5 important free online tools for college students

শিক্ষাৰ্থী সকলৰ বাবে পাঁচ প্ৰকাৰৰ প্ৰয়োজনীয় Free Online Tools

বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে শিক্ষাৰ্থী সকলে কিতাপৰ ওপৰিও বিভিন্ন ক্ষেত্ৰত Online tools বোৰৰ সহায় ল’ব লগা হয় । Project, assignment, practical, notes preparation ইত্যাদি বিভিন্ন ক্ষেত্ৰত online tools বোৰেই আমাৰ আটাইতকৈ প্ৰয়োজনীয় বন্ধু হৈ পৰে। মই নিজেও এগৰাকী শিক্ষাৰ্থী । মোৰ জীৱনতো মই বিভিন্ন ক্ষেত্ৰত এনে tools বোৰ ব্যৱহাৰ কৰি আহিছোঁ ।

“খাব জানিলে চাউলে চিৰা , বহিব জানিলে মাটিয়ে পীৰা” বুলি কথা এখাৰ আছে । ঠিক ,তেনেদৰে আমাৰ হাতত মুঠিত থকা এনৰ‌ইড টোতে বিভিন্ন ভাল-ভাল কথা জানিব আৰু শিকিব পাৰো, কিন্তু তাকে নকৰি বহুতেই অলাগতিয়াল videos , meme, porn আদি চাই নিজৰ অনিষ্ট কৰি আহিছে ।

Online ক্ষেত্ৰ খনত বিভিন্ন website, apps, tools উপলব্ধ, ইয়াৰে কিছুমান বিশেষভাবে শিক্ষাৰ্থী সকলৰ বাবে বনোৱা হৈছে। আজি মই তোমালোকৰ লগত মোৰ অভিজ্ঞতাৰ পৰাই এনেধৰনৰ পাঁচ প্ৰকাৰৰ Online tools বিষয়ে share কৰিম । মই ভাবো প্ৰতিজন শিক্ষাৰ্থীয়ে এনে ধৰনৰ tools বোৰৰ ব্যৱহাৰৰ বিষয়ে জনাটো প্ৰয়োজন, কিয়নো এই Tools বোৰে আমাৰ কলেজীয়া জীৱনৰ assignment, project, practical অৰ pressure কমোৱাত সহায় কৰে। এই online tools বোৰৰ মূল উদ্দেশ্য এটাই, আৰু এইটো হৈছে আমাৰ জীৱন যাত্ৰা সহজ কৰি তোলা ।

এই online tools বোৰৰ premium version ও আছে, কিন্তু free features বোৰো উপলব্ধ, and I hope guys , definitely you will like them.

Google Docs

আমি কেতিয়াবা laptop অত typing কৰি থাকোঁতে, হঠাৎ laptop টো off হৈ যায় আৰু current update খিনি উৰি যায়, বা কেতিয়াবা laptop বেয়া হৈ গʼলেও আমি ষ্ট’ৰ কৰি থোৱা data বোৰ হেৰাই যাব‌ও পাৰে । এনেধৰনৰ পৰিস্থিতিৰ মই ভুক্তভোগী । Dissertation বনাই থাকোঁতে মোৰ লগত বহুবাৰ এনে ঘটনা ঘটিছে, যাৰ বাবে মোৰ যথেষ্ট সময় নষ্ট হৈছে । কিন্তু Google docs ব্যৱহাৰ কৰিলে  এনে সমস্যাৰ সন্মুখীন হ’ব লগা নহয় । Google docs হৈছে Google এ provide কৰা এক প্ৰকাৰৰ service যিটো Gmail বা  Google drive ৰে login কৰিব পাৰি ।

ইয়াৰ সুবিধা বোৰ হ’ল –

 ইয়াৰ auto save ব্যৱস্থা আছে, যিটোৱে ক্ষণিকতে তোমাৰ লিখনি বোৰো save কৰি গৈ থাকে । গতিকে , কিবা কাৰণত হঠাৎ laptop off হৈ গলেও কোনো সমস্যা নহয়, লিখনি বোৰ auto save হৈ থাকিব।

Google docs save হৈ থকা লিখনি বোৰ তুমি বিচৰা সকলোকে WhatsApp, messenger, Gmail ৰ জৰিয়তে পঠাব পাৰা ।

ইয়াৰ এটা মুখ্য সুবিধা হ’ল, কিবা কাৰণত তোমাৰ device টো বেয়া হ’লে  login কৰি যৰে তৰে পৰা সংগ্ৰহ কৰিব পাৰি , তোমাৰ laptop টো সকলো ঠাইলৈকে কঢ়িওৱাৰ কোনো প্ৰয়োজন নাই , আৰু হেৰুৱাৰো কোনো ভয় নাই।

ইয়াত তোমাক যিমান প্ৰয়োজন , সিমান content or study materials ৰাখিব পাৰা কাৰণ ইয়াৰ বাবে তোমাক কোনো physical space দৰকাৰ নাই ।

Google docs হৈছে এটা cloud service, ইয়াৰ তোমাৰ device memory লগত কোনো সম্পৰ্ক নাই । Google sheets, and Google slide ও তুমি প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰা ।

Grammarly

কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে আমাৰ জীৱনটো Assignment, Project, Dissertation, আদিৰে ভৰ্তি হৈ থাকে । এইবোৰ English অত লিখোতে বহুক্ষেত্ৰত grammatical error হৈ যায় যাৰ বাবে নম্বৰো কম পোৱা যায় । বহুতৰে আকৌ grammar শুদ্বকৈ apply কৰাৰ ক্ষেত্ৰতো সমস্যা হয় । Grammarly য়ে এনে অসুবিধা বোৰ হ্ৰাস কৰে । Grammarly য়ে punctuation check, sentence formation, spelling আদি check কৰি ভূলটো দেখুৱাই, আনকি ইয়াত তোমাৰ লিখনি টোৰ plagiarism চাব পাৰি । Grammarly ৰ সুবিধা খিনি apply কৰিব লৈ হ’লে তোমাৰ লিখনি টো copy কৰা আৰু Grammarly ত paste কৰা । ইয়াৰ পিছত এই  App টোৱে ভূল বোৰ নিজে শুধৰাই ল’ব । ইয়াৰে premium features ও আছে , but free features খিনিৰেও তুমি যথেষ্ট কাম কৰিব পাৰা । Regular Grammarly ব্যৱহাৰে তোমাৰ English skill develop হোৱাতো সহায় কৰিব ।

Canva

Canva হৈছে এনে এটা tool য’ত বিভিন্ন প্ৰয়োজনীয় design বোৰ বনাব পাৰি । যেনে – cover page, poster, graph chart, pie , table and any kind of diagram. Project, assignment ইত্যাদিত এনে ধৰনৰ design বোৰৰ প্ৰয়োজন হয় । ইয়াত মনোগ্ৰাহীকৈ ৰঙীন design বনাব পাৰি । Canva ৰ basic design বোৰ free features অতে উপলব্ধ কিন্তু অলপ উচ্চ স্তৰীয় design অৰ বাবে premium features option আছে । But as a student যিহেতু আমাৰ income source ও ইমান  strong  নহয় , গতিকে free version অতে সুবিধা বোৰ আদায় কৰা ভাল ।

Google scholar

I hope everyone is familiar with this online tool.  ইয়াতে তুমি বিভিন্ন ধৰনৰ research paper, journals, books , article , conference paper , article review ইত্যাদি বিচাৰি পাবা ।  মহাবিদ্যালয় , বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ইয়াৰ পৰা প্ৰয়োজনীয় তথ্য যিকোনো সময়তে access কৰিব পাৰে । ইয়াত উপলব্ধ study materials বোৰ digital বা physical যিহত তোমাৰ সুবিধা , সেই মতে access কৰিব পাৰা । ইয়াত পোৱা সমল বোৰে extra vast knowledge gain কৰাত যথেষ্ট সহায় কৰে।

LinkedIn

It is one kind of online tool , যাৰ জৰিয়তে তুমি তোমাৰ মনে বিচৰা কৰ্মসংস্থাপন পাব পাৰা। মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ কিছুমানে  শেষৰটো ষান্মাসিকৰ পৰা কৰ্মসংস্থাপন বিচৰা আৰম্ভ কৰে । আজিকালি competition ৰ যুগ , private হ‌ওক বা Govt. হ‌ওক জীৱন টো ভালদৰে চলাই নিব পৰাকৈ কৰ্মসংস্থাপন এটাৰ নিশ্চয় প্ৰয়োজন, বহুতে আকৌ internship ৰ বাবেও ভাল employer বিচাৰে । এই ক্ষেত্ৰত LinkedIn এ job seekers বোৰক employer লগত যোগাযোগ কৰাই দিয়ে ।  গতিকে মই ভাৱো আত্মনিৰ্ভৰশীল হ’ব বিচৰা শিক্ষাৰ্থী সকলে LinkedIn profile এটা বনোৱা উচিত য’ত তোমালোকে Resume , CV  আদি ব্যক্তিগত খণ্ডত upload কৰিব পাৰিবা  আৰু তোমাৰ ভাল লগা career টোৰ strength খিনি update দি ৰাখিব পাৰা । ইয়াৰে কিছুমান premium features ও আছে , কিন্তু free features খিনিৰে ভালেখিনি সুবিধা ল’ব পাৰি ।

সামৰণি

Now , I hope guys এই online tools বোৰৰ বিষয়ে জানি নিশ্চয় তোমালোক উপকৃত হবা । আৰু এইবোৰ তোমালোকৰ study life টোক আৰু এখোজ advance level অলৈ লৈ যাব । বেছিভাগ শিক্ষাৰ্থী এইবোৰৰ প্ৰতি জ্ঞাত নহয়, Social Media ত বেছিভাগ সময় সস্তীয়া মনোৰঞ্জন মূলক উৎসত হে বেছি সময় কটায় , যাৰ বাবে জীৱনৰ বিশেষ মূহুৰ্তত আউল লাগি যায় । So, guys don’t waste your time after useless things, learn some advance skills to upgrade your life.

ধন্যবাদ  ।

https://eduvarangia.com/5-free-online-tools-every-college-student-must-use/

Leave a comment