Class 11 | Geography | Chapter 6 | Assamese | AHSEC
ভূ-আকৃতিক প্ৰক্ৰম geomorphic processes
১. তলত দিয়া বোৰৰ কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া ? geomorphic processes
ক. অৱক্ষেপন geomorphic processes
খ. জ্বালামুখী
গ. পাতাল বিৰূপন
ঘ . খনন
২. নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয় ?
ক.গ্ৰেনাইট
খ. কোৱাৰ্জ
গ. বোকা
ঘ. লৱণ
৩. গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ?
ক. ভূ-স্হলন
খ. ধীৰ গতিৰ বৃহৎ সংচলন
গ. ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন
ঘ. অধোগমন
তলত দিয়া প্ৰশ্নবোৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ লিখা | geomorphic processes
১. বিচূৰ্ণীভৱন পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ বাবে জগৰীয়া । কেনেকৈ ?
বিচূৰ্ণীভৱন পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ বাবে জগৰীয়া । কিয়নো , উদ্ভিদ বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আনকি মানুহেও প্ৰত্যক্ষ ভাৱে হওক বা পৰোক্ষ ভাৱে হওক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াত যথেষ্ট অৰিহণা যোগায়। উদাহৰণস্বৰূপে, কেঁচু, উই, এন্দুৰ বৰ্গীয় প্ৰাণী বোৰে শিলা খণ্ডত সুৰুঙা আৰু গাতৰ সৃষ্টি কৰি জলীয়ভাপ ভিতৰলৈ সোমাই যোৱাত সহায় কৰে আৰু অনাবৃত নতুন পৃষ্ঠত ৰাসায়নিক বিচূৰ্ণীভৱন সংঘটিত হয় । মানুহে হালবোৱা , কোৰেৰে মাটা চহোৱা আদি কাৰ্যৰ দ্বাৰাও বিচূৰ্ণীভৱন কাৰ্য সংঘটিত হয় । গছ-গছনি আৰু জীৱ-জন্তুৰ খেলা পতা অংশ বোৰে হিউমিক , কাৰ্বনিক আৰু অন্য এছিড তৈয়াৰ কৰে যিবোৰে ভূ-পৃষ্ঠৰ শিলাৰ অৱক্ষয় আৰু গ্ৰন্থ সহায় কৰে । গছৰ শিপাও শিলা সমূহৰ মাজেৰে সোমাই গৈ বিচূৰ্ণীভৱন সংঘটিত কৰে । geomorphic processes
২. বৃহৎ সংচলনৰ প্ৰকৃততে কোনবোৰ ক্ষিপ্ৰগতিৰ আৰু অৱগম্য? তালিকা প্ৰস্তুত কৰা ?
৩. গতিশীল আৰু বাহ্যিক ভূ-আকৃতিক কাৰক কোনবোৰ ? কাৰক বোলে সম্পাদন কৰা কাৰ্য কোনবোৰ ?
গতিশীল ভূ-আকৃতিক কাৰক বোৰ হ’ল – নদ-নদী, হিমবাহ, প্ৰবাহিত বায়ু, সামুদ্ৰিক সোঁত ইত্যাদি । এই গতিশীল কাৰক বোৰে পৰিবহন আৰু ক্ষয়ীভৱনৰ জৰিয়তে বিভিন্ন ভূ-আকৃতিৰ সৃষ্টি কৰে আৰু এই কঢ়িয়াই অনা পদাৰ্থ বোৰ সাগৰ-মহাসাগৰ , দ্ৰোনী আদিৰ তলত জমা কৰি অন্য এক ভূ-আকৃতি গঠনহোৱাত সহায় কৰে ।
আকৌ বাহ্যিক কাৰক বোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বৰষুণ, তুষাৰপাত, বতাহ , প্ৰবাহমান জল, হিমবাহ সমুদ্ৰৰ স্ৰোত এই আটাইবোৰ হৈছে বাহ্যিক কাৰক । এই কাৰক বোৰ সম্পাদন কৰা কাৰ্য বোৰ হ’ল – বিচূৰ্ণীভৱন, ক্ষয়ীভৱন , অৱক্ষেপন, নগ্নীভৱন ইত্যাদি । geomorphic processes
৪. মৃত্তিকা গঠনৰ বাবে বিচূৰ্ণীভৱন আৱশ্যকীয় চৰ্ত নেকি? কিয় ?
মৃত্তিকা গঠনৰ বাবে বিচূৰ্ণীভৱন আৱশ্যকীয় চৰ্ত। কিয়নো , এই বিচূৰ্ণীভূত পদাৰ্থ বোৰ এঠাইত জমা হ’বলৈ ধৰে আৰু বিভিন্ন বেক্টেৰিয়া , শেলুৱৈ আদিয়ে ইয়াৰ ওপৰত উপনিৱেশ স্হাপন কৰে । জীৱ- জন্তু আৰু গছ-গছনিৰ অৱশিষ্ট অংশই হিউমাছ গঠনত সহায় কৰে আৰু ইয়াৰ ওপৰত গছ-গছনি গজি উঠে । গছৰ শিপাই মাটি চানি ধৰে , আৰু কিছুমান জীৱই গাত খান্দি কিছুমান কণিকা ওপৰলৈ আনে আৰু এইদৰে মাটি প্ৰৱেশ্য হৈ পৰে আৰু জলধাৰণ কৰিব পৰা ক্ষমতাও লাভ কৰে আৰু লাহে লাহে পৈণত মাটিলৈ পৰিবৰ্তন হয় ।
গতিকে দেখা গ’ল যে – মাটি গঠন হ’বলৈ হ’লে প্ৰথমতে বিচূৰ্ণীভৱন হোৱাটো আৱশ্যকীয়।
3. 150 টা শব্দৰ ভিতৰত উত্তৰ লিখা geomorphic processes
ক. আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰস্পৰ বিৰোধী ভূ- আকৃতিৰ প্ৰক্ৰিয়াৰ খেলপথাৰ – আলোচনা কৰা ।
আমাৰ পৃথিৱীখনৰ ভূ-পৃষ্ঠত প্ৰধানকৈ দুই প্ৰকাৰৰ পৰস্পৰ বিৰোধী বলে অহৰহ ক্ৰিয়া কৰি থাকে । এই দুই প্ৰকাৰৰ বল হ’ল ভূ-পৃষ্ঠীয় শক্তি আৰু আন্ত শক্তি । এই দুই প্ৰকাৰৰ শক্তিয়ে অহৰহ ক্ৰিয়া কৰাৰ ফলত ভূ-পৃষ্ঠৰ নানা পৰিবৰ্তন সাধন হৈছে । উদাহৰণস্বৰূপে- ভূমিকম্পৰ ফলত সৃষ্টি হোৱা উচ্চ ঠাই এডোখৰক বিভিন্ন ভূ-পৃষ্ঠীয় শক্তি যেনে বিচূৰ্ণীভৱন, নগ্নীভৱন ইত্যাদি কাৰকে সমতল ভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে । গতিকে, আমি ক’ব পাৰো যে আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰস্পৰ বিৰোধী ভূ-আকৃতিক প্ৰক্ৰিয়াৰ খেলপথাৰ যাৰ ফলত নানা প্ৰকাৰৰ ভূ-অবয়ৱ গঠন হয় ।
খ. ‘বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰম বোৰে সূৰ্যৰ উত্তাপৰ পৰা শক্তি আহৰণ কৰে’। বাখ্যা কৰা । geomorphic processes
বাহ্যিক ভূ- আকৃতিৰ প্ৰক্ৰম বোৰ হ’ল নগ্নীভৱন, বিচূৰ্ণীভবন, ভাৰবিহীনকৰণ , বিস্তাৰণ, ইত্যাদি । এই আটাইবোৰ প্ৰক্ৰিয়া সূৰ্যৰ উত্তাপৰ লগত জড়িত। বৰষুণ,বতাহ, তুষাৰপাত এইবোৰৰ অন্তৰালত উষ্ণতা বা উত্তাপ পৰোক্ষ অথবা প্ৰত্যক্ষ ভাবে জড়িত। এটি উদাহৰণৰ সহায়ত ইয়াক বাখ্যা কৰা হ’ল – বিচূৰ্ণীভৱনৰ ক্ষেত্ৰত উষ্ণতাৰ তাৰতম্য আৰু প্ৰসাৰণৰ বাবে শিলাখণ্ড ভাঙি যায়, আৰু এই ভগ্নাৱশেষ বোৰ বতাহ , বৰষুন আদিৰ প্ৰভাবত ক্ষয়ীভৱন আৰু অৱক্ষেপন কাৰ্য সংঘটিত হয় লগতে অন্য এক ভূ-আকৃতিৰ জন্ম হয় ।
৩. মৃত্তিকা গঠনৰ প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত থকা পাৰ্থক্য লিখা । মৃত্তিকা গঠনৰ ক্ষেত্ৰত জলবায়ু আৰু জৈৱিক কাৰ্যৰ ভূমিকা কি ?
মৃত্তিকা গঠনৰ প্ৰক্ৰিয়া বুলিলে সাধাৰণতে মাটি গঠন হোৱাৰ পৰ্যায় সমূহক বুজা যায় । যেনে- মাটি গঠন হোৱা প্ৰক্ৰিয়া টোৰ প্ৰথম পৰ্যায় হ’ল বিচূৰ্ণীভৱণ ।
আনহাতে , মাটি গঠনৰ কাৰক বুলিলে – মৃত্তিকা গঠন প্ৰক্ৰিয়া টো কোনবোৰ বস্তুৰ ওপৰত নিৰ্ভৰশীল তাক বুজা যায়। যেনে মৃত্তিকা গঠন শিল, স্থলাকৃতি, জলবায়ু ইত্যাদি কাৰকৰ ওপৰত নিৰ্ভৰশীল।
মাটি গঠনৰ ক্ষেত্ৰত জলবায়ু আৰু জৈৱিক কাৰ্যৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। মাটি গঠনৰ সৈতে জড়িত জলবায়ুৰ প্ৰধান উপাদান কেইটা হ’ল- আৰ্দ্ৰতা, বৰষুণৰ পৰিমান, তাপক্ৰম । সাধাৰণতে উত্তাপে ৰাসায়নিক আৰু জৈৱিক কাৰ্যৰ হ্ৰাস-বৃদ্ধি কৰে। গৰম জলবায়ুৰ অঞ্চলত ৰাসায়নিক কাৰ্য বৃদ্ধি হয় আৰু শীতল জলবায়ু অঞ্চলত ৰাসায়নিক কাৰ্য হ্ৰাস হয় , এইকাৰণে ক্ৰান্তীয় অঞ্চলৰ অধিক উঞ্চতা বিশিষ্ট অঞ্চলৰ মাটি গাঢ় পৰিচ্ছেদিকা যুক্ত হয় , আনহাতে তুন্দ্ৰা অঞ্চলৰ মাটি সৰহভাগ ভৌতিক ভাবে বিচূৰ্ণীকৃত শিলাৰে গঠিত ।
জৈৱিক কাৰ্য বুলিলে প্ৰধানকৈ উদ্ভিদ আৰু প্ৰাণীৰ কাৰ্যকলাপকে বুজা যায় । উদ্ভিদ আৰু প্ৰাণীৰ পাচন ক্ৰিয়া আৰু বিয়োজনৰ ফলত হিউমাছৰ সৃষ্টি হয়। geomorphic processes