Know Questions and Answers of Sishu Leela – Class 9 Poem

শিশু লীলা (Sishu Leela) 

১. শংকৰদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল? Sishu Leela

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত , নগাঁৱৰ আলিপুখুৰীত Sishu Leela

শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি?

কীৰ্তন ঘোষাক শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি জনা যায়

.শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট খনৰ নাম কি?

চিহ্নযাত্ৰা

.শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা

ৰুক্মিণী হৰণ, পাৰিজাত হৰণ

অতি চমু প্ৰশ্নৰ উত্তৰ

. ‘কৃষ্ণগীত  গাৱন্ত সুন্দৰী।।কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন? Sishu Leela

কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হল নন্দৰজাৰ পত্নী যশোদা

. ‘কৰ্ণত কুন্দল দোলে আতিকাৰ কৰ্ণৰ কুন্দলৰ কথা কোৱা হৈছে?

যশোদাৰ কৰ্ণৰ কুন্দলৰ কথা কোৱা হৈছে

. ‘কাম্পে কোপে অৰুণ অধৰইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে

. ‘মথনিত ধৰিয়া নিষেধি – ‘মথনি শব্দৰ অৰ্থ কি?

মথনি শব্দৰ অৰ্থ হগাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি

. ‘নোজোড়ে আ‌‌ঙ্গুল দুই জৰী‘ – ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

কৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰীৰ নাটনি হৈছে

. ৰুণ ঝুণ কেয়ূৰ কঙ্কণইয়াত কাৰ কেয়ূৰ কঙ্কণ ৰ কথা কোৱা হৈছে?

নন্দজায়া যশোদাৰ

 

. ‘শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা |

শিশুলীলা পাঠটিত জগত ঈশ্বৰ শ্ৰী কৃষ্ণৰ মানৱীয় ৰূপ এটিৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে শিশুলীলাৰ আখ্যান ভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ বাল্যকালত মানৱ শিশু এটাই তেনেদৰে দুষ্টামি কৰে, মাকৰ মৰমআদৰ  বিচাৰি কান্দে , ঠিক তেনেকে শিশু কৃষ্ণ‌ও দৌৰি আহি দধি মথি থকা মাক যশোদাক সাবটি ধৰিছে আৰু মোক লগা বাবে মাকৰ গাখীৰ খাব বিচাৰিছে , তেনেতে আকৌ ওচৰতে তপতাই থকা গাখীৰৰ চৰুৰ পৰা গাখীৰ উথলি পৰা দেখি  মাকে কৃষ্ণক এৰি গাখীৰ নমাবলৈ দৌৰি গৈছে তাকে দেখি কৃষ্ণৰ খং উঠিছে আৰু কান্দি-কাটি বাউলী হৈ পৰিছে খঙতে কৃষ্ণই দৈৰ চৰু ভাঙি চাৰিওফালে সিঁচৰিত কৰিছে আৰু বান্দৰ বোৰকো খাবলৈ দিছে কৃষ্ণৰ এনে দুষ্টালিত মাকৰ খঙে চুলিৰ আগ পাইছেগৈ আৰু তেওঁক ধৰি এসেকা দিবলৈ খেদি ফুৰিছে

এনেধৰনৰ বৰ্ণনাই কৃষ্ণৰ মানৱীয় ৰূপ টো সুন্দৰ ভাবে প্ৰস্ফুটিত কৰিছে

 

. ‘মহাকোপে কোঠা পশিলন্ত সিঞ্চিৰাই লৱণু ভুজন্ত‘- কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণু বোৰ চাৰিওফালে চতিয়াই খাইছিল বুজাই লিখা.?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শিশুলীলা পাঠটিত শিশু কৃষ্ণৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পাঠটিত উল্লেখ কৰা মতে কৃষ্ণই দৌৰি আহি মাকৰ গাখীৰ খাবলৈ বিচাৰিছিল ঠিক তেনে মুহুৰ্ততে কাষতে তপতাই থকা গাখীৰৰ চৰুৰ পৰা গাখীৰ উথলি পৰিবলৈ ধৰা দেখি মাকে যশোদাই দৌৰি গাখীৰ নমাবলৈ গ, ইফালে মাকৰ গাখীৰ নাপাই কৃষ্ণই খঙতে অগ্নিশৰ্মা হৈ পৰিছে আৰু অতি খঙেৰে কোঠাত সোমাই দধিৰ পাত্ৰ বোৰ ভাঙি লৱণু বোৰ চাৰিওফালে চতিয়াই খাইছিল । Sishu Leela

 

.শংকৰদেৱৰ মহত্বম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে চমুকৈ লিখা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপে জনা যায় কীৰ্তন ঘোষাক বৰ্তমানৰ পৰা আনুমানিক ৫০০ বছৰ পূৰ্বে মহাপুৰুষ জনাই এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কীৰ্তন ঘোষা ৰচনা কৰিছিল ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেঁওলোকে বিভিন্ন ঠাই ঘূৰি ফুৰিছিল আৰু সেই সময়ছোৱাতে বিভিন্ন পুথি ৰচনা কৰিছিল, ঠিক তেনেদৰে কীৰ্তন ঘোষাৰ  অন্তৰ্গত বিভিন্ন খণ্ড সমূহ ভিন ভিন ঠাইত ৰচনা কৰিছিল আৰু অত যত সিচৰিত হৈ আছিল  শংকৰদেৱৰ পৰলোক গমনৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱে ৰামচৰণ ঠাকুৰক কীৰ্তন ঘোষাৰ বিভিন্ন অংশ সমুহ সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেইমৰ্মে ৰামচৰণ ঠাকুৰে ১৫৯৬ খৃ: সংগৃহীত অংশ সমূহ মাধৱ দেৱৰ হাতত অৰ্পণ কৰে

 

.তলত দিয়া বোৰৰ সমাৰ্থক শব্দ লিখা

কৰ্ণ = কাণ

অৰুণ= সূৰ্য

দধি= দৈ

বস্ত্ৰ= কাপোৰ

বদন= মুখ

লৱণু=গাখীৰৰ খৰ

কোপ= খং

দশন= দাঁত

দুগ্ধ= গাখীৰ

ঈশ্বৰ= ভগৱান

. তলত দিয়া শব্দ বোৰৰ আধুনিক অসমীয়া ৰূপ লিখা

তাহাঙ্ক= তেওঁ

নোজোৰে=নধৰে

খসি= আহি

ৰহিল=

আসি= আহি

শিলায়ে=শিলগুটি

কাম্পে=কপে

মাৱক= মাকক

বসি= বহি

প্ৰয়াসি= যত্ন কৰি

খেদন্ত= খেদিলে

 

Leave a comment