How to Control Emotion ? (in Assamese)

আবেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ?

আবেগৰ বৰ বিশেষ definition দিবলৈ মই নাযাঁও আমি সকলোৱে আবেগ কি সেইয়া জানো  খং, আবেগ,মৰম অভিমান, এনেধৰনৰ কিছুমান বস্তু আমাৰ জন্মগত (control emotion)

জীৱনত আমি প্ৰত্যেকেই আবেগিক মুহুৰ্ত কিছুমানৰ মুখামুখি হৈছো কিছুমান আবেগিক মুহুৰ্ত‌ই আমাৰ জীৱনৰ গতিয়েই সলনি কৰিছে, আৰু  কিছুমান আবেগিক মুহুৰ্ত‌ই জীৱন টোক এক নতুন গতি প্ৰদান কৰিছে।                

কিছুমান মানুহ জন্মগত ভাবে, অথবা বংশানুক্ৰমিক ভাবে বহুত বেছি আবেগিক ম‌ইয়ো যথেষ্ট আবেগিক মানুহ 

আবেগিক মানুহ বোৰৰ কিছুমান লক্ষ্যন হʼল

.কোনোবাই যদি অলপ বেছিকৈ প্ৰশংসা কৰি দিয়ে, তেতিয়াহʼলে একদম আবেগে আহি বুকু খনত হেঁচা মাৰি ধৰে, ক্ষনিকতে মানুহ জনৰ প্ৰতি অগাধ বিশ্বাস আহি যায়নিজৰ জান-প্ৰাণ দি দিবলৈঁও কুন্ঠাবোধ নকৰে

.আবেগিক মানুহ বোৰে আতি-গুৰি ভাবি নাচাই , তৎক্ষনাত সিদ্বান্ত এটাত উপনীত হয়

.আবেগিক মানুহবোৰক সহজেই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পৰা যায়

.এনে মানুহ বোৰে খুব সহজ-সৰল হয় |

. আবেগিক মানুহবোৰ স্বাৰ্থপৰ নহয়, এঁওলোক কিছু ক্ষেত্ৰত creative mind অৰ হয়

. আনৰ অহিত চিন্তা কৰিব নোৱাৰে, ইত্যাদি

কিন্তু দুখৰ কথা এইয়ে যে আপুনি বেছি আবেগিক হৈ আপোনাৰ কোনো লাভ নাই, পদে-পদে আপুনি আনৰ স্বাৰ্থৰ বলি । সুযোগ পালেই আনে আপোনাক নানা ক্ষেত্ৰত ব্যৱহাৰ কৰিব, মানসিক ভাবে আৰু শাৰীৰিক ভাবে আজিৰ পৃথিৱী খন স্বাৰ্থপৰ, বিনা স্বাৰ্থত আপোনাক কোনেও একো নিদিয়ে গতিকে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকক, তেতিয়াহে আপুনি মানসিক কষ্টৰ পৰা কিছু আঁতৰত থাকিব পাৰিব (control emotion)

আবেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিব

. যিকোনো সিদ্ধান্ত তৎকালীন ভাবে নলʼব, সেইয়া লাগিলে বিয়া-বাৰুৰ ক্ষেত্ৰতে হ‌ঁওক বা নিজৰ কৰ্ম জীৱনৰ ক্ষেত্ৰতে হ‌ঁওক

. কাৰো প্ৰশংসাত ভোল নাযাব, মানুহ জনে কি স্বাৰ্থ আগত ৰাখি আপোনাৰ প্ৰশংসা কৰিছে সেইয়া বিশ্লেষণ কৰক

.আবেগৰ বশবৰ্তী হৈ তৎক্ষনাত আনৰ আগত আপোনাৰ অতি গোপন কৰা বোৰ কৈ নিদিব, আপোনাৰ দুৰ্বলতাৰ সুযোগ আনে লৈ তাতকৈ আপোনাৰ গোপন কথাবোৰ ডায়েৰী এখনত লিখি ৰাখক

.আনক সহায় কৰক, কিন্তু নিজৰ যাতে অন্যায় নহয় তাৰ প্ৰতি ধ্যান ৰাখক

. আনক হিয়া উজাৰি সহায় কৰাৰ আগত মাত্ৰ এবাৰ ভাবক, আপোনাক কোনে কি স্বাৰ্থত ব্যৱহাৰ কৰিলে আৰু আপোনাক সেইসকলে কি উপহাৰ দিলে

.স্বাৰ্থপৰ হ‌বলৈ শিকক কিছুমান ক্ষেত্ৰত, কিন্তু কেতিয়াও আনৰ অহিত চিন্তা নকৰিব

. সকলো ক্ষেত্ৰতে এডাল লক্ষ্মন ৰেখা অংকন কৰি ৰাখক, সেই ৰেখা পাৰ হৈ আনৰ বাবে ইমানো তলত নানামিব ,ত নেকি আপোনাৰ নিজৰ অস্তিত্ব‌ই হেৰাই যায়

. আৰু আপুনি যেতিয়া নিজৰ আবেগক কত কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকি যাব , তেতিয়াহে আপোনাক আনে  মানসিক আৰু শাৰীৰিক ভাবে কষ্ট দিব নোৱাৰিব

. আবেগ খিনিক সদায় এটা positive energy লগত যোগ কৰক আৰু নিজৰ কৰ্মোদ্যম আৰু নিজৰ মুল্য বঢ়োৱাৰ চেষ্টা কৰক

ধন্যবাদ

Leave a comment