰ বিষয়েহে চিন্তা চৰ্চা কৰি আছে ।

সামৰনি

আমি দেখিছোঁ যে Cryptocurrency ব্যক্তিগত ডিজিটেল মুদ্ৰা। মুদ্ৰা বিকেন্দ্ৰীকৃত হ’ব লাগে। ইয়াৰ অৰ্থ হৈছে কোনো চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰিব। যেতিয়াই আপোনাৰ দেউতাৰ  দৰমহা বৃদ্ধি হয়, পিছদিনা আপুনি খবৰ পাব যে গেছ আৰু বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে।

এনেদৰেই বিভিন্ন চৰকাৰৰ দ্বাৰা মানুহৰ ধন ফান্দত পেলোৱা হয়। সেয়েহে, এক নতুন আৰু বিকেন্দ্ৰীকৃত মুদ্ৰা প্ৰণালী হৈছে বৰ্তমান সময়ত অতি প্ৰয়োজন । অৱশ্যে, Cryptocurrency ক্ষেত্ৰত কিছুমান অসুবিধা আছে। ভৱিষ্যতে যিকোনো Cryptocurrency সফলতা বিভিন্ন প্লেটফৰ্মত ইয়াৰ গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰিব ।

নিশ্চয় কৈ আমিও অতি আগ্ৰহী । Cryptocurrency য়ে কি ৰূপ লয় সেইয়া আমি সকলোৱে সময়ত দেখিম ।গতিকে , I hope guys , cryptocurrency সম্পৰ্কে তোমালোকৰ basic doubt খিনি clear হ’ল । And hope this will be informative for you ।

https://www.coinbase.com/learn/crypto-basics/what-is-cryptocurrency

Leave a comment