Being alone – An Assamese poem

নীৰৱতা মোৰ প্ৰিয় Being alone

This is an Assamese poem – Theme – I love to be alone. Being alone or in solitude is not a bad idea sometimes. People in solitude can become more creative and productive. A solitary life has its own advantages and disadvantages.

কʼবলৈ যেতিয়া বহুকথা থাকে

শব্দবোৰে বাট হেৰুৱাই ।

ডিঙিলৈকে অহা অজস্ৰ শব্দক

বহু কষ্টেৰে গিলি থৈ দিওঁ ,

কিজানিবা শব্দ বোৰৰ বিস্ফোৰণত

ম‌ই নিজেই ক্ষত বিক্ষত হ‌ও….

নাইবা তুমি ।

নালাগে দিয়া বিস্ফোৰিত হʼবলৈ ।

শব্দবোৰ হৃদয়ৰ এচুকত গলি গলি শেষ হ‌ঁওক ।

ম‌ই অলপ শান্তি বিচাৰো ,

আজিকালি নীৰৱতা মোৰ প্ৰিয়

দুপৰ নিশাৰ নীৰৱতা মোৰ প্ৰিয় সময়।

কাহানিবাই সহস্ৰ কথাবোৰ

নীৰৱতাৰ পাহাড় খনত কবৰ দিছো ।

https://www.jonakaxom.in/2017/12/assamese-poem-for-love.html

Leave a comment