হেৰুৱা স্মৃতিৰ পম খেদি
মোৰ অবুজ চকুহালৰ চলচলীয়া পানী
আধাতে জেউতি হেঁৰাল
পূৰ্ণিমাৰ জোনটি নিমিষতে হেৰাই গ’ল
জোনাক ৰাতিৰ চোতাল মলিন হʼল।
মাজৰাতি মোৰ দুধাৰী চকুলো আহে বৈ
অবুজ হিয়াত খুন্দিয়াই শোকে ।
অন্তৰৰ বেদনা কেনেদৰে দেখুৱাম
কোনেনো বুজিব বাৰু ..?
অতীতৰ স্মৃতিক হেলাৰঙে আঁতৰাই
ন-জীৱনৰ কথা ভাবো মোৰ পোনাটিক
বুকুৰ মাজত লৈ ।
অতীতৰ স্মৃতি কিয় জানো মাজনিশা
হঠাতে আহে মনলৈ ..!
মৰম- আদৰৰ জিলিকনিৰে
মোৰ হৃদয়ত অতীতৰ স্মৃতি
উমি উমি জ্বলি থাকে ,
কেতিয়াবা মোৰ হৃদয়ত বৰকৈ আঘাত কৰে ।
এইবোৰৰ সঁহাৰি দিবনো কোনে..?
অতীতৰ স্মৃতি বোৰ সাৱতি ধৰো,
সেই লৈ আনে উপহাস কৰি হাঁহে ।
মৰম-স্নেহ দুখ বেদনা
দুহাতে আঁকোৱালি লৈ
মোৰ পোনাটিক বুকুত সাৱটি
যাঁও মই সপোন পুৰাবলৈ ।
মিনুআৰা বেগম (০৯/১১/২০১৮)