Excellent notes of Assamese language paper for Assam TET exam

Notes for TET aspirants. Language Paper.

অসমীয়া ভাষাৰ ক্ৰমবিকাশ আৰু অসমীয়া ভাষাৰ ধ্বনি সম্পৰ্কে অতি চমুকৈ। Assamese Language Paper

অসমীয়া হৈছে এটা অতি প্ৰাচীন ভাষা । এই ভাষা টোৰ মূল হ’ল আৰ্য গোষ্ঠীৰ ভাষা । ভাৰতীয় আৰ্যগোষ্ঠীয় ভাষাটোক তিনিটা ভাগত ভগোৱা হৈছে – (Assamese Language Paper)

  • প্ৰাচীন ভাৰতীয় আৰ্য ভাষাঃ বৈদিক আৰু সংস্কৃত ভাষা হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
  • মধ্য ভাৰতীয় আৰ্য ভাষাঃ পালি, প্ৰাকৃত আৰু অপভ্ৰংশ হৈছে মধ্য ভাৰতীয় আৰ্য ভাষা।
  • নৱ ভাৰতীয় আৰ্য ভাষাঃ আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষা সমুহক ইয়াত অন্তৰ্ভুক্ত কৰা হয়।

ভাৰতীয় আৰ্য ভাষাটো দুটা প্ৰধান স্তৰৰ মাজেৰে আহি আধুনিক ভাৰতীয় আৰ্য ভাষা ৰূপে প্ৰতিষ্ঠা হোৱা বুলি কব পাৰি । ইয়াৰে প্ৰথম টো হল বৈদিক সংস্কৃত ভাষা স্তৰ আৰু দ্বিতীয় টো হল প্ৰাকৃত ভাষা স্তৰ।

ইয়াতে আৰ্য ভাষাটো বৈদিক সংস্কৃত ভাষা স্তৰৰ মাজেৰে আহি সংস্কৃত ভাষাটোৰ সহায়ত এক পৰিমাৰ্জিত ৰূপ লাভ কৰিলে আৰু অভিজাত্যৰ পৰিচয় ৰূপে আৰ্য সকলৰ সাহিত্য সংস্কৃতিৰ মাধ্যম হৈ পৰে।

আৰু দ্বিতীয়টো স্তৰ টোৰ মাজেৰে বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা টো পৰিবৰ্তিত হৈ সৰল প্ৰাকৃত ভাষাত পৰিণত হয়। প্ৰাকৃতৰ স্তৰ আকৌ তিনিটা, সৈইকেইটা হল- আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত্য প্ৰাকৃত।

অশোকৰ শিলালিপি, পালি ভাষাত ৰচনা কৰা ত্ৰিপিটক(বৌদ্ধ ধৰ্ম গ্ৰন্থ) আদিত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, জৈন ধৰ্ম গ্ৰন্থ আৰু প্ৰবৰ সেনৰ সেতুবন্ধনত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

সন্দেশৰাসক, বজাজলগগ, সহজীয়া বৌদ্ধ সিদ্ধচাৰ্য সকলৰ দোহাত অন্ত্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়। অন্ত্য প্ৰাকৃত ভাষা টো হল আৰ্য ভাষাৰ এটা অপভ্ৰংশ।

আকৌ প্ৰাকৃত ভাষাটোৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায় । সেইকেইটা হল-

  • পূৰ্বাঞ্চলৰ মাগধী
  • মধ্যদেশৰ শৌৰসেনী
  • দক্ষিণ-পশ্চিম অঞ্চলৰ মহাৰাষ্ট্ৰী
  • উত্তৰ পশ্চিম অঞ্চলৰ পৈশাচী

অসমীয়া ভাষাটো মাগধী ৰূপৰ পৰা ৰূপান্তৰিত হৈ পশ্চিমেৰে অসমত প্ৰৱেশ কৰে আৰু নামনি অঞ্চলত সুকীয়া ভাষা ৰূপে গঢ় লৈ । কালক্ৰমত এই ভাষাটো উজনি অসমত বিয়পি পৰে।

  এইক্ষেত্ৰত ভাষাতত্ববিদ, ডক্টৰ সুনীতি কুমাৰ চট্টোপধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ(মাগধী প্ৰাকৃতৰ পৰাই প্ৰাচ্য অপভ্ৰংশৰ সৃষ্টি হৈছিল) চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেইকেইটা হল –

  •  ৰাঢ়- পশ্চিম বংগৰ উপভাষাৰ সৃষ্টি ।
  • বৰেন্দ্ৰ- উত্তৰ মধ্যবংগৰ উপভাষাৰ সৃষ্টি।
  • বঙ্গ- পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি।
  • কামৰূপ- অসমীয়া, কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ কথিত ভাষাৰ সৃষ্টি।

অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় দশম শতিকাৰ মাজ ভাগৰ পৰা এটা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। অসমীয়া ভাষাৰ বিকাশৰ এক উল্লেখযোগ্য নিদৰ্শন হ’ল চৰ্যাপদ বোৰ।  উল্লেখযোগ্য যে প্ৰাচীন কামৰূপৰ ৰজা বিলাকৰ তাম্ৰ শাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। Assamese Language Paper

চৰ্যা পদবোৰৰ পিছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষাত ইয়াৰ নিদৰ্শন পোৱা যায়। সোতৰ শতিকালৈ কামৰূপী ভাষাৰ পৰিসৰ কমি আহে আৰু কথিত আৰু লিখিত সাহিত্যৰ পৰা এই ভাষাটো উপভাষালৈ পৰিণত হয়।

সোতৰ শতিকাত কোচ ৰাজত্বৰ অন্ত পৰাৰ পিছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোমৰ ৰাজধানীলৈ স্থানান্তৰিত হয় আৰু আহোম ৰজা সকলৰ পৃষ্ঠপোষকতাত ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি এই কামৰূপী ভাষাটোৱে অসমীয়া ভাষা হিচাপে পৰিচিত হৈ সাহিত্যিক মৰ্যদা লাভ কৰে।

অসমীয়া বৰ্ণ আৰু ধ্বনি

অসমীয়া ভাষাটোৰ নিজস্ব আৰু স্বকীয় লিখিত ৰূপ আছে। অসমীয়াত স্বৰ বৰ্ণ হ’ল ১১ টা আৰু ব্যঞ্জন বৰ্ণ হল- ৪১ টা । ইয়াত আকৌ স্বৰ ধ্বনি হৈছে ৮ টা আৰু ব্যঞ্জন ধ্বনি হৈছে- ২৩ টা

স্বৰ ধ্বনি বোৰ সাধাৰণতে সঘোষ ধ্বনি আৰু ব্যঞ্জন ধ্বনি বোৰ সঘোষ নাইবা অঘোষ দুই ধৰনৰ হ’ব পাৰে । ইয়াৰ উপৰিও ব্যঞ্জন ধ্বনি সমুহক অল্প প্ৰাণ আৰু মহা প্ৰাণ ধ্বনি এই দুই ধৰণেও ভগোৱা হয়।

কি কি বাগেন্দ্ৰিয়ৰ সহায়ত ধ্বনি বোৰ উচ্ছাৰণ হয় আৰু উচ্চাৰণৰ ধৰন অনুযায়ী ব্যঞ্জন ধ্বনি বোৰ নিম্নোক্ত ধৰণে ভগাব পাৰি-

১/ স্পৰ্শ ধ্বনি

  • ঔষ্ঠ ধ্বনি
  • দন্তমূলীয় ধ্বনি
  • পশ্চ তালব্য ধ্বনি

২/ উষ্ম বা ঘৰ্ষিত ধ্বনি(ঘৃষ্ট ধ্বনি)

৩/ নাসিক্য ধ্বনি

৪/পাৰ্শ্চিক ধ্বনি

৫/কম্পিত ধ্বনি

৬/অন্তঃস্থ ধ্বনি বা অৰ্ধস্বৰ

আকৌ স্বৰ ধ্বনি সমুহক নিম্নোক্ত ধৰণে ভগাব পাৰি Assamese Language Paper

  • প্ৰান্তীয় নাইবা অগ্ৰস্বৰ ধ্বনি
  • কেন্দ্ৰীয় নাইবা মধ্যস্বৰ ধ্বনি
  • মূলীয় বা পশ্চস্বৰ ধ্বনি

তলত ব্যঞ্জন আৰু স্বৰ ধ্বনি সমুহক উদাহৰেণেৰে সৈতে আলোচনা কৰা হ’ল

ব্যঞ্জন ধ্বনি

  • সঘোষ ধ্বনিঃ গ, ঘ, ঙ, জ, দ, ধ, ন, ব, ভ, ম, ৰ, ল, ৱ, য় ।
  • অঘোষ ধ্বনিঃ ক, খ, চ, ত, থ, প, ফ,
  • অল্প  প্ৰাণঃ ক, গ, ঙ, ত, দ, প, ব
  • মহা প্ৰাণঃ খ, ঘ, থ, ধ, ফ, ভ

স্পৰ্শ ধ্বনি

  • ঔষ্ঠ ধ্বনিঃ প, ফ, ব, ভ
  • দন্তমূলীয় ধ্বনিঃ ত, থ, দ, ধ
  • পশ্চ্য তালব্য ধ্বনিঃ ক, খ, গ, ঘ

উষ্ম ধ্বনিঃ চ, জ, স, হ

কন্ঠ ধ্বনিঃ

নাসিক্য ধ্বনিঃ ঙ, ম, ন

পাৰ্শ্চিক ধ্বনিঃ

কম্পিত ধ্বনিঃ

অন্তঃস্থ ধ্বনি বা অৰ্ধস্বৰঃ ৱ, য়( শ্ৰুতি ধ্বনি বা অনিয়মিত ধ্বনিও বোলা হয়)

স্বৰ ধ্বনি

  • প্ৰান্তীয় ধ্বনিই, এ
  • কেন্দ্ৰীয় বা মধ্য ধ্বনি
  • মূলীয় বা পশ্চ ধ্বনি উ, ও, অ

Leave a Reply

Your email address will not be published. Required fields are marked *