পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ
Class 11 | Geography | Chapter 2 | Questions and Answers | AHSEC
১. নীহাৰিকা মতবাদ টো কোনে আগবঢ়াইছিল ?
জাৰ্মান দাৰ্শনিক ইমানুৱেল ক্যন্টে।
২. নীহাৰিকা মতবাদ টো কোনে সংশোধন কৰিছিল ?
নীহাৰিকা মতবাদ টো লেপলেচে 1796 চনত সংশোধন ঘটাইছিল ।
৩. বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ টো কোনে আগবঢ়াইছিল ?
এডুইন হাবলে ১৯২০ চনত আগবঢ়াইছিল ।
৪. ক্ষুদ্ৰ গ্ৰহ কাক বোলে ?
নীহাৰিকা এটাৰ গেছীয় মেঘ বোৰ ঘনীভূত হৈ কেন্দ্ৰৰ চাৰিওফালে পদাৰ্থৰ আবিৰ্ভাৱ হয় আৰু একো একোটা গোলাকাৰ বস্তুৰ সৃষ্টি হয় , এই সৰু সৰু গোলাকাৰ বস্তু বোৰ লগ লাগি সৃষ্টি হোৱা বস্তু টোক ক্ষুদ্ৰ গ্ৰহ বোলা হয় ।
৫. গ্ৰহ বোৰৰ উৎপত্তি কেতিয়া হৈছিল ?
প্ৰায় ৪.৬ বিলিয়ন বছৰ আগতে গ্ৰহ বোৰৰ উৎপত্তি হৈছিল ।
৬. আন্তঃগ্ৰহ আৰু বহিঃগ্ৰহ কাক বোলে ?
সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত অৱস্থিত গ্ৰহ বোৰক আন্তঃগ্ৰহ বোলা হয় । ৮ টা গ্ৰহৰ ভিতৰত বুধ,শুক্ৰ, পৃথিৱী আৰু মংগলক আন্তঃগ্ৰহ বোলা হয় ।
আনহাতে গ্ৰহাণুপুঞ্জৰ আৱেষ্টনিৰ বাহিৰৰ গ্ৰহ বোৰক বহিঃগ্ৰহ বোলা হয় ।
৭.গেছ নিৰ্গতকৰণ বুলিলে কি বুজা ? বা নিৰ্গত কৰন বুলিলে কি বুজা?
যি পদ্ধতিৰ সহায়ত পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা গেছবোৰ নিৰ্গত হৈছিল তাক গেছ নিৰ্গত কৰন বোলা হয় ।
৮. পাৰ্থিব গ্ৰহ বোৰ শিলাময় কিয় ?
পাৰ্থিব গ্ৰহ বোৰ সূৰ্যৰ ওচৰত থকা কাৰণে অধিক উত্তপ্ত হৈ উঠে, যাৰ ফলত গেছ বোৰ গোট মাৰিব নোৱাৰে । আনহাতে সূৰ্যৰ ওচৰত সৌৰ বতাহৰ প্ৰবলতা অতি বেছি আৰু এই বতাহে পাৰ্থিব গ্ৰহ বোৰৰ পৃষ্ঠভাগৰ পৰা বহু পৰিমাণৰ গেছ আৰু ধূলি উৰুৱাই লৈ যায়, যাৰ বাবে পাৰ্থিব গ্ৰহ বোৰৰ পৃষ্ঠ ভাগ শিলাময় হয় ।
৯. পৃথিৱীৰ উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটাৰ মাজত মূল পাৰ্থক্য কি ?
ক. কেন্ট আৰু লেপলাচ
খ. চেম্বাৰলেইন আৰু ম’লটন
ক. কেন্ট আৰু লেপলাচ – কেন্ট আৰু লেপলাচ ৰ মতবাদ মতে , প্ৰথমে প্ৰবীণ পূৰ্ণ টোক মাজত লৈ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থৰ মেঘ সৃষ্টি হৈছিল, আৰু এই মেঘ বোৰৰ পৰাই গ্ৰহ বোৰৰ সৃষ্টি হৈছিল বুলি কোৱা হয় । আনহাতে ,
খ. চেম্বাৰলিন আৰু ম’লটন নামৰ পণ্ডিত দুজনৰ মতে , এটা ডাঙৰ ভ্ৰমণৰত নক্ষত্ৰই সূৰ্যৰ ওচৰ চাপি আহিছিল । ইয়াৰ আকৰ্ষণৰ ফলত সৌৰ পৃষ্ঠৰ পৰা এটা ফিলামেন্ট বা বটালি আকৃতিৰ অংশ পৃথক হৈ পৰিছিল। ভ্ৰমনৰত তৰাটো আতৰি গ’ল যদিও এৰাই যোৱা অংশ টোৱে সূৰ্যৰ নাতিদূৰত থাকি সূৰ্যৰ চাৰিওফালে ঘূৰিব ধৰিলে , এই গেছীয় এৰাই অহা অংশৰ পৰাই গ্ৰহ বোৰৰ উৎপত্তি হোৱা বুলি কোৱা হয়।
১০. পৃথকীকৰণ পদ্ধতি মানে কি বুজা ?
পৃথিৱী ৰ সৃষ্টি হোৱাৰ পিছত ক্ৰমান্বয়ে ঘনত্ব বাঢ়ি আহিছিল, আৰু ভিতৰত ফালৰ উত্তাপো বাঢ়ি গৈছিল। আৰু ইয়াৰ ফলতেই ভিতৰৰ পদাৰ্থ বোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি পৃথক হ’ব ধৰিলে। লোৰ দৰে গধূৰ পদাৰ্থ বোৰ কেন্দ্ৰৰ ফালে বহি গ’ল আৰু পাতল পদাৰ্থ বোৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা ওপৰ ফালে থাকি গ’ল। আৰু এই প্ৰক্ৰিয়া টোকে পৃথকীকৰণ বোলা হয় ।
১১. আৰম্ভনিতে পৃথিৱীৰ উপৰিভাগত প্ৰকৃতি কেনেকুৱা আছিল ?
আৰম্ভনিৰ পৃথিৱী খন আজিৰ পৃথিৱীত কৈ সম্পূৰ্ণ পৃথক আছিল । পৃথিৱী সৃষ্টি হোৱাৰ পিছত একেবাৰে প্ৰাৰম্ভিক অৱস্হাত গ্ৰহটো একেবাৰে খালী বা উদং আছিল । পৃথিৱী পৃষ্ঠ শিলাময় আৰু অত্যন্ত উত্তপ্ত আছিল আৰু ইয়াত এখন পাতল হিলিয়াম আৰু হাইড্ৰজেনৰ পাতল আৱৰণ আছিল ।
১২. পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল ?
পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত জলীয়ভাপ, নাইট্ৰজেন, কাৰ্বন ডাইঅক্সাইড , মিথেন, এমোনিয়া আৰু কম পৰিমানে মুক্ত অম্লজান বা অক্সিজেন আছিল ।
১৩. বিগ বেং মতবাদ টো বহলাই লিখা?
বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে খুব জনপ্ৰিয় মতবাদ টো হ’ল – বিগ বেং মতবাদ । বিগ বেং মতবাদৰ মতে আৰম্ভণিতে বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলো পদাৰ্থই এটা সৰু বলৰ ৰূপত একে ঠাইতে থুপ খাই আছিল আৰু এই বলটো আকাৰত সৰু আছিল যদিও ইয়াৰ উত্তাপ আৰু ঘনত্ব বহুত বেছি আছিল ।
দ্বিতীয়তে এই বলটোৰ প্ৰবল শক্তিত বিস্ফোৰণ ঘটিছিল যাৰ ফলত ইয়াৰ আকাৰ সাংঘাটিক ভাবে বাঢ়ি গৈছিল । ই যেতিয়া আকৃতিত বাঢ়ি গ’ল কিছুমান শক্তি পদাৰ্থ লৈ ৰূপান্তৰিত হ’ল । বিগ বেং সংঘটিত হোৱাৰ প্ৰথম তিনি মিনিটৰ ভিতৰত প্ৰথম অনু টো গঠন হ’ব ধৰিছিল ।
তৃতীয়তে , বিগ বেং সংঘটিত হোৱাৰ ৩০০,০০০ বছৰৰ ভিতৰত উত্তাপ কমি হ’লগৈ মাত্ৰ ৪,৫০০ কেলভিন আৰু এই সময়তে আনৱিক পদাৰ্থৰ সৃষ্টি হৈছিল । এই সময়ত বিশ্বব্ৰহ্মাণ্ড স্বচ্ছ আছিল ।
বিগ বেং সংঘটিত হোৱাৰ এক ছেকেণ্ডত কৈও হাজাৰভাগ কম সময়ৰ ভিতৰত বহলি যোৱা কাৰ্য ধীৰ হৈ পৰে । আৰু এনেদৰে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে । বৰ্তমান বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ বহলি থকা সম্পৰ্কে অধিক তথ্য প্ৰমান সংগ্ৰহ কৰা হৈছে আৰু সেইকাৰণে বৈজ্ঞানিক মহলে বিগ বেং ধাৰণা টো মানি লৈছে ।
১৪. পৃথিৱীৰ ক্ৰমবিকাশত কি কি পৰ্যায় আছিল ? চমুকৈ প্ৰত্যেক টোৰে বৰ্ণনা দিয়া
পৃথিৱীৰ ক্ৰমবিকাশৰ পৰ্যায় সমূহক আমি প্ৰধানকৈ চাৰিটা পৰ্যায়ত ভগাব পাৰো । এইবোৰ হ’ল
ক. স্হলমণ্ডলৰ ক্ৰমবিকাশ
খ. বায়ুমণ্ডলৰ ক্ৰমবিকাশ
গ. জলমণ্ডলৰ ক্ৰমবিকাশ
ঘ. জীৱমণ্ডলৰ উৎপত্তি
ক. স্হলমণ্ডলৰ ক্ৰমবিকাশ – আৰম্ভণিতে পৃথিৱীখন উত্তপ্ত গলিত অৱস্হাত আছিল । ক্ৰমান্বয়ে ইয়াৰ ঘনত্ব বাঢ়ি আহিবলৈ ধৰিলে যাৰ ফলত কেন্দ্ৰৰ ফালে উত্তাপ বাঢ়ি গ’ল । ইয়াৰ ফলতেই ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি লোৰ দৰে গধূৰ পদাৰ্থ বোৰ কেন্দ্ৰৰ ফালে বহি গ’ল আৰু পাতল পদাৰ্থ বোৰ ওপৰ ফালে থাকি গ’ল । এনেদৰে পৃথকীকৰণ পদ্ধতিৰে পৃথিৱী গঠন কৰি পদাৰ্থ বোৰ বিভিন্ন স্তৰত শ্ৰেণীভুক্ত হৈ পৰিছিল , যিবোৰক আমি এতিয়া পৃথিৱীৰ খোলা, মেন্টল, বহিঃকেন্দ্ৰ, আৰু কেন্দ্ৰ ভাগ আদি নামেৰে জানো । লাহে লাহে পৃথিৱী শীতল হবলৈ ধৰিলে আৰু গোট মাৰি আকৃতিও সৰু হ’ল ।
খ. বায়ুমণ্ডলৰ ক্ৰমবিকাশ – পৃথিৱী শীতল হোৱাৰ পিছত ইয়াৰ ডাঠ ভিতৰত ভাগৰ পৰা গেছ আৰু দলীয় ভাপ ওলাই আহিল । ইয়াৰ ফলস্বৰূপে বৰ্তমানৰ বায়ুমণ্ডলৰ সৃষ্টি হৈছিল । এই বায়ুমণ্ডলত প্ৰথমে জলীয়ভাপ, কাৰ্বন-ডাই-অক্সাইড , মিথেন, এমোনিয়া আৰু কম পৰিমানে মুক্ত অক্সিজেন আছিল । এই সময়ত লানি নিচিঙাকৈ আগ্নেয়গিৰী উদগীৰণ হৈছিল আৰু জলীয় ভাপ , গেছ বোৰ আহি বায়ুমণ্ডলত যোগ হৈছিল । জলীয়ভাপবোৰ ঘনীভূত হৈ বৰষুণ হ’ল আৰু এই বৰষুনৰ পানীত কাৰ্বন ডাই অক্সাইড গেছ পমি গৈছিল
গ. জলমণ্ডলৰ ক্ৰমবিকাশ – পৃথিৱীৰ সৃষ্টিৰ পিছত বহুত বেছি পৰিমানে আগ্নেয়গিৰী উদগীৰণ হৈছিল আৰু সঘনাই ভূ-আন্দোলনৰ সৃষ্টি হৈছিল ইয়াৰ ফলত কিছুমান বহল আৰু গভীৰ তথা দʼ ঠাইৰ সৃষ্টি হৈছিল । আৰু এই দʼ ঠাইবোৰতে বৰষুনৰ পানীত জমা হৈ সাগৰ-মহাসাগৰৰ সৃষ্টি হৈছিল । পৃথিৱী গঠন হোৱা ৫০০ নিযুত বছৰৰ ভিতৰত মহাসাগৰ বোৰৰ উৎপত্তি হৈছিল
ঘ. জীৱমণ্ডলৰ উৎপত্তি – আজিৰ পৰা প্ৰায় ৩৮০০ নিযুত বছৰ আগতে জীৱনৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছিল । নিযুত নিযুত বছৰ জুৰি জীৱৰ স্পন্দন সাগৰতে বন্দী হৈ আছিল । বৰ্তমান সময়ৰ বৈজ্ঞানিক সকলে জীৱৰ উৎপত্তি ৰাসায়নিক বিক্ৰিয়া ৰে হোৱা বুলি ভাবে ।
ওপৰত উল্লেখিত পৰ্যায় সমূহ অতিক্ৰমি বৰ্তমানৰ সেউজীয়া , জীৱন দায়িনী ধৰিত্ৰী ৰ সৃষ্টি হৈছিল ।
১৫. গ্ৰহৰ উৎপত্তি ৰ পৰ্যায় সমূহ কি কি ?
গ্ৰহৰ উৎপত্তিৰ পৰ্যায় সমূহ তলত উল্লেখ কৰা হ’ল –
১. নীহাৰিকা এটাৰ ভিতৰত থকা স্হানীয় গেছীয় থুপ বোৰেই হ’ল একো একোটা তৰা । স্হানীয় গেছৰ থুপত থকা মধ্যাকৰ্ষণৰ ফলত একোটা কেন্দ্ৰ সৃষ্টি হয় আৰু এই কেন্দ্ৰৰ চাৰিওফালে গেছ আৰু ধূলিৰ বৃহৎ কাহী খন ঘূৰিবলৈ ধৰে ।
২. দ্বিতীয় পৰ্যায়ত গেছীয় মেঘ বোৰ ঘনীভূত হ’বলৈ ধৰে আৰু কেন্দ্ৰৰ চাৰিওফালে পদাৰ্থৰ আবিৰ্ভাৱ হয় আৰু কিছুমান গোলাকাৰ বস্তুৰ সৃষ্টি হয় । এই সৰু সৰু গোলাকাৰ বস্তু বোৰ লগলাগি ক্ষুদ্ৰ গ্ৰহ সৃষ্টি কৰে । এইবোৰ লগ হৈ একোটা ডাঙৰ গোটৰ সৃষ্টি হয় যাৰ ফলত মধ্যাকৰ্ষণৰ প্ৰাবল্যতা বাঢ়ে আৰু ই অধিক ক্ষুদ্ৰবস্তু বোৰক আজুৰি আনি ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ধৰে ।
৩. শেষ পৰ্যায়ত এই ক্ষুদ্ৰ গোট বোৰ একো একোটা ডাঙৰ গোটৰ জন্ম দিয়ে যাক গ্ৰহ বোলা হয় ।
১৬. পাৰ্থিব আৰু জোভিয়ান গ্ৰহবোৰৰ মাজত পাৰ্থক্য লিখা ?
Some MCQs (origin and evolution)