How to repent in front of Allah in Assamese ?

পাপৰ ক্ষমা বিচাৰি আল্লাহৰ ওচৰত দোৱা আৰু দোৱা কেনেকৈ কৰা উচিত

     How to repent in front of Allah? (Assamese version)

 

আচ্ছালামুআলাইকুম,  আজি মই আপোনালোকৰ লগত খুব প্ৰয়োজনীয় দোৱাকেইটামান share কৰিম, আশাকৰোঁ নিশ্চয় পঢ়ি  উপকৃত  । (repent)

আমি  প্ৰত্যেকেই জীৱনত কিছুমান এনেকুৱা ভুল অথবা পাপ কৰো যিবোৰ আমি আনৰ আগত প্ৰকাশ কৰিব নোৱাৰো অথবা কিছুমান ভুলৰ বাবে আনে আমাক ক্ষমাও কৰি নিদিয়েএই পাপবোৰৰ ক্ষমা একমাত্ৰ আল্লাহেই কৰিব পাৰে, তেৱেঁই দয়াৰসাগৰ ,সৰ্বশক্তিমান তেৱেঁই

এতিয়া আহকচোন  এনেভুলৰ বাবে ক্ষমা বিচাৰি আল্লাহৰ ওচৰত কিদৰে দোৱা কৰিব লাগে শিকো

1. ৰাব্বিকফিৰলী ৰাব্বিকফিৰলী (হে আল্লাহ মোক ক্ষমা কৰা, হে আল্লাহ মোক ক্ষমা কৰা) –  Aan nasai: 1146 , 1666 , Abu Dawud : 874

 2.আল্লাহুম্মাগফিৰলী ৱাৰহামনী ৱাহদীনী ৱাজুবুৰনী ৱাআফিনী ৱাৰজুকুনি ৱাৰফাঅনী ( হে আল্লাহ  ক্ষমা কৰক, মোৰ ওপৰত দয়া কৰক,মোকসুৰক্ষা প্ৰদান কৰক,  আৰু মোক উন্নত কৰক)- Ibn Majah: 3845, 1517 At- Tirmidhi : 284

এইটো দোৱাই আপোনাৰ আটাইবোৰ প্ৰয়োজন পুৰন কৰাত সহায় কৰে

3.আল্লাহুমাগফিৰলী চানবী কুল্লাহু দিক্কাহু ওৱাজিল্লাহু ৱা আবাল্লাহু ৱা আখিৰাহু ৱা আলানিয়াতা হুৱাচিৰ‌ৰাহু (হে আল্লাহ মোৰ আটাইবোৰ সৰু ডাঙৰ , প্ৰথম আৰু শেষ আৰু আটাইবোৰ বৰ্তমান আৰু অতীতৰ পাপ মোচনকৰা) –Abu Dawud: 878

(এই দোৱাটো আটাইবোৰ পাপৰপৰা আপোনাক উদ্ধাৰ কৰিব পাৰে)

 4.আল্লাহুম্মা ইন্নী আউজু বিৰাদ্দাকা মিন চাখাতিকা ৱা বিমুআফাতিকা মিনউকুবাতিকা ওৱা আউজুবিকা মিনকালা ওহছীতা আন্না আনআলাইকা আন্তা কামাআতনায়তা আলানাফচিকা ( হে আল্লা মই আপোনাৰ খঙৰ পৰা আপোনাৰ আনন্দত সুৰক্ষা বিচাৰো, আৰু মই আপোনাৰ শাস্তিৰ পৰা আপোনাৰ ক্ষমাত সুৰক্ষা বিচাৰো। মই আপোনাৰ পৰা   সুৰক্ষা বিচাৰো। মই আপোনাৰ প্ৰশংসা গণি শেষ কৰিব নোৱাৰো,)  -Abu dawud : 879, Ibn majah:3841

5.আল্লাহুম্মা ইন্নী যালামতু নাফছী জুলমান কাচীৰান ৱা লা য়াগফিৰুচ চুনুবা ইল্লাআনতা ফাগফিৰলী মাগফিৰাতান মিন ইন্দিকা ৱাৰাহমানী ইন্নাকা আনতাল গাফুৰুৰ ৰাহীম  ( হে আল্লা মই নিজকে বহুত অন্যায় কৰিছো আৰু কোনেও পাপ ক্ষমা নকৰে কিন্তু আপুনি পাৰে  গতিকে মোক ক্ষমা কৰক আৰু মোৰ ওপৰত দয়া কৰক। নিশ্চয়  আপুনি দয়ালুক ক্ষমা কৰিছে) – An nasa: 1303, Al bukhari: 834,6326, 7387, 7388

6. আল্লাহুম্মা আনতা ৰাব্বী লা ইলাহা ইল্লা আনা খালাকতানী ওৱা আনা আবদুক ৱা আনা আলা আহদিকা  ওৱা ওৱাআদিকা মাছতাতাআত আউজুবিকা মিন চাৰৰি মা চানাআত আবু ও বিচানবী ফাগফিৰলী ফা ইন্নাহু লা য়াগফিৰুচ চুনুবা ইল্লা আন( হে আল্লা তুমি মোৰ প্ৰভু, তোমাৰ বাহিৰে আন কাৰো পূজা কৰাৰ অধিকাৰ নাই। আপুনি মোক সৃষ্টি কৰিছে আৰু মই আপোনাৰ সেৱক আৰু মই আপোনাৰ আহ্বান মানি চলিছো আৰু যিমান পাৰি সিমান ভাল প্ৰতিজ্ঞা  কৰিছো। মই যি দুষ্টতাৰ পৰা আপোনাৰ ওচৰত আশ্ৰয় লৈছো, মোৰ ওপৰত আপোনাৰ অনুগ্ৰহ স্বীকাৰ কৰক আৰু মই মোৰ পাপস্বীকাৰ কৰো। গতিকে মোক ক্ষমা কৰক, কাৰণ আপোনাৰ বাহিৰে আন কোনেও পাপ ক্ষমা কৰিব নোৱাৰে) – Al bukhari 7:150

পাপ মোচনৰ বাবে এইটো এটা উত্তম দোৱা

7. ৰাব্বিকফিৰলী ৱা চুবআলাইকা ইন্নাকা আনাতাত তাৱাবুল গাফুৰ         ( মোৰ প্ৰভু মোক ক্ষমা কৰক আৰু মোৰ অনুতাপ স্বীকাৰ কৰক আপুনি সকলো ক্ষমাশীলতাৰ সৈতে সম্পৰ্কিত) at- Tirmidhi:3434 and Abu dawud:1516

 

এতিয়া আহকচোন, দোৱা কেনেদৰে কৰা উচিত সেইয়া শিকো

আমি প্ৰত্যেকেই সুখৰ সময়ত হ‌ওক অথবা দুখৰ সময়তে হ‌ওক আল্লাহৰ ওচৰত দোৱা বিচাৰো, কিন্তু আমি কেনেদৰে দোৱা কৰিলে আল্লাহে সন্তুষ্ট হয় ,সেইবিষয়ে আমি নাজানোআপুনি দোৱা কৰোতে এতিয়াৰে পৰা তলত উল্লেখ কৰা কথাবোৰ মনত ৰাখিব (repent)

. আনৰ বেয়া হ‌ওক বুলি দোৱা কৰিব নাপায়ধৰক কেতিয়াবা আপোনাৰ ওচৰচুবুৰীয়া বা ঘৰৰ কাৰোবাৰ লগত কাজিয়া লাগিল, অথবা আপোনাক কোনোবাই  মানসিক অথবা শাৰীৰিক আঘাত কৰিলেকিন্তু আপুনি কেতিয়াও তেওঁলোকৰ বেয়া হ‌ওক বুলি আল্লাহৰ ওচৰত দোৱা নকৰিব , এইয়াভুল আমি বহুতেই এনেকৈ কওঁ যে-“হে আল্লা সি মোক বিশ্বাস ঘাটকতা  কৰিছে সিও যাতে মোতকৈ  দুগুন বেয়া পৰিস্থিতিৰ মুখামুখি হয়” but this is wrong. আপুনি মাত্ৰ  ধৈৰ্য ধৰক

( আৰু মানুহে বেয়াৰ বাবে অনুৰোধ কৰে কিয়নো তেওঁ ভালৰ বাবে অনুৰোধ কৰে আৰু মানুহ সদায় খৰখেদা কৰে – Al israa17:verse 11)

. জীৱনত আমাৰ ভাল আৰু বেয়া দিন থাকেই, কিন্তু কেতিয়াও হতাশাত ভুগি নিজৰ সোনকালে মৃত্যু হ‌ওক অথবা হে আল্লাহ মোক সোনকালে মাৰি নিয়াএইবুলি দোৱা কৰিব নাপায়, এনেদৰে দোৱা কৰা একেবাৰে নিষিদ্ধ  ( আল্লাহৰ বাৰ্তাবাহক ছাল্লাল্লাহু আলাইহী ছাল্লাম কৈছিল “আপোনালোকৰ কোনেও তোমালোকৰ  ওপৰত হোৱা দুৰ্ভাগ্যৰ বাবে মৃত্যু  নিবিচাৰিব আল্লাহৰ ওচৰত এনেকৈ কোৱা উচিত – হে আল্লাই মোক জীয়াই ৰাখিব যেতিয়ালৈকে আপুনি জানে যে জীৱন মোৰ বাবে ভাল, আৰু মৃত্যু মোৰ বাবে ভাল হ’লে মোক মৰিবলৈ বাধ্য কৰক – Sahih al –bukhari 5671

. দোৱাৰ মাজত ইনশ্বাআল্লাহ কব নালাগেযেনেহে আল্লাহ যদি তুমি পাৰা অথবা ইনশ্বাআল্লাহ তুমি সহায় কৰিবাএইবুলি দোৱা নকৰিব , কাৰন আল্লাহে নোৱাৰা কাম একোৱেই নাই, তেৱেই সৰ্বেসৰ্বা , সেয়ে     ইনশ্বাআল্লাহ বুলি কৈ দোৱা বিচাৰিলে মহান  আল্লাহপাকক ঠাট্টা কৰাৰ নিচিনা হয়মাত্ৰ আপুনি দোৱা কৰোতেহে আল্লাহ মোক সহায় কৰক বা আপুনি যি বিচাৰি কয়…!” এনেদৰে দোৱা কৰিব

. দোৱা কৰাৰ  পিছত ফল প্ৰাপ্তিৰ বাবে  অধৈৰ্য্য হোৱা  আল্লাৰ বাৰ্তাবাহকে (শান্তি আৰু আশীৰ্বাদ তেওঁৰ ওপৰত থাকিব) কৈছিল, “আপোনালোকৰ প্ৰত্যেকৰে উত্তৰ দিয়া হ’ব। যেতিয়ালৈকে তেওঁ অধৈৰ্য্য নহয় আৰু কয়: মই অনুৰোধ কৰিছোঁ কিন্তু মোক উত্তৰ দিয়া হোৱা নাছিল Sahih al bukhari 5981 

5.কেবল সাংসাৰিক লাভৰ বাবে দোৱাযেনে আপুনি একেৰাহে ২০/৪০দিন ধৰি নামাজ পঢ়ি কেৱল মাত্ৰ সাংসাৰিক লাভৰ বাবে দোৱা কৰিছে, কিন্তু এইয়া ভুল আমাৰ বহুতেই আল্লাহৰ ওচৰত এনেদৰে দোৱা কৰো যে হে আল্লাহ মই যাতে অতি সোনকালে এখন বুলেট লʼব পাৰোহে আল্লাহ মই যাতে এইবাৰ এটা আইফোন লʼব পাৰো” “হে আল্লাহ অহা মাহত যাতে মই এখন ব্লেক ভাৰ্না লব পাৰোইত্যাদি

এনেদৰে আল্লাহৰ ওচৰত দোৱা কেতিয়াও নকৰিব সকলোৰে ভালৰ বাবেই দোৱা কৰকআমাৰ আৰু আপোনাৰ মনৰ মলিনতা আতৰিবৰ বাবে দোৱা কৰক, মনবোৰ পবিত্ৰ হোৱাৰ বাবে দোৱা কৰক

আজিলৈ bye , see you again . Be healthy and be happy. Ameen.

Leave a comment