জৈৱ – বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষন Biodiversity
HS 1st year | Environmental Science | Chapter 3
১. জৈৱ- বৈচিত্ৰ্যৰ সংজ্ঞা লিখা ? Biodiversity
জীৱৰ সংখ্যা , পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ টোৱে হ’ল জৈৱ-বৈচিত্ৰ্য । Biodiversity
২. উদাহৰণসহ ব্যাখ্যা কৰা – আণুবংশিক(বা জিনীয়) বৈচিত্ৰ্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্হিতিতন্ত্ৰ বৈচিত্ৰ্য ।
একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হৈছে জিনগত জৈৱ বৈচিত্ৰ্য । এনে বৈচিত্ৰ্যই প্ৰজাতি সমূহৰ মাজত বিভিন্নতা সৃষ্টি কৰে । উদাহৰণস্বৰূপে বাচমতী চাউল জহা চাউল তকৈ একেবাৰে পৃথক, আকাৰ , ৰং, সোৱাদ আৰু গোন্ধ এইবোৰৰ জৰিয়তে এই বিভিন্নতা সহজেই অনুমান কৰিব পাৰি।
বিভিন্ন ধৰনৰ জীৱক শ্ৰেণীবদ্ধ কৰা প্ৰজাতি সমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয় । প্ৰতিটো প্ৰজাতি অন্যান্য প্ৰজাতি সমূহতকৈ সম্পূৰ্ণ ভাবে পৃথক। প্ৰজাতি বৈচিত্ৰ্যক সাধাৰনতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতি সমূহৰ মুঠ সংখ্যাৰ ভিত্তিত । উদাহৰণস্বৰূপে , ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ প্ৰজাতি । ঠিক তেনেদৰে সিংহ আৰু বাঘ ভিন্ন প্ৰজাতিৰ, কিন্তু ইহঁতৰ মাজত বিভিন্নতাৰ লগতে কিছু সাদৃশ্য দেখা যায় ।
পৰিস্হিতিতন্ত্ৰ বৈচিত্ৰ্য হৈছে জীৱৰ বসতি স্থানৰ বৈচিত্ৰ্য , যিয়ে এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। উদাহৰণস্বৰূপে পুখুৰীৰ পৰিস্হিতিতন্ত্ৰ আৰু মৰুভূমিৰ পৰিস্হিতি তন্ত্ৰ সম্পূৰ্ণ পৃথক ।
৩. জৈৱ-বৈচিত্ৰ্য মূল্যসমূহ কি কি ? Biodiversity
জৈৱ বৈচিত্ৰ্যই পৰিস্হিতিতন্ত্ৰত ক্ৰিয়া – প্ৰক্ৰিয়া যেনে পৰিষ্কাৰ -পৰিচ্ছন্ন পানী যোগান , পুষ্টি চক্ৰ আৰু মাটি সংৰক্ষন আদি অব্যাহত ৰাখে , পৃথিৱীত বিভিন্ন প্ৰকাৰৰ জীৱ , গছ বননি আছে এইবোৰেই কোটি কোটি মানুহৰ খাদ্য , ৰোগ নিৰাময়ৰ বস্তু, আশ্ৰয়, আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজন পূৰন কৰে । জৈৱ বৈচিত্ৰ্যই মানুহৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ বিস্তাৰ কৰে।
জৈৱ বৈচিত্ৰ্যৰ মূল্য সমূহ তলত দিয়া ধৰণে ভগাব পাৰি –
ক. উপভোক্তামূলক মূল্য
খ. উৎপাদনমূলক মূল্য
গ. সামাজিক মূল্য
ঘ. নৈতিক মূল্য আৰু
গ. নৈসৰ্গিক মূল্য
৪. উপভোক্তামূলক মূল্য কি ?
মানুহে জৈৱ বৈচিত্ৰ্যৰ উপাদান সমূহৰ পৰা উপভোগ কৰা কাৰ্যকে সহজ ভাষাত উপভোক্তামূলক মূল্য বুলিব পাৰি ।
মানুহে অতীজৰে পৰা জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উপাদান যেনে – ইন্ধন, খাদ্য, ঔষধ ইত্যাদি ব্যৱহাৰ কৰি আহিছে । বিশ্বৰ খাদ্যৰ ৯০% শতাংশই আহে উদ্ভিদ প্ৰজাতি সমূহৰ পৰা । আকৌ , উন্নয়নশীল দেশসমূহৰ ৮০ শতাংশ মানুহেই প্ৰাথমিক চিকিৎসাৰ বাবে পৰাম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰশীল। খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ, জীৱাশ্ম ইন্ধন, প্ৰাকৃতিক গেছ , খনিজ দ্ৰব্য এই আটাইবোৰ আমি জৈৱ বৈচিত্ৰ্যৰ উপাদান সমূহৰ পৰাই উপভোগ কৰোঁ। Biodiversity
৫. উৎপাদনমূলক মূল্য কি ?
জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাবে প্ৰস্তুত কৰা সামগ্ৰী বোৰৰ ব্যৱহাৰেই হৈছে উৎপাদনমূলক মূল্য । উদাহৰণস্বৰূপে – পাট পলুৰ পৰা তৈয়াৰ কৰা পাট কাপোৰ, কুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা গুড় আৰু চেনি, বাঁহৰ পৰা প্ৰস্তুত কৰা কাগজ ইত্যাদি বস্তু বোৰ আমি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰো ।
৭. জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকি সমূহ কি কি ?
বিভিন্ন দিশৰ পৰা জৈৱ বৈচিত্ৰ্য লৈ অহা ভাবুকি সমূহ হ’ল –
ক. বাসস্থান ধ্বংস – বিভিন্ন ধৰনৰ উদ্যোগিক কাৰ্য, ৰাস্তা, দলং, বাসগৃহ নিৰ্মাণ ইত্যাদি কাৰণত বনাঞ্চল সমূহ ধ্বংস কৰা হৈছে যাৰ ফলত জীৱ-জন্তুৰ বাসস্থান ধ্বংস হৈছে ।
খ. পশুধনৰ অতিপাত বিচৰণ – পশুধনৰ অনিয়ন্ত্ৰিত বিচৰণো জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এক ডাঙৰ সমস্যা । কম ঘাঁহনি যুক্ত অঞ্চলত অতিপাত পশু বিচৰনৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয় আৰু মাটিৰ উপৰি পৃষ্ঠৰ ক্ষয় বৃদ্ধি হয় ।
গ. চোৰাংচিকাৰ – জীৱ জন্তুৰ চোৰাং বেহা তথা গছ-গছনি চোৰাং কাৰবাৰে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নমাই আনিছে । যাৰ বাবে হাতী, গড় , হৰিণা, গুই , এনেধৰনৰ জীৱ জন্তুৰ সংখ্যা টুটি আহিছে।
ইয়াৰ ওপৰিও প্ৰাকৃতিক দুৰ্যোগ, জলবায়ুৰ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েও জীৱজগতৰ প্ৰতি ভাবুকি নমাই আনিছে ।
৭. জৈৱ বৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃসংৰক্ষণ কি ?
বহিঃ সৰংক্ষণ হৈছে – উদ্ভিদ অথবা প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আনি অন্য স্থানত সংৰক্ষণ কৰা । যেনে উদ্ভিদ উদ্যান, বন্যপ্ৰাণী উদ্যান ইত্যাদি ।
আনহাতে অন্তঃসংৰক্ষণ হৈছে – বনজ উদ্ভিদ আৰু প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানতে সৰংক্ষন কৰা । যেনে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য ইত্যাদি হ’ল অন্তঃসংৰক্ষণ উদাহৰণ ।
৮. জীৱ সম্পদৰ চোৰাং বেহা বা বায়ʼপাইৰেচি কি ?
জীৱ সম্পদৰ চোৰাং বেহা হৈছে এখন দেশৰ পৰা জীৱ সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ অধিকাৰ আদায় কৰা ।
৯. আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা
আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হ’ল
ক. বহিঃসংৰক্ষণ আৰু অন্তঃসংৰক্ষণ ব্যৱস্থা – বহিঃ সৰংক্ষণ হৈছে – উদ্ভিদ অথবা প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আনি অন্য স্থানত সংৰক্ষণ কৰা । যেনে উদ্ভিদ উদ্যান, বন্যপ্ৰাণী উদ্যান ইত্যাদি।
আনহাতে অন্তঃসংৰক্ষণ হৈছে – বনজ উদ্ভিদ আৰু প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানতে সৰংক্ষন কৰা । যেনে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য ইত্যাদি হ’ল অন্তঃসংৰক্ষণ উদাহৰণ ।
খ. বিধায়িনী ব্যৱস্থা – জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত কিছুমান আইনী ব্যৱস্থা হাতত লোৱা হৈছে , তাৰ ভিতৰত পৰিৱেশ সুৰক্ষা আইন ১৯৮৬, বন সুৰক্ষা আইন ১৯৮০, বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ইত্যাদি প্ৰধান । Biodiversity
১০. ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল ? Biodiversity
ধৰিত্ৰী সন্মিলন ১৯৯২ চনত ব্ৰাজিলৰ ৰায়ʼ ডি জেনেৰিঅʼ ত অনুষ্ঠিত হৈছিল ।