Best Deled Paper for Assam – Society, Education and Curriculum

D.el.ed second semester | Assamese Medium

Paper code – S2.2 | Deled Paper

Unit- 1 understanding of education. Deled Paper

Part 1.3 – Schooling and education as visualised  by different Western and Indian thinkers : Rousseau, Dewey, Montessori, Gandhi, Tagore, Radhakrishnan, Aurobindo, Karlmarx, D.S kothari, Prof.yashpal.

পশ্চিমীয়া চিন্তাবিদ আৰু ভাৰতীয় চিন্তাবিদৰ দৃষ্টিত শিক্ষা : ৰুছো, জন ডিৱি, মন্টেছৰী, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাধাকৃষ্ণণ, অৰবিন্দ ঘোষ, কাৰ্ল মাৰ্ক্স, ডি.এচ কোঠাৰী, প্ৰফেছৰ য়শপাল ।

উ: শিক্ষা হৈছে এক জীৱনযোৰা প্ৰক্ৰিয়া । শিক্ষা সম্বন্ধে ভিন্ন সময়ত ভিন্ন দাৰ্শনিক তথা শিক্ষাবিদে বহুতো মতবাদ আগবঢ়াই থৈ গৈছে । তেখেত সকলৰ মহান অবদানে আজিও শিক্ষা ব্যৱস্থাটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে । তেখেতসকলৰ শিক্ষা সম্পৰ্কীয় চিন্তা ধাৰা সম্পৰ্কে তলত আলোচনা কৰা হ’ল –

. ৰুছো

১৮ শতিকাত সমগ্ৰ ইউৰোপত শিক্ষাৰ ক্ষেত্ৰত প্ৰবল পৰিবৰ্তনৰ ঢৌ নামাছিল আৰু সেই সময়ত এক শক্তিশালী গুৰুত্বপূৰ্ণ শক্তিয়ে শিক্ষাৰ ইতিহাস নতুনকৈ ৰচনা কৰিছিল , যাৰ গুৰি ধৰোতা আছিল জ্যা জ্যাক ৰুছো । ১৭১২ চনত জেনেভা চহৰত তেওঁৰ জন্ম হৈছিল । Deled Paper

ৰুছোৱে প্ৰাকৃতিক ভাবে লাভ কৰা শিক্ষা তথা প্ৰকৃতিৰ পৰা আহৰণ কৰা শিক্ষাক অধিক গুৰুত্ব দিছিল । ৰুছোৰ জীৱন দৰ্শণক সেই কাৰণে প্ৰকৃতিবাদ বুলি কোৱা হয় । সংসাৰৰ বিচিত্ৰ অভিজ্ঞতাই ৰুছোৰ চিন্তা জগতত এক নতুন লহৰ তুলিছিল আৰু তেওঁ বিভিন্ন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিছিল । ইয়াৰ ভিতৰত “Social contract” , “Emile”, “the origin of inequalities among man” , “the oppression and corruption of society are due to advancement of civilization” etc.

ৰুছোৰ শিক্ষা দৰ্শন আৰু লক্ষ্য

ৰুছোৰ শিক্ষাদৰ্শনত তেওঁৰ জীৱন দৰ্শন আৰু সমাজ দৰ্শনৰ প্ৰত্যক্ষ প্ৰভাব বিৰাজমান । সেইসময়ৰ শিক্ষা ব্যৱস্থাক ৰুছোৱে কোনোমতে সমৰ্থন কৰা নাছিল , কিয়নো সেই শিক্ষা দিয়া হৈছিল কৃত্ৰিম পৰিবেশত । শিশুৰ ইচ্ছাৰ বিপৰীতে সেই শিক্ষা দিয়া হৈছিল । শিশুৰ সুকীয়া সত্বা , স্বাধীনতা, ইচ্ছা , প্ৰয়োজনীয়তা আদিৰ ওপৰত একেবাৰে গুৰুত্ব দিয়া হোৱা নাছিল । ৰুছোই এই শিক্ষা ব্যৱস্থাৰ ঘোৰ প্ৰতিবাদ জনাই প্ৰকৃতিবাদক সমৰ্থন কৰিছিল।

ৰুছোৰ শিক্ষানীতি প্ৰকৃতিগত । তেওঁ প্ৰকৃতিগত শিক্ষানীতিৰ বৰ্ণনা দিবলৈ গৈ প্ৰাকৃতিক তিনিটা অৰ্থত ব্যৱহাৰ কৰিছে –

  • মানসিক প্ৰকৃতি- ৰুছোৱে শিশুৰ মানসিক অৱস্থা তথা বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তেওঁৰ মতে শিশুৰ শিক্ষা হ’ব শিশুৰ জন্মগত প্ৰবৃত্তি , চাহিদা, ইচ্ছা , আবেগ, অনুভূতি আৰু ৰুচি-অভিৰুচিৰ ওপৰত ভিত্তি কৰি ।
  • জাগতিক প্ৰকৃতি- ৰুছোৱে তেওঁৰ কাল্পনিক শিশু এমিলৰ বাবে প্ৰকৃতিক শ্ৰেষ্ঠ শিক্ষক হিচাপে বৰ্ণনা কৰিছে । নগৰীয়া জীৱনৰ লগত প্ৰকৃতিৰ কোনো যোগাযোগ নাই । তেওঁ কৈছিল “cities are the graves of human species” শিশুৰ শিক্ষাৰ উপযুক্ত ঠাই বিশ্ব প্ৰকৃতিৰ বিশাল কোলা য’ত গছ-গছনি , নদ- নদী, পশু-পক্ষী , চৰাই-চিৰিকটিৰ লগত শিশুৱে প্ৰত্যক্ষ ভাবে মিলিজুলি অভিজ্ঞতা অৰ্জন কৰিব পাৰে। প্ৰকৃতিয়ে হ’ব শিশুৰ একমাত্ৰ শিক্ষক।
  • জৈৱিক প্ৰকৃতি- প্ৰত্যেক মানুহৰ মাজত জীৱ প্ৰকৃতিৰ বৈশিষ্ট্য বিৰাজমান । মানুহে কিছুমান জৈৱিক চাহিদা লৈ জন্মগ্ৰহণ কৰে আৰু মানুহৰ জৈৱিক সত্বাই বিভিন্ন স্তৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি ক্ৰমে পৰিপূৰ্ণতা লৈ অগ্ৰসৰ হয় ।

ৰুছোৰ পাঠ্যক্ৰম

গতানুগতিক পাঠ্যক্ৰমক ৰুছোৱে কোনোপধ্যে সমৰ্থন কৰা নাছিল । তেওঁ নিজেও কোনো সুনিৰ্দিষ্ট পাঠ্যক্ৰম ৰচনা কৰা নাছিল । তেওঁৰ মতে পুথিগত বিদ্যাতকৈ কৰ্ম অধিক শ্ৰেষ্ঠ । কৰ্ম‌ই শিশুক সক্ৰিয় কৰি তোলে । ৰুছোৱে শৈশৱ কালত শৰীৰ চৰ্চাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল ।

ৰুছোৱে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান

  • শিশু কেন্দ্ৰিক শিক্ষা – শিক্ষাৰ ক্ষেত্ৰত ৰুছোৱে শিশুৰ ব্যক্তিত্বৰ ওপৰত অধিক গুৰুত্ব দিছে , সেয়েহে ৰুছোক আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জনক বুলি কোৱা হয় । শিশুৰ শিক্ষা শিশুৰ চাহিদা , শিশুৰ অভিৰুচি অনুযায়ী হে দিব লাগে Deled Paper
  • মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰৱৰ্তন– শিক্ষাৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক আন্দোলনৰ প্ৰথম সূত্ৰপাত কৰিছিল ৰুছোৱে । তেওঁ শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিস্বাধীনতাৰ নীতি মানি লৈছিল। সেয়েহে ৰুছোক আধুনিক মনোবৈজ্ঞানিক দূত হিচাপে গণ্য কৰা হয় । শিক্ষাৰ ক্ষেত্ৰত শিশুৰ ৰুচি অভিৰুচি , আগ্ৰহ, মনোবৃত্তি , প্ৰবৃত্তি আদিক গুৰুত্ব দি শিক্ষাক মনোবিজ্ঞান সন্মত কৰিবলৈ চেষ্টা কৰিছিল ।
  • শিক্ষণপদ্ধতিৰ নিৰ্বাচন আৰু বৈজ্ঞানিক দৃষ্টি ভংগীৰ প্ৰবৰ্তন- ৰুছোৱে শিক্ষা ব্যৱস্থাত এক নতুন পদ্ধতিৰ ইংগিত দিছিল । তেওঁ কৈছিল যে শিশুৱে সক্ৰিয়ভাবে মুকলিমুৰীয়া হৈ প্ৰকৃতিৰ বুকুত থাকি প্ৰকৃতিৰ লগতে মিলা মিচা কৰিবলৈ শিকিব । তেওঁৰ এই পদ্ধতিৰ ওপৰত বৰ্তমানৰ “আৱিষ্কাৰক পদ্ধতি” (heuristic method) প্ৰতিষ্ঠিত ।
  • মৌখিক শিক্ষা ব্যৱস্থাক অসমৰ্থন-  ৰুছোৱে মৌখিক শিক্ষা ব্যৱস্থাক সমৰ্থন কৰা নাছিল । তেওঁৰ মতে ব্যক্তিগত অভিজ্ঞতা হে প্ৰকৃত শিক্ষা । প্ৰকৃত শিক্ষা যুক্তি আৰু বিচাৰৰ  দ্বাৰাহে গঠিত । এই যুক্তি আৰু বিচাৰ প্ৰকৃত অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত । সেয়েহে ৰুছোৱে শিক্ষাৰ ক্ষেত্ৰত জ্ঞান অভিজ্ঞতাক বস্তু কেন্দ্ৰিক কৰাৰ সমৰ্থন কৰিছিল অৰ্থাৎ , প্ৰত্যক্ষ বস্তুৰ মাধ্যমত দিব পৰা জ্ঞানকহে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল ।
  • স্বাধীনতা আৰু শৃংখলাৰ প্ৰয়োগ  ৰুছোৱে শিক্ষা ক্ষেত্ৰত মুক্ত বা স্বতঃস্ফূৰ্ত শৃংখলাৰ ধাৰণা প্ৰথমতে প্ৰৱৰ্তন কৰিছিল। শিশুৱে নিজ ইচ্ছামতে চলা-ফুৰা কৰিব আৰু প্ৰকৃতিৰ সান্নিধ্যলৈ আহি জ্ঞান-অভিজ্ঞতা লাভ কৰিব । শাস্তি আৰু শাসনক ৰুছোৱে কোনোমতে সমৰ্থন কৰা নাই ।
  • ৰুছোক শিক্ষাৰ ক্ষেত্ৰত সমাজতান্ত্ৰিক ভাবধাৰাৰ  পিতা বুলিব পাৰি কিয়নো, তেওঁ শিক্ষাৰ ক্ষেত্ৰত হাতৰ কাম, বৃত্তিমুলক শিক্ষাকো স্থান দিছে । বৰ্তমান শিক্ষা ব্যৱস্থাতো শিশুৰ সামাজিক বিকাশৰ সহায় কৰিবলৈ এনেধৰনৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । Deled Paper

ওপৰৰ আলোচনাৰ পৰা শিক্ষাৰ ক্ষেত্ৰত ৰুছোৰ অৱদানৰ এক সুন্দৰ আভাষ পোৱা গ’ল । বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাতো ৰুছোৰ ভাবদৰ্শনৰ প্ৰভাৱ বিৰাজমান । বৰ্তমানৰ কিণ্ডাৰগাৰ্টেন, মন্টেছৰী আদি পদ্ধতি ৰুছোৰ তত্ত্বৰ ওপৰতে প্ৰতিষ্ঠিত ।

ৰবীন্দ্ৰনাথ ঠাকুৰ

ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ১৮৬১ চনত । তেওঁৰ দেউতাকৰ নাম আছিল মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ আৰু মাকৰ নাম সাৰদা দেৱী । ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন ভাববাদী ব্যক্তি । তেওঁ বিশ্বাস কৰিছিল যে সৃষ্টিৰ মুলতে এক সৰ্বব্যাপি আধ্যাত্মিক শক্তি বিৰাজমান । তেওঁ আছিল এজন শ্ৰেষ্ঠ মানৱ প্ৰেমী । ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কাব্য, সাহিত্য আৰু শিক্ষা জগতত আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আজিও অমৰ । Deled Paper

ৰবীন্দ্ৰনাথৰ শিক্ষা দৰ্শন আৰু শিক্ষানিতীৰ বৈশিষ্ট্য

ৰবীন্দ্ৰনাথৰ শিক্ষা দৰ্শন তেওঁৰ জীৱন দৰ্শনৰ দ্বাৰাই প্ৰভাবিত। স্কুলীয়া জীৱনৰ তিক্ত অভিজ্ঞতাৰ ফলতেই সৃষ্টি হৈছিল ৰবীন্দ্ৰনাথৰ শিক্ষা দৰ্শন । তেওঁ স্কুলক কাৰখানাৰ লগত তুলনা কৰিছিল । তেওঁৰ মতে সকলো শিক্ষাৰ লক্ষ্য হ’ল নিজক বুজি পোৱা বা উপলব্ধি কৰা , নিজকে উপলব্ধি কৰা মানে পৰম সত্বাক বুজি পোৱা । তেওঁ শিক্ষাৰ এনে লক্ষ্যক সমৰ্থন কৰিছিল  যি লক্ষ্যত জাতীয় বৈশিষ্ট্য সমূহ পৰিলক্ষিত হয় । তেওঁৰ মতে শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে নহয় , শিক্ষানুষ্ঠানত আত্মবোধ বা উপলব্ধি ক প্ৰথম স্থান দিয়া উচিত । তেওঁ শিক্ষাৰ লক্ষ্যক নিৰূপণ কৰাৰ ক্ষেত্ৰত ভাববাদী দৰ্শনৰ লগত বৈজ্ঞানিক দৃষ্টিভংগীৰো সংযোগ স্থাপন কৰিছে । তেওঁৰ মতে শিক্ষাৰ লক্ষ্য হ’ল

  • শিক্ষাৰ্থীৰ জীৱনৰ বিকাশ
  • বিশ্বৰ ৰহস্য উদঘাটনৰ চেষ্টা অৰ্থে শিক্ষাৰ্থীৰ বৈজ্ঞানিক দৃষ্টিভঙ্গী জাগ্ৰত কৰা
  • শিক্ষাৰ্থীৰ সামাজিক গুণৰ বিকাশ সাধন কৰা

ৰবীন্দ্ৰনাথৰ শিক্ষণ পদ্ধতি

ৰবীন্দ্ৰনাথ ঠাকুৰে গতানুগতিক শিক্ষা পদ্ধতিক সমৰ্থন কৰা নাছিল , তেওঁ শিক্ষাৰ সামগ্ৰিকতাক বিশ্বাস কৰিছিল । তেওঁৰ শিক্ষণ পদ্ধতি তিনিটা মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত । সেই কেইটা হ’ল –

  • স্বাধীনতা
  • সৃষ্টিমুলক মাধ্যমেৰে আত্মপ্ৰকাশ
  • প্ৰকৃতিৰ লগত সক্ৰিয় সহযোগ

ৰবীন্দ্ৰনাথৰ পাঠ্যক্ৰম

ৰবীন্দ্ৰনাথ ঠাকুৰৰ পাঠ্যক্ৰম ব্যাপক আৰু প্ৰয়োজন ভিত্তিক আছিল। তেওঁ বিদ্যালয়ত মানৱ সংস্কৃতিক বাহক বা অনুশীলন ক্ষেত্ৰ হিচাপে লৈ পাঠ্যক্ৰমত ভাষা ,সাহিত্য, দৰ্শন, বিজ্ঞান, শিল্পকলা, নৃত্য , সংগীত আৰু উন্নয়ন মুলক সামাজিক কামকো অন্তৰ্ভুক্ত কৰিছে । তেওঁ মাতৃভাষা শিক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল । ভাষা শিক্ষাৰ বাবে আৰু ভাৰতীয় সংস্কৃতিৰ লগত পৰিচয় হবৰ বাবে তেওঁ ৰামায়ণ আৰু মহাভাৰতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে গুৰুত্ব দিছিল । তেওঁ পাঠ্যক্ৰমত মুলত: কৰ্মকেন্দ্ৰিক শিক্ষা ব্যৱস্থা, বৌদ্ধিক কাম, সামাজিক গঠন মুলক কাম, ব্যক্তিগত দক্ষতা বিকাশৰ উপযোগী কাম আদি বিষয় অন্তৰ্ভূক্তি কৰণত যথেষ্ট গুৰুত্ব দিছিল ।

শিক্ষাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ অৱদান

ভাৰতীয় শিক্ষা ব্যৱস্থাত ৰবীন্দ্ৰনাথৰ অৱদান উল্লেখনীয় ।  এই ক্ষেত্ৰত আমি বিশ্বভাৰতীৰ কথাকে কব পাৰো । ৰবীন্দ্ৰনাথৰ দেউতাকে বোলপুৰত এখন আশ্ৰম আৰু এটা মন্দিৰ স্থাপন কৰিছিল । ৰবীন্দ্ৰনাথ ঠাকুৰে সেই আশ্ৰম খনক শিক্ষানুষ্ঠান লৈ পৰিবৰ্তন কৰি এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিলে আৰু এই উদ্দেশ্যে ১৯০১ চনত তেওঁ শান্তি নিকেতন প্ৰতিষ্ঠা কৰে । শান্তিনিকেতনৰ জনপ্ৰিয়তা আৰু পৰিসৰ ক্ৰমান্বয়ে বাঢ়ি গ’ল আৰু ১৯২১ চনৰ ২২ ডিচেম্বৰত শান্তিনিকেতনক বিশ্বভাৰতী বিশ্ববিদ্যালয় লৈ উন্নীত কৰা হ’ল । এই বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত তিনিটা গৱেষণা বিভাগৰ ব্যৱস্থা আছে। ১৯৫১ চনৰ সংসদৰ আইন অনুযায়ী বিশ্বভাৰতীক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়া হয় ।

এইজনা মহান ব্যক্তিয়ে ১৯৪১ চনৰ ৭ আগষ্টত আমাৰ সমাজৰ পৰা চিৰ বিদায় লয় । তেওঁ জীৱনৰ মূল্যবোধক সৰ্বশ্ৰেষ্ঠ স্থান দি আৰু বাস্তৱ ভিত্তিক শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰি বিশ্বত অমৰ হৈ ৰল ।

মহাত্মা গান্ধী

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হয় ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত । ভাৰতীয় শিক্ষা ব্যৱস্থাত বুনিয়াদী শিক্ষাৰ মুল গুৰি ধৰোতা আছিল মহাত্মা গান্ধী ।১৯১৫ চনত গান্ধীজীয়ে ভাৰতলৈ ওভতি আহিয়েই তেওঁৰ শিক্ষা দৰ্শনক বাস্তবত ৰূপায়িত কৰিবৰ বাবে সবৰমতীত এখন আশ্ৰম স্থাপন কৰিছিল । আৰু এই সবৰমতী আশ্ৰমৰ মুখ্য কাম আছিল বোৱা-কটা ।

গান্ধীজীয়ে ‘হৰিজন’ কাকত খনৰ জৰিয়তে শিক্ষাৰ ওপৰত প্ৰবন্ধ কিছুমান প্ৰকাশ কৰিছিল যাতে জনসাধাৰণে সেই প্ৰবন্ধ বোৰ পঢ়ি বুনিয়াদী শিক্ষাৰ আঁচনিৰ বিষয়ে  জ্ঞান লাভ কৰিব পাৰে ।

১৯৩৭ চনত গান্ধীজীয়ে তেওঁৰ সভাপতিত্বত বুনিয়াদী শিক্ষা আঁচনি খন আলোচনা কৰিবলৈ বাৰ্দ্ধাত এখন সৰ্বভাৰতীয় জাতীয় সন্মিলনৰ আহ্বান কৰিলে । দেশৰ বিভিন্ন ঠাইৰ শিক্ষাবিদ আৰু প্ৰাদেশিক শিক্ষা মন্ত্ৰী সকল এই সন্মিলনলৈ আহিছিল । এই শিক্ষা আচনি খনৰ কাৰ্যকাৰিতাৰ বিষয়ে আলোচনা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ ডক্তৰ জাকিৰ হুছেইনৰ সভাপতিত্বত এখন কমিটি গঠন কৰিছিল , যাক বাৰ্দ্ধা আঁচনি বা নতুন শিক্ষাৰ আঁচনি বোলা হয় ।

বাৰ্দ্ধা আঁচনিৰ মুল প্ৰস্তাৱ সমূহ আছিল –

  • এই শিক্ষা হ’ব সাৰ্বজনীন
  • ৭ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো লৰা ছোৱালীৰ বাবে এই শিক্ষা বাধ্যতামূলক হ’ব
  • এই শিক্ষা কোনো এক উৎপাদন মূলক শিল্পক কেন্দ্ৰ কৰি দিয়া হ’ব ।শিল্প সমূহ হল বয়ন শিল্প, চৰ্ম শিল্প, কৃষি কাম আদি ।
  • মাতৃ ভাষাৰ মাধ্যমত শিক্ষা দিয়া হ’ব
  • শিল্পৰ লগত সহসম্বন্ধ আকাৰত বিভিন্ন বিষয়ৰ শিক্ষা দিয়া হ’ব
  • এই শিক্ষা ভাৰতীয় শিক্ষাৰ মুল ভেটি হ’ব
  • জাতীয় শিক্ষা হিচাপে হিন্দী থাকিব

গান্ধীজীৰ পাঠ্যক্ৰম

গান্ধীজীয়ে প্ৰচলিত ইংৰাজী শিক্ষা ব্যৱস্থাক মুঠেও সমৰ্থন কৰা নাছিল , সেই শিক্ষা শিক্ষাৰ্থীৰ জীৱনৰ লগত কোনো পাৰেদি খাপ খোৱা নাছিল । গান্ধীজীয়ে সমাজ জীৱনৰ বাবে অতি লাগতিয়াল বিষয়বস্তু সমুহকহে পাঠ্যক্ৰমত স্থান দিয়াত গুৰুত্ব দিছিল । ইয়াৰ ভিতৰত ইতিহাস, ভূগোল আৰু মাতৃভাষাত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।  হস্তশিল্পকো তেওঁ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল । গান্ধীজীৰ পাঠ্যক্ৰমৰ মুল বিষয় বস্তু সমুহ হল

  • হস্তশিল্প- সূটাকতা, তাত বোৱা, কৃষিকাম, কাগজৰ কাম, কাঠৰ কাম আৰু ধাতুৰ কাম
  • মাতৃ ভাষা- পাঠ্যবিষয় আৰু শিক্ষাৰ মাধ্যম হিচাপে চৰ্চা কৰা
  • গণিত- বিভিন্ন হস্তশিল্প পৰিচালনা কৰিবলৈ ব্যৱহাৰিক গণিত
  • সমাজবিদ্যা – ইতিহাস, ভূগোল, পৌৰবিদ্যা পৃথক ভাবে নপঢ়াই সামগ্ৰিক ভাবে চৰ্চা
  • সাধাৰণ জ্ঞান- বিজ্ঞানৰ সকলোবোৰ প্ৰয়োজনীয় শাখা তথা ব্যৱহাৰিক দিশ
  • ছবি অঁকা
  • সংগীত
  • শৰীৰ চৰ্চা(বাধ্যতামূলক)
  • হিন্দী (জাতীয় ভাষা হিচাপে অধ্যয়ন)

গান্ধীজীৰ শিক্ষন পদ্ধতি

গান্ধীজীয়ে তেওঁৰ শিক্ষণ পদ্ধতিত সহ-সম্বন্ধৰ নীতি বা প্ৰণালী প্ৰয়োগ কৰিছে ।তেওঁৰ এই নীতি সক্ৰিয়তাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত , সেয়েহে তেওঁ হাতে কামে শিকাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ আত্ম উপলব্ধি আৰু আধ্যাত্মিক উপলব্ধিৰে শিকাৰ ওপৰতো গুৰুত্ব দিছিল।

গান্ধীজীৰ মতে ভাৰতৰ অৰ্থনৈতিক জীৱন আৰু শিক্ষা ব্যৱস্থাৰ মাজত সম্বন্ধ থকা দৰকাৰ । সেয়ে তেওঁ গ্ৰাম্য অঞ্চলৰ উপযোগী কৰি জাতীয় শিক্ষা ব্যৱস্থাৰ প্ৰবৰ্তন কৰিছিল । তেওঁ ভাবিছিল যে বুনিয়াদী শিক্ষাই ভবিষ্যত জীৱন গঠনৰ বুনিয়াদ সৃষ্টি কৰিব আৰু শিক্ষাৰ্থীৰ মুল প্ৰয়োজন পুৰণত সহায় কৰিব।

গান্ধীজীয়ে সত্য সুন্দৰ আৰু অহিংসাৰ আধাৰত প্ৰতিষ্ঠিত এখন সমাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল । তেওঁ এজন ৰাজনৈতিক আৰু সমখজ সংস্কাৰক হৈ ভাৰতীয় শিক্ষা ব্যৱস্থাত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে ।

শ্ৰী অৰবিন্দ ঘোষ

শ্ৰী অৰবিন্দ ঘোষৰ জন্ম হৈছিল ১৮৭২ চনৰ ১৫ আগষ্টত । তেওঁ ৭ বছৰ বয়সতে ইংলেণ্ডলৈ গৈছিল আৰু ১৪ বছৰ ইংলেণ্ডত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ ওভতিছিল । তেওঁ বহুকেইটা ভাষা জানিছিল । তেওঁ বৰোদাৰ কলেজত অধ্যক্ষৰ আসনতো উপবিষ্ট হৈছিল ।

অৰবিন্দ ঘোষৰ শিক্ষা নীতি

ঘোষৰ দৃষ্টিত শিশুৰ মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন অন্যতম গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ মতে এটি শিশু বিদ্যালয়ত সংগঠিত ভাবে থাকিব পাৰে কিন্তু, শিশুটোক কোনো বাধা বা হেঙাৰৰ মাজত ৰাখিব নালাগে । তেওঁৰ মতে শিক্ষাৰ কিছুমান বিশেষ নীতি আছে , সেইবোৰ হ’ল –

  • বিবেকৰ নীতি
  • চেতনাৰ প্ৰশিক্ষণ
  • মানসিক প্ৰশিক্ষণ
  • শাৰীৰিক আৰু পেশী সম্বন্ধীয় শুদ্ধিকৰণৰ নীতি
  • স্বভাৱগত জ্ঞানৰ নীতি
  • ৰাপৰ নীতি
  • মাতৃভাষাৰ নীতি
  • নিয়মানুবৰ্তিতাৰ নীতি
  • যোগভ্যাসৰ নীতি
  • জ্ঞানৰ নীতি

তেখেতৰ মতে শিক্ষক সকল শ্ৰেণীৰ সহায়ক তথা নিৰ্দেশক হে যি ছাত্ৰ-ছাত্ৰীক জ্ঞান আহৰণৰ পথ দেখুৱাই দিব পাৰে । পৰিবৰ্তনশীল সমাজ ব্যৱস্থা অনুযায়ী শিক্ষা ব্যৱস্থা সংপৃক্ত কৰি ৰখা উচিত বুলি তেওঁ মন্তব্য কৰিছিল ।

ডক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ

সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত । তেখেত আছিল স্বাধীন ভাৰতৰ দ্বিতীয় জন ৰাষ্ট্ৰপতি । ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও ৰাধাকৃষ্ণণ আছিল এজন মহান দাৰ্শনিক আৰু শিক্ষাবিদ । তেখেতে মাদ্ৰাজ, মাইচʼৰ, কলকাতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰিও অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু বেনাৰস বিশ্ববিদ্যালয়ত উপাচাৰ্য্য ৰ আসন অলংকৃত কৰিছিল। ১৯৪৮ চনত তেওঁ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল যাক ‘ৰাধাকৃষ্ণণ আয়োগ’ বুলিও জনা যায়। ১৯৩১ চনত তেওঁক নাইটহুদ উপাধিৰে বিভূষিত কৰা হৈছিল । ১৯৩৪ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ ৰে সন্মানিত কৰা হয় ।

শিক্ষা ব্যৱস্থা সম্পৰ্কে ৰাধাকৃষ্ণণনৰ দৃষ্টিভংগী

ডক্তৰ ৰাধাকৃষ্ণণনৰ মতে, কেৱল তথ্য আহৰণ আৰু প্ৰযুক্তিগত জ্ঞান আহৰণতেই শিক্ষা ব্যৱস্থাটোক অধিক গুৰুত্ব দিয়া উচিত নহয় । তেওঁৰ মতে প্ৰকৃত শিক্ষা সেয়েহে যিয়ে এজন ব্যক্তিয়ক নিষ্ঠাবান নাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে গণতান্ত্ৰিক মতবাদত বিশ্বাসী কৰি গঢ়ি তোলে । লগতে ই ব্যক্তি সত্বাৰ মানসিক , আত্মিক উন্নতিতো সহায় কৰে । Deled Paper

ৰাধাকৃষ্ণণনে শিক্ষা লাভৰ কঠীয়াতলি খনত গুৰ-শিষ্যৰ সু-সম্বন্ধ নিৰ্মান হোৱাটো বিছাৰিছিল । তেওঁৰ মতে দেশৰ শ্ৰেষ্ঠ মগজুৰ অধিকাৰী ব্যক্তিসটল শিক্ষক হোৱা উচিত । তেওঁলোকে ছাত্ৰ সকলক কেৱল নিৰ্দেশ দিলেই নহ’ব প্ৰকৃত মৰম দিয়াও উচিতক্ষ। তদুপৰি ছাত্ৰ সকলেও শিক্ষকৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা কোনো নিৰ্দেশানুক্ৰমিক নহৈ এক আৰ্জিত মৰ্যদা বা সু-সম্পৰ্কৰ চিন হিচাপে চিহ্নিত হোৱা উচিত ।

সামৰণি-

এই মহান শিক্ষাবিদ গৰাকীৰ ইংৰাজী, ফ্ৰান্স, তামিল,বেংগলী , তেলেগু আদি ভাষাত বুৎপত্তি আছিল । তেওঁ ১৫০ খনৰো অধিক গ্ৰন্থ লিখিছিল । ইয়াৰ ভিতৰত ‘Indian philosophy’ , ‘The reign of religion in contemporary philosophy’ গ্ৰন্থ দুখন অন্যতম।

এইগৰাকী মহান শিক্ষাবিদৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে ৫ চেপ্তেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয় ।

ডক্তৰ দৌলত সিং কোঠাৰী

দৌলত সিং কোঠাৰীৰ জন্ম হৈছিল ১৯০৬ চনৰ ৬ জুলাইত । তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰদৰ্শক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । ইয়াৰ পিছত ১৯৬১ চনত তেওঁ UGC ৰ অধ্যক্ষ্য হিচাপে নিযুক্ত হৈছিল ।

শিক্ষা ব্যৱস্থাত কোঠাৰীৰ অৱদান

কোঠাৰীৰ মতে , শিক্ষাৰ প্ৰকৃত লক্ষ্য হ’ল আমাৰ চৌপাশে থকা কৌতূহল পূৰ্ণ বিস্ময়কৰ বিশ্ব খনক বুজি উঠা, স্ব নিয়মানুবৰ্তিতাৰ বিকাশ কৰা , আমাৰ ঘৰ তথা ৰাজহুৱা ক্ষেত্ৰ খনক সুখ প্ৰদান কৰা । ইয়াৰ দ্বাৰা শিক্ষা উপভোগ্য আৰু সৰ্বোৎসাহী অভিযখন হিচাপে পৰিগণিত হ’ব

তেওঁ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল । শিক্ষা প্ৰতিষ্ঠানত উত্তম শিক্ষাৰ ধাৰাটো আৰম্ভ কৰিব নোৱাৰিলে সঁচা অৰ্থত বিকাশ সূদুৰ গৰাহত বুলিও তেওঁ অনুভৱ কৰিছিল । এই উত্তম গুণটোৰ মাজত তেওঁ শিক্ষা খণ্ডৰ অধ্যয়ন ,গৱেষণা, শিক্ষকতা, প্ৰযুক্তিগত দক্ষতা, সামাজিক আৰু নৈতিক মূল্যবোধৰ প্ৰসাৰ , খেলা-ধূলা ইত্যাদিক সামৰি লৈছিল । এই উত্তম সামৰ্থ্য আহৰণ আহৰণ কৰিবলৈ তেওঁ নিয়মীয়া মূল্যায়ণ বা পৰীক্ষা নীৰিক্ষাৰো পোষকতা কৰিছিল । Deled Paper

কোঠাৰী আয়োগে প্ৰস্তুত কৰা ‘Education and national development’ শীৰ্ষক প্ৰতিবেদনৰ সাৰাংশ‌ই কোঠাৰীৰ শিক্ষাখণ্ডৰ প্ৰতি থকা দৃষ্টিভংগী প্ৰতিফলিত কৰে । এই প্ৰতিবেদন খন ভাৰতীয় শিক্ষাখণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ । এই প্ৰতিবেদনত উল্লেখ থকা ‘The destiny of Indian is now being shaped in her classroom’ – যুক্তি টো খুবেই তাৎপৰ্যপূৰ্ণ ।

ডক্তৰ কোঠাৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদৰ আৰম্ভণিৰ পৰ্যায়ত নেতৃত্ব বহন কৰিছিল । উল্লেখযোগ্য যে তেওঁ এই পৰিষদৰ ধাৰণাটি আৰম্ভ কৰাৰ লগতে সেই সময়ত প্ৰস্তুত কৰা শিক্ষা আয়োগৰ (১৯৬৪-৬৬) প্ৰতিবেদনত ভবিষ্যত উন্নয়নৰ প্ৰকল্প নিৰ্মান কৰিছিল । Deled Paper

কোঠাৰীয়ে দেশৰ যুব প্ৰজন্মৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখিছিল । দেশৰ যুব বিজ্ঞানী সকলকো বিভিন্ন প্ৰকাৰে উদগণি দিছিল । তেওঁ ৰাষ্ট্ৰীয় প্ৰতিভা সমূহ সন্ধান কৰিবৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী কাৰ্যসূচী আৰম্ভ কৰিছিল । কোঠাৰীৰ প্ৰচেষ্টাতে ৰাষ্ট্ৰীয় শিক্ষায়তনিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে এই যাত্ৰা আৰম্ভণি কৰিছিল ।

অধ্যাপক যশপাল

যশপাল এজন প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ । তেখেতে দূৰদৰ্শনৰ জনপ্ৰিয় বিজ্ঞান কাৰ্যসূচী ‘Turning point’ আৰু ‘Bharat ki chaap’ ৰ মুখ্য ব্যক্তি আছিল ।

এওঁৰ ১৯২৬ চনত জন্ম হৈছিল । ১৯৮৬-১৯৯১ চনৰ সময়ছোৱাত তেওঁ UGC ৰ অধ্যক্ষ আছিল । তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লীৰ আচাৰ্য হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল ।

শিক্ষাৰ ক্ষেত্ৰত যশপালৰ দৃষ্টিভংগী

তেওঁ কিতাপৰ শিক্ষাতকৈ মানৱীয় প্ৰমূল্যবোধৰ ওপৰত গুৰুত্ব দিছিল । সামাজিক শিক্ষাক তেওঁ সৰ্বোচ্চ স্থান দিছিল। শিশুৰ ওপৰত গধুৰ বোজা জাপি নিদি শিক্ষা গ্ৰহণৰ আনন্দ লাভ কৰি শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিবলৈ শিশুসকলক উৎসাহিত কৰাৰ পোষকতা কৰিছিল ।

 শিশুৰ অনুসন্ধিৎসু মনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীৰ বিজ্ঞান পাঠ্যসূচী প‌্ৰস্তুত কৰা উচিত বুলি তেওঁ কৈছিল। যুবচামৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰসাৰ কৰাৰ পোষকতা কৰিছিল । তেওঁ কৈছিল যে- শিক্ষক সটল কেতিয়াও কুৰিয়াৰ চাৰ্ভিছলৈ পৰ্যবাসিত হোৱা উচিত নহয় । শিক্ষক সকলে তেওঁৰ শিক্ষাদান পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণীয় কৰিবৰ বাবে নতুন নতুন পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে। Deled Paper

জন ডিউই

জন ডিউৰ আমেৰিকাৰ বাৰ্লিংটন চহৰত জন্ম হৈছিল। এগৰাকী শিক্ষক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ মিনেষ্টা বিশ্ববিদ্যালয়, কলম্বো বিশ্ববিদ্যালয়, মিচিগান আৰু চিকাগো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । জন ডিউইৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল – ‘My pedagogic creed’ , ‘Ethics, democracy and education’ , ‘School and society’, ‘Philosophy and education’ .

শিক্ষা ব্যৱস্থা সম্পৰ্কে জন ডিউৰ ধাৰণা

ডিউৰ মতে শিক্ষা এনে হোৱা উচিত যিয়ে ব্যক্তি বিশেষ বা সমাজক সৰ্বতোপ্ৰকাৰে সহায় কৰে । তেওঁৰ মতে শিক্ষাৰ মুল হৈছে শিশুৰ সামাজিক সামৰ্থ জগাই তোলা । তেওঁ প্ৰকল্প প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষক সকলে শিক্ষাদান কৰাৰ সম্পৰ্কেও ধাৰণা আগবঢ়াইছিল ।

ডিউয়ে অনুভৱ কৰিছিল যে শিশুৰ প্ৰশিক্ষণ স্কুলত এনেভাবে হোৱা উচিত যাতে তেওঁলোকে সমাজত বসবাস কৰিব পৰাকৈ নিপুন হৈ উঠে । শিক্ষাৰ এই ধাৰণাটোক বাস্তৱ ৰূপ দিবলৈ ১৮৯৬ চনত চিকাগো বিশ্ববিদ্যালয়ত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যাক লেবৰটৰী স্কুল বুলি কোৱা হৈছিল ।

ডিউৰ মতে বিদ্যালয় হৈছে গণতান্ত্ৰিক সমাজৰ এক ক্ষুদ্ৰ প্ৰতিৰূপ য’ত এহাতে শিশুক বিদ্যালয়ৰ বিভিন্ন কাৰ্যত অংশগ্ৰহণ কৰোৱা হয় আৰু আনহাতে তেওঁলোকৰ অভিজ্ঞতা , প্ৰয়োজনীয়তা আৰু আগ্ৰহৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হয় যাতে, তেওঁলোকে নিজকে এজন সুস্থ ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে । তেওঁ শিক্ষাৰ মনঃস্তাত্বিক আৰু সামাজিক দুয়োটা দিশতে গুৰুত্ব দিছিল। Deled Paper

মৰিয়া মন্টেছৰী

মৰিয়া মন্টেছৰীৰ জন্ম হৈছিল ১৮৭০ চনৰ ৩১ আগষ্টত ইটালীত। ১৮৬৯ চনত ৰোম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী মাৰিয়া আছিল ইটালীৰ প্ৰথম গৰাকী মহিলা চিকিৎসক । তেওঁ বিকলাংগ আৰু মানসিক ভাবে বাধাগ্ৰস্থ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল । তেওঁৰ দুখন বিখ্যাত গ্ৰন্থ হ’ল ‘Montessori Method’ , আৰু  ‘The absorbent mind’ .

শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত মন্টেছৰীৰ দৃষ্টিভংগী

মন্টেছৰীৰ মতে শিক্ষাৰ মুল উদ্দেশ্য হ’ল সমাজৰ উপযুক্ত সদস্য হ’ব পৰাকৈ জীয়াই থাকিবলৈ শিশুৰ শাৰীৰিক , বৌদ্ধিক , আবেগিক আৰু সামাজিক সামৰ্থৰ বিকাশ ঘটোৱা । ডাক্তৰ মন্টেছৰীৰ মতে বিদ্যালয় সমূহত নিন্মলিখিত বৈশিষ্ট্য সমূহ থকা উচিত-

  • শিশুৰ পূৰ্ণ স্বাধীনতা
  • খেলাপ্ৰৱণ শিক্ষা
  • ব্যক্তিগত মনোযোগ প্ৰদান
  • ইন্দ্ৰিয় প্ৰশিক্ষণ
  • কঠোৰ সময়সূচীৰ পৰিবৰ্তে নমনীয় সময়সূচীৰ প্ৰচলন
  • কোনোধৰণৰ শাস্তিমুলক ব্যৱস্থা থাকিব নালাগে
  • উপযুক্ত আচবাবেৰে সু-সজ্জিত কোঠা আৰু এক ঘৰুৱা পৰিৱেশ থাকিব লাগে ।

মন্টেছৰীয়ে শিশুৰ অনুভৱ গভীৰ ভাবে উপলব্ধি কৰি শিশু সকলৰ কাৰ্যকলাপ অনুসৰন কৰিছিল । তেওঁৰ মতে শিশুসকলক প্ৰত্যক্ষভাৱে শিক্ষাদান কৰাতকৈ বিভিন্ন সৃষ্টিশীল কাৰ্য আৰু অন্বেষণৰ জৰিয়তে শিশুক নিজৰ মতে শিকিবলৈ দিব লাগে । মন্টেছৰীয়ে এক ঘৰুৱা আৰু উদগনিমুলক পৰিৱেশত শিশুক ৰাখিলে শিক্ষা ফলপ্ৰসূ হয় বুলি বিশ্বাস কৰিছিল । ১৯০৭ চনত তেওঁ প্ৰথম খন Children’s house মুকলি কৰিছিল আৰু ১৯১১ চনত তেওঁৰ শিক্ষাব্যৱস্থা  সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিয়পি পৰিছিল । Deled Paper

কাৰ্ল মাৰ্ক্স

কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল জাৰ্মানত । তেওঁ আছিল মাৰ্ক্সবাদৰ ভুল গুৰিধৰোতা । তেওঁৰ মতে মানুহ হৈছে প্ৰকৃতিৰ এক উৎপাদিত দ্ৰব্য । তেওঁ আছিল একেধাৰে দাৰ্শনিক আৰু বিপ্লবী অৰ্থনিতীবিদ।

মাৰ্ক্সৰ শিক্ষা ব্যৱস্থা সম্পৰ্কীয় দৃষ্টিভংগী

 মাৰ্ক্সবাদৰ মুল দৰ্শন আদৰ্শবাদ আৰু বাস্তৱবাদৰ সংমিশ্ৰণ । মাৰ্ক্সবাদৰ অন্তৰ্নিহিত মূল্যবোধ সমুহ হ’ল –

  • ৰাজহুৱা সম্পত্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন
  • দেশপ্ৰেমৰ অনুকৰণ
  • শ্ৰমৰ মৰ্যদা প্ৰদান
  • সৰ্বস্তৰতে অনুশাসিত ব্যৱস্থা

মাৰ্ক্সবাদৰ অন্যতম মুল লক্ষ্য হ’ল শ্ৰেণীবিহীণ সমাজ নিৰ্মান । তেওঁৰ মতে শিক্ষকে শিক্ষাদানৰ ক্ষেত্ৰত নিম্নলিখিত লক্ষ্য সমূহ মন কৰিব লাগে –

  • জ্ঞান কেৱল নিজৰ বাবে অৰ্জন কৰিলে নহ’ব ইয়াৰ ভুল বিষয় হ’ল নিস্বাৰ্থ সেৱা আগবঢ়োৱা ।
  • সু-স্বাস্থ্য বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে ।
  •  ৰাজহুৱা সম্পত্তিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ জ্ঞান প্ৰদান ।
  • সাহস আৰু যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যোৱা মনোভাবৰ বিকাশ ঘটোৱা ।
  • উদ্যোগী অভ্যাসৰ বিকাশ সাধন কৰা । Deled Paper
  • বৃত্তিমুখী শিক্ষা বিশেষকৈ বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু কৃষি তথা কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান ।

Leave a comment