ভাৰত বৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ী সকলৰ আগমন Europeans in India
অষ্টম শ্ৰেণী | সমাজ বিজ্ঞান | পাঠ -১২ | Class 8 | Social Science | Questions and Answers | Arrival of Europeans in India
১. চমু উত্তৰ লিখা Europeans in India
ক ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল?
উ: ১৫৯৯ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল আৰু ১৬০০ খ্ৰীষ্টাব্দত ৰাণী এলিজাবেথৰ পৰা অনুমতি লাভ কৰিছিল ।
খ.) ভাৰত বৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উ: ১৪৯৮ খ্ৰীষ্টাব্দত ভাস্কো-ডা-গামাই ভাৰত বৰ্ষলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল ।
গ) ওলণ্ডাজ সকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গ টো সাজে?
উ: ওলণ্ডাজ সকলে ভাৰত বৰ্ষৰ পুলিকটত প্ৰথমটো দুৰ্গ সাজিছিল ।
ঘ) দ্বিতীয় চাৰ্লছে বোম্বাই ( মুম্বাই) কাক লীজত দিছিল?
উ: দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল ।
ঙ) কোনে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল ?
উ: মোগল সম্ৰাট ফাৰুখছিয়াৰে ।
২/ ক অংশৰ লগত খ অংশ মিলোৱা
ক অংশ খ অংশ
কলম্বাছ পৰ্তুগীজ নাৱিক
উইলিয়াম হকিন্স পৰ্তুগীজ ৰাজকুমাৰী
ভাস্কো-ডা-গামা বৃটিছ কটকী
দ্বিতীয় চাৰ্লছ ওলণ্ডাজ
পুলিকট আমেৰিকা
উত্তৰ –
ক অংশ খ অংশ
কলম্বাছ আমেৰিকা
উইলিয়াম হকিন্স বৃটিছ কটকী
ভাস্কো-ডা-গামা পৰ্তুগীজ নাৱিক
দ্বিতীয় চাৰ্লছ পৰ্তুগীজ ৰাজকুমাৰী
পুলিকট ওলণ্ডাজ
৩/ খালী ঠাই পুৰ কৰা
ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
খ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় ।
গ) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
ঘ) ১৭১৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে ।
ঙ) পণ্ডিচেৰী ফৰাচী সকলৰ মুখ্য কাৰ্যালয় আছিল ।
৪/ সত্য/ অসত্য বিচাৰ কৰা
ক) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল । ❌
খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল ।✅
গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্হিত হৈছিল ।❌
ঘ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়াল সকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগ বিলাক সংকটত পৰিছিল ✅
ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।✅
৫/ ক) ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষত আগমনৰ কাৰণ সমুহ লিখা
উ: ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষত আগমনৰ কাৰণ সমুহ হল
- ভাস্কো-ডা-গামাই ভাৰতলৈ অহা নতুন জলপথ আৱিষ্কাৰ কৰাৰ লগে লগে বণিক সকলে ভাৰতলৈ অহাত সুবিধা হৈছিল
- ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল , যাৰ বাবে তেওঁলোক সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিছিল ।
- ভাৰতবৰ্ষত পোৱা কেঁচামাল বিশেষ কৈ মছলা আৰু ৰেছমৰ ব্যৱসায়ৰ জৰিয়তে ইউৰোপীয় সকল যথেষ্ঠ লাভবান হৈছিল।
- ভাৰতবৰ্ষ ইউৰোপীয় সকলৰ কেঁচামাল ৰ ভাণ্ডাৰ আছিল আৰু সামগ্ৰী বিক্ৰীৰ বাবে এখন বিশাল বজাৰ আছিল
- ইয়াৰ উপৰিও সাগৰীয় পথেৰে বস্তু আমদানি ৰপ্তানি কৰাত ভালেখিনি সুবিধা হৈছিল ।
খ) বাণিজ্যবাদ বুলিলে কি বুজা ? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পৰ্ক কি ?
উ: বাণিজ্যবাদ হৈছে এনে এক ধাৰণা য’ত সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ জৰিয়তে সোণ , ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশ বোৰে গুৰুত্ব দিয়ে। Europeans in India
বাণিজ্য বাদ আৰু উপনিবেশ বাদ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । বাণিজ্য বাদেই হৈছে উপনিবেশবাদৰ জন্মদাতা । বেহা-বেপাৰৰ উদ্দেশ্য বণিক সকল ভাৰতলৈ আহিছিল আৰু ভাৰতত থিতাপি লৈছিল। কিন্তু লাহে-লাহে বেপাৰ বাণিজ্যৰ দোহাই দি বণিক গোষ্ঠীয়ে ভাৰতীয় সকলৰ অৰ্থনৈতিক, সামাজিক,ৰাজনৈতিক সকলো দিশতে হস্তক্ষেপ কৰি উপনিবেশিক শাসন প্ৰতিষ্ঠা কৰিছিল ।
গ) ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজ সকলৰ প্ৰভাৱ আলোচনা কৰা
ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজ সকলৰ প্ৰভাব তলত আলোচনা কৰা হ’ল
- ইউৰোপীয় বণিজ সকল ভাৰতলৈ অহাৰ পিছত নতুন পথ, সামৰিক ঘাটি, দুৰ্গ আদি নিৰ্মান হৈছিল
- কেথলিক বেপাৰী সকলে ভাৰতীয় মহিলাৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল যাৰ বাবে সমাজিক তথা সাংস্কৃতিক পৰিবৰ্তন হৈছিল। বৰ্তমানেও গোৱাৰ সমাজ জীৱনত পৰ্তুগীজ সংস্কৃতিৰ প্ৰভাৱ দেখা যায় ।
- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ সকলো ক্ষেত্ৰতে যথেষ্ঠ প্ৰভাৱ পেলাইছিল । উদাহৰণ স্বৰূপে মুদ্ৰাৰ প্ৰস্তুত আৰু প্ৰচলন হৈছিল, বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল, ভাপ চলিত জাহাজৰ প্ৰচলন হৈছিল ।
- ভাৰতৰ কুটীৰ শিল্প সমুহ ধ্বংস হৈছিল।
- নতুন কৰ-কাটলৰ ব্যৱস্থা হৈছিল । ইত্যাদি। Europeans in India
অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ
১. ইউৰোপৰ কোন কেইখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মুল ভিত্তি সাম্ৰাজ্যবাদ আছিল ?
উ: গ্ৰেট বৃটেইন, নেদাৰলেণ্ড, স্পেইন, পৰ্তুগাল, ফ্ৰান্স, ডেনমাৰ্ক আদি ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মুল ভিত্তি সাম্ৰাজ্যবাদ আছিল।
২. ইউৰোপৰ কোনবোৰ ৰাষ্ট্ৰ ই ভাৰতত বাণিজ্যৰ ঘাটি স্থাপন কৰিছিল ?
উ: পৰ্তুগাল, নেদাৰলেণ্ড, গ্ৰেট বৃটেইন আদি ইউৰোপীয় ৰাষ্ট্ৰই ভাৰতত বাণিজ্যিক ঘাটি স্থাপন কৰিছিল।
৩. ইউৰোপীয় ব্যৱসায়ী বোৰৰ ভিতৰত ভাৰতত পোনপ্ৰথমে কৰে বণিক সকল আহিছিল?
উ: পৰ্তুগালৰ বণিক সকল
৪.ওলণ্ডাজ সকলে কৰ পৰা ভাৰতলৈ আহিছিল ? আৰু প্ৰথমটো দুৰ্গ কত সাজিছিল?
উ: ওলণ্ডাজ সকল নেদাৰলেণ্ড ৰ পৰা ভাৰতলৈ আহিছিল আৰু পুলিকটত তেওঁলোকৰ প্ৰথম টো দুৰ্গ সাজিছিল।