Questions and Answers | Class 11 | Indian Physical Environment | Chapter 3 | NCERT Drainage System
অৱবাহ তন্ত্ৰ (Drainage System)
১/ তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা ।
১. নিম্নোক্ত কোনখন নদীক ‘বংগৰ দুখ’ বুলি জনা যায় ?
ক. গণ্ডক
খ. সোণ
গ. কুশি
ঘ.দামোদৰ
২. তলৰ কোনখন নদীৰ অৱবাহিকা সৰ্ববৃহৎ?
ক. সিন্ধু
খ. ব্ৰক্ষ্মপুত্ৰ
গ. গংগা
ঘ. কৃষ্ণা
৩. ‘পঞ্চনাদত’ কোনখন নদী অন্তৰ্ভুক্ত কৰা হোৱা নাই ?
ক. ৰবি
খ. সিন্ধু
গ. চেনাব
ঘ. নিলাম
৪. তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাই দি প্ৰবাহিত হৈছে ?
ক. সোণ
খ. নৰ্মদা
গ. যমুনা
ঘ. লুনী
৫. অলকানন্দা আৰু ভাগিৰথী নদীৰ মোহনা অঞ্চল কোনটো ?
ক. বিষ্ণুপ্ৰয়াগ
খ. ৰুদ্ৰ প্ৰয়াগ
গ. কৰণ প্ৰয়াগ
ঘ. দেৱ প্ৰয়াগ
২/ নিম্নোক্ত বিলাকৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা (Drainage System)
ক. নদী অৱবাহিকা আৰু জলচ্ছেদ
খ. বৃক্ষৰূপী আৰু জালৰূপী অৱবাহ তন্ত্ৰ
গ. বহিঃপ্ৰবাহী আৰু অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ
ঘ. ব-দ্বীপ আৰু মোহনা
৩/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ (প্ৰায় ৩০ টা শব্দৰ ভিতৰত) দিয়া (Drainage System)
ক. ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধা বিলাক কি কি ?
ভাৰতৰ নিচিনা বিশাল দেশ এখনত জলবায়ুৰ ভিন্নতাও বিৰাজমান , যাৰ বাবে কিছুমান অঞ্চলত বৰষুণ হয় আনহাতে কিছুমান অঞ্চল শুকান । ইয়াৰ ওপৰিও ভাৰতৰ কৃষি ব্যৱস্থা সম্পূৰ্ণৰূপে বৰষুণৰ ওপৰত নিৰ্ভৰশীল , যাৰ বাবে বৰষুণ কম হোৱা অঞ্চলৰ খেতিয়ক সকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হয় ।
ভাৰতৰ নদী-সংযোগ আঁচনিয়ে এনেধৰনৰ সমস্যা বোৰৰ ক্ষেত্ৰত যথেষ্ঠ সুবিধা আগবঢ়াইছে । এনেধৰনৰ সুবিধা বোৰ হ’ল
১. যি বোৰ অঞ্চলত পানীৰ অভাৱ , তেনে অঞ্চল বোৰত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা , ইয়াৰ জৰিয়তে কৃষক সকলৰ আৰ্থ-সামাজিক উন্নতি সাধন হ’ব ।
২. ভাৰতত দুই ধৰনৰ নদী পোৱা যায়, হিমালয়ৰ নদী- যি বোৰ গোটেই বছৰ ধৰি পানীৰে পুষ্ট হৈ থাকে আৰু দাক্ষিণাত্য মালভূমিৰ নদী – যি বোৰ ঋতুকালীন । এনে ধৰনৰ অসমান পানীৰ বিতৰন নদী-সংযোগ আঁচনিৰ জৰিয়তে নাইকিয়া কৰিব পাৰি ।
৩. বানপানীৰ সমস্যা ভাৰত তথা অসমৰ বাবে এক ডাঙৰ সমস্যা । নদী-সংযোগ আঁচনিৰ জৰিয়তে বানপানীৰ সময়ত অতিৰিক্ত পানী ভাগ পানী কম থকা অৱবাহিকা অথবা একোটা অঞ্চললৈ বোৱাই নিব পাৰি ।
খ. দাক্ষিণাত্য মালভূমিৰ নদী সমূহৰ তিনিটা বৈশিষ্ট্য লিখা
১.দাক্ষিণাত্য মালভূমিৰ নদী বোৰৰ অৱবাহিকা তুলনামূলকভাৱে সৰু ।
২. এই অঞ্চলৰ নদী বোৰ ঋতুকালীন , কিয়নো জলপ্ৰবাহ বৰষুণ তথা মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল ।
৩. অধ্যাৰোপিত আৰু পুণৰ যৌৱনপ্ৰাপ্ত ভূ-অৱয়বৰ বাবে অৱবাহ তন্ত্ৰ জালৰূপী, বহিঃপ্ৰবাহী আৰু আয়ত ক্ষেত্ৰাকাৰ হয় ।
৪/ তলৰ প্ৰশ্নবোৰৰ ১২৫ টা শব্দৰ ভিতৰত উত্তৰ দিয়া
উত্তৰ ভাৰতৰ নদী সমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য বোৰ কি কি ? এই বৈশিষ্ট্য বোৰ দক্ষিণ ভাৰতৰ নদী বোৰৰ পৰা কেনেকৈ পৃথক?
উত্তৰ ভাৰতৰ নদী বোৰৰ উল্লেখযোগ্য বৈশিষ্ট্য বোৰ হ’ল –
১. এই নদী বোৰ হিমবাহৰ দ্বাৰা আবৃত হিমালয় অঞ্চলৰ পৰা উৎপত্তি হৈছে ।
২. এই নদী বোৰ হিমবাহ আৰু বৰষুণৰ দ্বাৰা পুষ্ট বাবে নদী বোৰ চিৰপ্ৰবাহমান ।
৩. নদী বোৰৰ গতিপথ দীঘলীয়া , পৰ্বতীয়া ওখোৰা-মোখোৰা ভূ-প্ৰকৃতিৰ ওপৰেদি প্ৰবাহিত হয়, নদীৰ শীৰ্ষ খনন আৰু অপহৰণ ঘটে , সমভূমিত নদী বিলাকৰ গতি সৰ্পিল হয় আৰু গতিপথ সঘনাই পৰিবৰ্তন হয় ।
৪. এই অঞ্চলৰ নদী অৱবাহিকা বোৰ বিস্তৃত ।
৫. ভূ-তাত্বিক দিশৰ পৰা নদী বোৰৰ বয়স কম আৰু যৌবন অৱস্থাপ্ৰাপ্ত । নদী বোৰ খৰস্ৰোতা আৰু দ’ উপত্যকা গঠন কৰে ।
উত্তৰ ভাৰতৰ নদী বোৰ বিভিন্ন ক্ষেত্ৰত দক্ষিণ ভাৰতৰ নদীত কৈ পৃথক । দক্ষিণ ভাৰতৰ নদী বোৰ মৌচুমী বায়ু তথা বৰষুণৰ পানীৰে পুষ্ট, অৱবাহিকা বোৰ আকাৰত সৰু , গতিপথ বোৰ বেছি দীঘলীয়া নহয় আৰু উপত্যকাৰ মাজেৰে প্ৰায় স্থিৰ গতিপথেৰে গতি কৰে , এই অঞ্চলৰ নদী বোৰ ভূ-তাত্বিক দিশৰ পৰা পুৰণি ।
https://www.studyrankers.com/2017/08/Drainage-System-class11th-ncert-solutions.html