আমি এতিয়াও সংকীৰ্ণ গণ্ডীৰ আবাসী (smartphone addiction)
প্ৰথমে আহিল বাতৰিৰ চেনেল কেইটা । ভাবিলো অকন দেশ-বিদেশৰ, ভাল- বেয়া খবৰকে চাঁও। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । কিছুমান এনেকুৱা বাতৰি যি বোৰৰ কোনো মূল্য নাই, কিছুমানৰ আকৌ এনেকুৱা background music যেন ভূতৰ বা তেনে কিম্বা ভয় লগা ঘটনা হে প্ৰচাৰ হ’ব, কিন্তু তেনে নহয় সেই ভয়ানক background music আঁৰত বাজিব তেনেই অৰ্থহীন বাতৰি। আকৌ আটাইতকৈ বেছি সম্প্ৰচাৰিত বাতৰি বোৰ হ’ল ধৰ্মীয় উত্তেজনা মূলক, যেনে ধৰক- অমুক মন্দিৰত গো মাংস উদ্ধাৰ, তমুক মছজিদত গাহৰি মাংস উদ্ধাৰ। অমুকে কলে নামাজ পঢ়া বন্ধ ইত্যাদি।
আকৌ কিছুমান এনেকুৱা বাতৰি যে হিন্দু যুৱকে মুছলিম যুৱতীক পলুৱাই নিলে, মুছলিম যুৱকে হিন্দু যুৱতীক পলুৱাই নিলে ,আকৌ এনেবোৰ বিষয়ৰ ওপৰত বিতৰ্ক যেনে লাভ জিহাদ, গৰু-গাহৰি ইত্যাদি। কিছুমান বাতৰিৰ আকৌ হেডলাইন কেইটা এনেকৈ show কৰে যেনে ধৰক- অমুক মন্ত্ৰী য়ে কʼলে অসমৰ মাটি তমুক ৰাজ্যক এৰি দিব, কিন্তু আচলতে মন্ত্ৰী গৰাকী য়ে তেনেকুৱা কথাই কোৱা নাই, একেবাৰে অসমৰ পক্ষত যুক্তিসংগত কথাকে কৈছে, বহুতেই আকৌ ভিতৰৰ সম্পূৰ্ণ বাতৰি খিনি নজনাকৈ নিজৰ পাণ্ডিত্যৰ পৰিচয় দিয়ে। মইয়ো কিছুমান বাতৰিৰ হেডলাইন চাই ভাবিলো এনেকুৱা কৈ বাৰু কব লাগেনে কিন্তু ভিতৰত গৈ দেখো হেডলাইনৰ লগত ভিতৰুৱা বাতৰি খিনিৰ সম্পৰ্ক নাই। আৰু এইবোৰৰ comment section অত আমি সকলোৱে বিজ্ঞ পণ্ডিত হৈ পৰো, মই য়ো ইয়াৰ ব্যতিক্ৰম নহয়।
আমি ইজনে সিজনক কথাৰে লাঠি-চৰ-ভুকু চব দি দিওঁ। আনকি বহুতেই খুবেই অসভ্য গালিৰ ব্যৱহাৰ কৰে, এনেকুৱা গালিৰ মুখামুখি মই য়ো নোহোৱাকৈ থকা নাই। নিজকে পণ্ডিত ভাবি মই য়ো comment section অত গৈ বহুতcomment কৰিছো, মই কিন্তু অসভ্য গালি ব্যৱহাৰ কৰি পোৱা নাই । কিন্তু এইবোৰৰ পৰা আমাৰ লাভ কি হৈছে..? কেতিয়াবা আমি ভাবিছোনে..? মই দিয়াcomment অথবা যুক্তি টো ক’ৰবাত ব্যৱহাৰ হৈছেনে..? আমি কিছুমান ফকতীয়া বাতৰিৰ আঁৰৰ সঁচা কাহিনী বোৰ জানিচোনে..? নাই কতো কাৰো একো লাভ নাই হোৱা। মাত্ৰ আমি আমাৰ মূল্যবান সময় আৰু কষ্ট কৰি উপাৰ্জন পৰা পইচাৰে ভৰোৱা ডাটা খিনি অপব্যৱহাৰ কৰিছো , তাতকৈ প্ৰিয় গান এটা শুনাৰ অভ্যাস কৰক অন্তত মনটোৱে শান্তি পাব। (smartphone addiction)
কিন্তু এনেকুৱা নহয় যে সকলো news channel ফকতীয়া আৰু সকলোৱে ফকতীয়া বাতৰি সম্প্ৰচাৰ কৰে । ইয়াৰ মাজত ভাল-ভাল বাতৰিও শুনিব পাওঁ। ভাল news channel ও আছে কেইটামান যিয়ে ফকতীয়ামিৰ চূড়ান্ত সীমা অতিক্ৰম নকৰে, ব্যৱসায়িক ক্ষেত্ৰখনত অকনমান তেৰা -বেকা হোৱাটো প্ৰয়োজনীয় কিন্তু ফকতীয়ামিৰ ও সীমা থকা উচিত।
আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হʼল ট্ৰল । হকে – বিহকে , সঁচাই হঁওক বা মিচাই হঁওক ট্ৰল, ট্ৰল বোৰক কেন্দ্ৰ কৰি আকৌ মীম। মীম অত হাঃ হাঃ হাঃ react নিদিলেও ট্ৰল । সঁচা কোনোটো, মিছা কি এইবোৰ জনাৰ আমাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ ট্ৰল দিব লাগে , চেয়াৰ কৰিব লাগে , হাঃ হাঃ হাঃ react ভৰ্তি হʼব লাগে। অলপতে মেট্ৰিক -হায়াৰ চেকেণ্ডেৰীৰ ছাত্ৰ-ছাত্ৰী বোৰক লৈ ট্ৰল , ভিদিঅʼ ভাইৰেল ইত্যাদি। আৰু আমি সকলোৱে এই সংকীৰ্ণ গণ্ডীৰ মাজত ঘন্টাৰ পিছত ঘন্টা ধৰি নিজৰ মন-মগজু খটুৱাও। অথচ এই মূল্যবান সময় খিনিৰ উচিত ব্যৱহাৰ কৰি আমি নজনা কথা এটাও মʼবাইল টোৰ পৰা শিকিব পাৰিলো হয়, কিন্তু তাকে নকৰি আমি অনৰ্থক কথা বোৰত সময় নষ্ট কৰো, আৰু এনেদৰে যাত্ৰা কৰিলে আমাৰ এচাম(সকলোৱে নহয়) পথভ্ৰষ্ট হৈ জীৱনৰ মাজভাগত ইপাৰ-সিপাৰ নেদেখা হʼব , আৰু যেতিয়া প্ৰয়োজনত নিজৰ ভাল উপাৰ্জন নাথাকিব , তেতিয়া মাজ সাগৰত ডুবি মৰিব লাগিব। এটা সময় থাকে যʼত আমাৰ ভূল-শুদ্ধ যুক্তিৰে চালি-জাৰি চোৱাৰ শক্তি নাথাকে , সেই সময খিনিত মইয়ো এনেধৰনৰ ভিদিঅʼ বোৰত মোৰ বহুমুলীয়া সময় আৰু ডাটা ৰ অপব্যৱহাৰ কৰিছো। কিন্তু এতিয়াৰ পৰা নকৰো। (smartphone addiction)
আকৌ কিছুমান এনেকুৱা নমুনা আছে , যিবোৰে জানি বুজি ট্ৰল খাব আৰু ভাইৰেল হʼব ভিদিঅʼ বনাই অথবা কিছুমান ফকতীয়া পʼষ্ট কৰে , বিশেষ কৈ ফেচবুক আৰু ইউটিউবত। কিন্তু ইয়াৰ আঁৰৰ কথাটো কি কেতিয়াবা ভাবিচেনে..? বহুবাৰ ভাবাৰ পিছত মই গʼম পালো । ইয়াৰ আঁৰৰ কথাটো হʼল কম সময়ৰ ভিতৰত জনপ্ৰিয়তা অৰ্জন, followers, views, আৰু subscription বঢ়োৱা। আৰু এইবোৰৰ জৰিয়তে তেঁওলোকে সেই নিৰ্দিষ্ট প্লেটফৰ্ম খনৰ পৰা commission পায় (Facebook page এক নিৰ্দিষ্ট সংখ্যক followers, like বাঢ়িলে আৰু ইউটিউবতো নিৰ্দিষ্ট সংখ্যকsubscriber অতিক্ৰম কৰিলে পইচা পায় ।তেনেকুৱা আৰু platform আছে , সলোবোৰৰ বিষয়ে মইয়ো অভিজ্ঞ নহয়) আৰু আমি বিন্দাচ share , like , comment, subscribe কৰি দিঁও যৰ পৰা আমি একো শিকিবও নোৱাৰো আৰু আমাৰ মনটোৱে ও আত্মসন্তুষ্টি লাভ নকৰে । কিছুমান ফকতীয়া ক্ষেত্ৰত সময় , ডাটা আমাৰ যায় , কিন্তু লাভ বেলেগৰ হয়।
এনেকুৱাও নহয় যে আমি ধেমেলীয়া ভিদিঅʼ নাচাম , বেলেগৰ ভূল-শুদ্ধ ধেমালিৰ চলেৰে হঁওক বা চিধা-চিধি কৈ হঁওক দেখাই নিদিয়াকৈ থাকিম। আমি হাঁহিবও লাগিব, কাৰোবাক ট্ৰল দিবও লাগিব, ভালটো প্ৰচাৰ কৰিব লাগিব আৰু বেয়া খিনিও শুধৰাব লাগিব কিন্তু এটা সীমাৰ ভিতৰত থাকি । অপশক্তি বোৰক, অপপ্ৰচাৰ কিছুমান ignore আৰুavoid কৰি আমিয়ে ৰোধিব লাগিব। মই ভাবো ফকতীয়ামি, উৰাবাতৰি আৰু অপপ্ৰচাৰ ৰোধ কৰাৰ এটাই উপায় আছে সেইয়া হʼল ignore আৰু avoid. (smartphone addiction)
ধন্যবাদ।