Jatona – An Assamese Poem by Minuara Begum (যাতনা)

 যাতনা

Being a girl


আৰুনো কিমান সহিম মই

এই নিঠৰুৱা জীৱনৰ দুঃসহ যাতনা বোৰ

হে মোৰ হৃদয়ৰ দেৱতা…!

অতীত -বৰ্তমানৰ এই সীমাহীন যাতনাৰ সাগৰত ডুবি

আৰু কিমান দিন মই এনেকৈয়ে সহিম

প্ৰাণৰ নীৰৱতা

অকলশৰীয়া এই যাত্ৰা পথৰ লগৰীয়াবোৰে

মোৰ সমস্ত মৰমৰ নেঁওচি নিমিষতে হেৰাই ,

মোৰ জীৱনৰ পৰা

তুমি মোক কোৱা..?

আৰু কিমান সহিম এই দুৰ্ভগীয়া জীৱনৰ বেদনা..!

সপোন জগতৰ সোনালী এটি -এটি পল

সকলো বিলীন অদূৰত

নিঠৰুৱা কৰি মোক দুৰ্ভগীয়া সংসাৰত

কোনেনো শুনিব মোৰ হৃদয়ৰ বিননি

হিয়া উজাৰি কমেই বা কাক দুখৰ বাতৰি

সেয়ে আজি দয়াময় তোমাক ভৰষা কৰি

নিজৰ হৃদয় খনকে কঠোৰ কৰি

অকনমান হাঁহি বিৰিঙিয়াবলৈ যাঁও আগবাঢ়ি

আৰুনো সহিম কিমান কোৱা

 এই দুৰ্ভগীয়া জীৱনৰ বেদনা

 

মিনুআৰা বেগম

১০০৪২০২০

Leave a comment