বিষয় হিচাপে ভূগোল বিজ্ঞান bhugol vigyan
১.ভূগোল বিজ্ঞান বুলিলে কি বুজা ?
ভূগোল বিজ্ঞান বুলিলে সাধাৰনতে পৃথিৱীৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰাকে বুজায় । ভূগোল বিজ্ঞানে ঠাই ভেদে আৰু সময় ভেদে পৃথিৱীৰ ঘটনা প্ৰবাহৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰে । সাগৰ- মহাসাগৰ, মাটি , বায়ুমণ্ডল, দেশ-মহাদেশ , জীৱমণ্ডল, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ, সাংস্কৃতিক ভিন্নতা এই আটাইবোৰ অধ্যয়ন কৰে। ভূগোল বিজ্ঞানৰ বা ভূগোলৰ প্ৰধান কাম হ’ল – দুটা বা বহু কাৰকৰ মাজত থাকিব পৰা ক্ৰিয়াগত সম্বন্ধ স্হাপন কৰা । bhugol vigyan
২. ভূগোল বিজ্ঞান কি তিনিটা প্ৰশ্নৰ লগত জড়িত
ভূগোল বিজ্ঞান তিনিটা প্ৰশ্নৰ লগত জড়িত । কি, কʼত , আৰু কিয়।
৩.পৃথিৱীৰ প্ৰকৃত আকৃতিটোক কিহৰ লগত তুলনা কৰিব পাৰি?
পৃথিৱীৰ প্ৰকৃত আকৃতিটো এটা ‘জিয়দ’ ৰ লগত তুলনা কৰিব পাৰি।
৪.ভূগোল বিজ্ঞানৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
ভূগোল বিজ্ঞানৰ প্ৰধান ভাগ দুটা – প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।
৫. ইংৰাজী ‘জিয়গ্ৰাফী’ শব্দ টো কোন ভাষাৰ পৰা উৎপত্তি হৈছে আৰু কোনে পোন প্ৰথমে এই শব্দ টো ব্যৱহাৰ কৰিছিল ? bhugol vigyan
ইংৰাজী ‘জিয়গ্ৰাফী’ শব্দটো গ্ৰীক শব্দ ‘জিঅ’ আৰু ‘গ্ৰাফোচ’ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে পৃথিৱীৰ বিৱৰণ ।
গ্ৰীক দাৰ্শনিক ইৰাটোচথেনিচে পোনপ্ৰথমে এই শব্দটো ব্যৱহাৰ কৰিছিল ।
৬. ভূগোল বিজ্ঞান অধ্যয়ন কৰা পথ দুটা কি কি ?
ভূগোল বিজ্ঞান অধ্যয়ন কৰা পথ দুটা হ’ল – ৰীতিমত বা শৃংখলাযুক্ত, আৰু আঞ্চলিক।
৭. ৰীতিমত পথ টো কোনে দেখুৱাইছিল ?
আলেকজেণ্ডাৰ ভন হামবল্ট ।
৮. আঞ্চলিক পথটো কোনে উলিয়াইছিল ?
কাৰ্ল ৰিটাৰ ।
৯. প্ৰাকৃতিক ভূগোল কাক বোলে ? ইয়াৰ ভাগবোৰ কি কি ? বহলাই লিখা ?
ভূগোলৰ যিটো শাখাই প্ৰকৃতিৰ বিষয়ে বিতংভাবে আলোচনা কৰে , তাকেই প্ৰাকৃতিক ভূগোল বোলা হয় । ইয়াৰ ভাগ বোৰ তলত উল্লেখ কৰা হ’ল
ক. ভূ-প্ৰাকৃতিক – এই ভাগটোৱে স্হল গঠনৰ ক্ৰমবিকাশ , কাৰ্যয ,আৰু স্হল গঠনৰ পদ্ধতিবোৰ আলোচনা কৰে ।
খ. জলবায়ু বিজ্ঞান – জলবায়ু বিজ্ঞানে বায়ুমণ্ডলৰ গঠন, বতৰৰ উপাদানবোৰ , জলবায়ুৰ প্ৰকাৰ আৰু জলবায়ুৰ অঞ্চলৰ বিষয়ে অধ্যয়ন কৰে ।
গ. জলবিজ্ঞান – এইভাগ টোৱে পৃথিৱীৰ উপৰি ভাগত থকা নদ-নদী , সাগৰ- মহাসাগৰ, আৰু আন আন পানীভাগৰ বিষয়ে অধ্যয়ন কৰে । ইয়াৰ উপৰিও জীৱমণ্ডলৰ পানীৰ লগত থকা সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে ।
ঘ. মৃত্তিকা ভূগোল – মাটি গঠনৰ প্ৰনালী, বিতৰণ, প্ৰকাৰ আৰু মাটিৰ গুণ বোৰৰ বিষয়ে অধ্যয়ন কৰে ।
১০. মানৱ ভূগোল বুলিলে কি বুজা ? ইয়াৰ ভাগ বোৰৰ বিষয়ে আলোচনা কৰা ? bhugol vigyan
ভূগোলৰ যিটো শাখাই , মানুহৰ কাৰ্যকলাপৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰে তাকেই মানৱ ভূগোল বোলে ।
ইয়াৰ ভাগ বোৰ হ’ল –
ক. সমাজ বা সাংস্কৃতিক ভূগোল – সমাজৰ গঠন প্ৰকাৰ, ঠাই সম্পৰ্কীয় পৰিবৰ্তন, আৰু বিভিন্ন সাংস্কৃতিক উপাদানৰ বিষয়ে ইয়াত আলোচনা কৰা হয় ।
খ. জনসংখ্যা আৰু বসতি ভূগোল- এই ভাগটোৱে জনসংখ্যাৰ বৃদ্ধি, বিতৰণ, ঘনত্ব, প্ৰব্ৰজন ইত্যাদি আলোচনা কৰে।
গ. অৰ্থনৈতিক ভূগোল – মানুহৰ অৰ্থনৈতিক কাৰ্য- কলাপ যেনে , শিল্প, বাণিজ্য, পৰ্যটন এনেধৰনৰ কাৰ্য- কলাপৰ বিষয়ে অধ্যয়ন কৰে ।
ঘ. বুৰঞ্জী ভূগোল – ভৌগলিক অৱয়বৰ পৰিবৰ্তন, কেনেদৰে সৃষ্টি হৈছিল এই আটাইবোৰ অধ্যয়ন কৰে।
ঙ. ৰাজনৈতিক ভূগোল – দেশৰ সীমা, ওচৰ চুবুৰীয়া দেশৰ লগত সম্বন্ধ, জনসংখ্যাৰ ৰাজনৈতিক ব্যৱহাৰ ইত্যাদি আলোচনা কৰে ।
১১. জীৱ ভূগোল বুলিলে কি বুজা ?
প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ সংমিশ্ৰণত জীৱ ভূগোলৰ সৃষ্টি হৈছে । জীৱ ভূগোলে উদ্ভিদ ভূগোল, প্ৰাণী ভূগোল, পৰিস্হিতি বিজ্ঞান, পৰিস্হিতি তন্ত্ৰ , পৰিৱেশিক ভূগোল ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰে ।
১২. একত্ৰিকৃত বিষয় হিচাপে ভূগোল বিজ্ঞান কথাষাৰৰ সত্যতা প্ৰমান কৰা ?
Or
ভূগোল বিজ্ঞানৰ লগত অন্যান্য বিষয় বোৰৰ সম্পৰ্ক লিখা
ভূগোল বিজ্ঞান এটা সংযোজিত কৰণৰ বিষয় । ইয়াৰ সম্পৰ্ক সমাজ বিজ্ঞানৰ আন আন বিষয় বোৰৰ লগত আছে । সামাজ বিজ্ঞান, ৰাজনীতি, অৰ্থনীতি, উদ্ভিদ বিজ্ঞান , প্ৰাণী বিজ্ঞান, বতৰ বিজ্ঞান, জন বিজ্ঞান ইত্যাদি ভিন ভিন বিষয়ৰ লগত ভূগোল বিজ্ঞানৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। উদাহৰণৰ সহায়ত ইয়াৰ স্পষ্টিকৰণ দিয়া হ’ল –
যেনে – ভূগোল বিজ্ঞানৰ সম্পৰ্ক ৰাজনীতি বিজ্ঞানৰ লগত আছে, ৰাজনিতী বিজ্ঞানৰ মুল ঠাই, জনসংখ্যা আৰু সাৰ্বভৌমত্ব , আনহাতে ৰাজনৈতিক ভূগোলে দেশবোৰক একোটা ভূ-খণ্ডিত গোট হিচাপে অধ্যয়ন কৰে আৰু তাত থকা মানুহ বোৰৰ ৰাজনৈতিক ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰে ।
আকৌ অৰ্থনীতিৰ লগতো ভূগোলৰ সম্পৰ্ক আছে । অৰ্থনীতিয়ে উৎপাদন, বিতৰণ আৰু উপভোগ, বিনিয়োগ আদিৰ বিষয়ে আলোচনা কৰে । আনহাতে অৰ্থনৈতিক ভূগোলে ঠাই সম্পৰ্কীয় কথা বোৰ, মানুহৰ ঠাই ভেদে অৰ্থনৈতিক কাৰ্যকলাপ ইত্যাদিৰ বিষয়ে আলোচনা কৰে । ঠিক তেনেদৰে , জনসংখ্যা ভূগোলেও জনবিজ্ঞানৰ লগত জড়িত। য’ত মানুহৰ বিতৰন, জন্মৰ হাৰ, মৃত্যুৰ হাৰ ইত্যাদি আলোচনা কৰা হয়।
ওপৰৰ আলোচনাৰ পৰা এইয়া স্পষ্ট হ’ল যে ভূগোল বিজ্ঞানৰ আন আন বিষয়ৰ লগত এক নিবিড় সম্পৰ্ক আছে।
https://eduvarangia.com/2021/11/06/geography-as-a-discipline/