Truth about Muharram in Assamese – What? Why?

মহৰমৰ বিষয়ে কিছু নজনা কথা (Muharram in Assamese)

                                                                                         

ইচলাম ধৰ্মত ঈদৰ পিছতেই মহৰম এক গুৰুত্ব পূৰ্ণ উৎসৱ। আহকচোন আজি আমি মহৰমৰ বিষয়ে কিছু বিতং ভাৱে শিকি ল্ঁও। মহৰম বুলিলেই চকুৰ আগত থুলমুলকৈ ভাহি উঠা ছবি খনেই হল মছজিদত সকলোৱে একলগ হৈ নামাজ পঢ়া,দোৱা কৰা, মছজিদত পোলাও বনাই সকলোৱে মিলি জুলি খোৱাৰ এখন সজীৱ চিত্র নহয়নে বাৰু?  আৰু আমি প্রায়ে কোৰবানী ঈদৰ মাংস মহৰমৰ দিনা পোলাও বনাবলৈ থৈ দি্ঁও নহয়জানো? আচলতে মই যিমান খিনি অধ্যয়ন কৰিছো এনেকুৱা নিয়ম কতো পোৱা নাই। (Muharram in Assamese)
 
মহৰম মাহ হৈছে আৰাবীয় বছৰৰ প্ৰথম মাহ, এই পবিত্ৰ মাহ টোৰ অন্তৰালত আছে বহুটো ৰসাল কাহানী,ত্যাগৰ কাহিনী যিবোৰে ইচলাম ধৰ্মৰ প্রকৃত অৰ্থক সোনত সুৱগা চৰাইছে।নিশ্চয় আপোনালোকৰ মনটোত হাজাৰ টা প্ৰশ্নই ঢৌ খেলিছে মহৰম মাহৰ বিষয়ে জানিবলৈ নহয়নে বাৰু? আপোনালোকৰ মনৰ খু-দুৱনি মাৰিবলৈ মই আপোনালোকৰ মাজলৈ লৈ আহিছো কিছু ৰসাল কাহিনী। আহক চোন এবাৰ পঢ়ি চা্ঁও।
 
Muslim boy learning how to make Dua to Allah
 
 
মহৰম মাহ টো অতি পবিত্ৰ মাহ। এই পৱিত্ৰ মাহ টোতে আমাৰ প্ৰিয় নবী হজৰত মহম্মদ (চঃ) জন্ম হৈছিল। এইটো পবিত্ৰ মাহতে ধৰ্ম আৰু সত্য ৰক্ষাৰ বাবে হোছেনে সপৰিয়ালে প্ৰান আহুতি দিব লগা হৈছিল।এই মাহতে হজৰত আদম(আঃ)আল্লাহ তাআলাই সৃষ্টি কৰিছিল, এই পবিত্ৰ মাহ টোতে পবিত্র গ্নন্থ কোৰান শ্বৰিফ নাজিল হৈছিল।পৃথিৱী সৃষ্টি এই দিনটোতে হৈছিল আৰু ধ্বংসও এই দিনটোতে হব বুলি উল্লেখ আছে। (Muharram in Assamese)
 
মহৰম মাহ বুলিলেই আমাৰ মনলৈ আহে কাৰবালাৰ সেই হৃদয় বিদাৰক যুদ্ব নহয়নে বাৰু?যিখন চিত্র মনত ভাহি আহিলে আজিও চকুলো নিগৰে,গাৰ নোম শিয়ৰি উঠে, যত কাৰবালৰ সোনালী বালি শ্বহীদৰ তেজেৰে ৰাঙলী হৈ পৰিছিল। কাৰবালাৰ সেই হৃদয় বিদাৰক কাহানীৰ কথা আপোনালোকৰ বাৰু জানিব মন নাজায় নে ?আহক চোন আমি কিছুদূৰ উভতি যা্ঁও অতীতলৈ। ঈমাম হাছান আৰু হুছেইন আছিল আমাৰ প্ৰিয় নবী হজৰত মহম্মদ (ছঃ) ৰ নাতি আৰু মা ফাতিমা আৰু হজৰত আলীৰ পুত্ৰ। হজৰত মহম্মদৰ (ছঃ) মৃত্যু পিছত হজৰত আলীয়ে মদিনাৰ খলিফাৰ পদ গ্রহণ কৰিছিল, কিন্তু এই খলিফা পদৰ বাবে লোলপু দৃষ্টি আছিল চিৰিয়াৰ শাসন কৰ্তা মবিয়াৰ, সেয়ে হজৰত আলীয়ে খলিফা পদ গ্ৰহণ কৰাৰ বাবে মাবিয়াই ক্ষুব্ধ হৈ পৰিছিল।পিছলৈ হজৰত আলীৰ মৃত্যুৰ পিছত তে্ঁওৰ পুত্ৰ হাছান খলিফাৰ পদত অধিষ্ঠিত হয় কিন্তু মাবিয়াৰ ষড়যন্ত্র বলি হৈ তে্ঁও চুক্তি কৰি খলিফাৰ পদ এৰি দিবলৈ বাধ্য হয় আৰু পিছলৈ হাছানক বিষ খুৱাই নিষ্ঠুৰ ভাবে হত্যা কৰা হয়। হাছান আৰু মাবিয়াৰ মাজত হোৱা চুক্তি অনুযায়ী মাবিয়াৰ মৃত্যুৰ পিছত হোছেইনে খলিফা পদ গ্রহণ কৰিব কিন্তু এই চৰ্তত মাবিয়াৰ পুত্ৰ এজিদ সন্তুষ্ট নাছিল, সেয়ে এজিদে চক্ৰান্ত কৰি হোছেইনক কুফা লৈ মাতি পঠিয়াই আৰু কাৰবালাত আগভেটি ধৰে। (Muharram in Assamese)
 
Orbulak battle.
 
এজিদৰ বিশাল সৈন্য বাহিনীৰ আগত হোছেইনৰ সৈন্য বাহিনী অতি তাকৰ আছিল। এজিদে চৰ্ত ৰাখিছিল যে যদিহে হোছেইনে তেওক খলিফা পদ এৰি দিয়ে তেতিয়াহলে হোছেইনক সপৰিয়ালে স-সন্মানে উভতি যাবলৈ দিব, কিন্তু হোছেইনে এই চৰ্ত অস্বীকাৰ কৰে আৰু যুদ্ধত লিপ্ত হয়, তাকৰীয়া সৈন্যৰে হোছেইনে ধৰ্ম আৰু সত্য ৰক্ষাৰ বাবে তলমুৰ কৰা নাছিল। লব্বাইকা –লব্বাইকা ধ্বনি দি ঘোৰাত উঠি বীৰদৰ্পে আগুৱাই গৈছিল,কিন্তু তেওৰ তাকৰীয়া সৈন্য এজিদৰ বিশাল সেনাৰ আগত হাৰি গল। তপত মৰুভুমিত তেওলোকৰ অন্ঠ-কন্ঠ শুকাই গৈছিল। পানী-পানী বুলি চিঞৰি আকাশ বতাহ কপাই তুলিছিল।  আৰ্ত জনৰ আকাশ বতাহ কপোৱা চিঞৰ শুনিও শত্ৰু পক্ষৰ অন্তৰ নগলিল। বৰঞ্চ এই পৈশাচিক কাণ্ড কৰি এজিদৰ পক্ষই নান্দনিক তৃপ্তি লাভ কৰিছিল। আনকি হোছেইনৰ কণমানি পুত্ৰ আজগৰ আলী কো তেওলোকে নৃশংস ভাবে হত্যা কৰিছিল,মহিলা সকলোকো নৃশংস অত্যাচাৰ কৰিবলৈ কুন্ঠবোধ কৰা নাছিল। আৰু এনেদৰেই এজিদৰ খলিফা পদত অধিষ্ঠিত হোৱাৰ পথ নিষ্কন্টক হৈ পৰিছিল। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল মহৰম মাহৰ ১০ তাৰিখে, আৰু এই দিনটোতে উক্ত ঘটনাৰ স্মৰনত মহৰম পালন কৰা হয়
 
Horse, Soldier, Warrior, War, Battle
 
 আহকচোন এইবাৰ আমি মহৰমৰ দিনা কি কৰিব লাগে,সেই বিষয়ে কিছু কথা জানি ল্ঁও- এই পবিত্র দিনটোত আমি নামাজ পঢ়ি আল্লাৰ ওচৰত দোৱা কৰিব লাগে। শ্বৰীয়ত বিধান অনুয়ায়ী মহৰম উপলক্ষে ২ টা বা নিজৰ সুবিধা অনুয়ায়ী ৩ টা ৰোজা ৰাখিব পাৰে, কিন্তু এটা ৰোজা ৰাখাৰ নিয়ম নাই। ৰোজা ৰাখি আপোনালোকে দুখীয়া ,গৰীৱক দান-জাকাত কৰিব, যিকোনো নফল নামাজ আপোনালোকে পঢ়িব পাৰিব।মহৰমৰ দিনা আপোনালোকে আশ্বুৰাৰ নামাজ পঢ়িব পাৰে ,আল্লাহু তাআলাই আশ্বুৰাৰ নামাজ সম্বন্ধে বহু ফজীলত বৰ্ণনা কৰি থৈছে।
আপোনালোকৰ বাৰু জানিব মন নাজায় নে পৃথিৱীৰ কোনটো চুকত এই পবিত্ৰ দিন টো কেনেদৰে পালন কৰা হয়।মহৰম পৰ্বটোক লৈ চিয়া আৰু চুন্নী মুছলমান সকলৰ মাজত কিছু ভেদা-ভেদ দেখা যায়। চিয়া সকলে এই দিনটো শোকৰ দিন হিচাপে পালন কৰে, তাজিয়া সাজে, চিঞৰি –চিঞৰি কান্দে হায় হোছেন হায় হোছেন বুলি, এইটো মাহত কোনো আনন্দ উৎসৱ নকৰে ,উক্ত দিনটোৰ স্মৰনত হালোৱা, পোলাও বনাই বিতৰন কৰে, কাৰবালাত এটুপি পানীৰ বাবে হহাকাৰ কৰি শ্বহীদ হোৱা পুণ্যাত্মা সকলৰ নামত পানী থৈ সেই পানী পান কৰে।  কিন্তু চুন্নী সকলৰ মতে মহৰম এক পবিত্র মাহ, এই মাহত সকলো শুভ কাম কৰিব পাৰি, তাজিয়া বনোৱা, চিঞৰি কন্দা-কটা কৰা এইবোৰ গুনাহ বুলি ধৰা হয়। কাৰন আল্লাহৰ সৃষ্ট প্রতিটো দিনেই শুভ।
 
Ornamental Arabic lanterns with burning candles glowing at night. Plate with date fruit on the table. Festive greeting card, invitation for Muslim holy month Ramadan Kareem. Iftar dinner background.
 
শেষত কবলৈ গলে আমি সকলো আল্লাৰ সৃষ্ট আদাম (আঃ)বংশধৰ।মহৰম মাহৰ কাৰবালাৰ বিশেষ দিনটোৰ হৃদয় কপো্ঁৱা কাহিনীয়ে  আজিও সো্ঁৱৰাই,প্রাণ গলেও কেতিয়াও অসৎ পথত যাব নালাগে, সত্যৰ হকে যুজিবলৈ কেতিয়াও পিছ হুহকি আহিব নালাগে। আজিলৈ এৰিছো, সকলোৱে মহৰমৰ দিনা আল্লাৰ ওচৰত দোৱা কৰক।আপোনালোকৰ মাজলৈ আকৌ আহিম অন্য এক নজনা কথাৰ টোপোলা লৈ।

https://www.muslimaid.org/media-centre/blog/muharram/

Leave a comment